শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নতুন শক্তিৰে শক্তিমান হ'ব ভাৰতীয় সেনা, কঁপনি তুলিব শত্ৰুৰ ভেটিত

নতুন শক্তিৰে শক্তিমান হ’ব ভাৰতীয় সেনা, কঁপনি তুলিব শত্ৰুৰ ভেটিত

Raj Saikia
Raj Saikia | Edited By: Barasha Sarma | Updated On: 02 Jul 2025 21:09 PM

ত্ৰ অনুসৰি Defence Acquisition Council ৰ আগন্তুক বৈঠকত DRDO ৰ দ্বাৰা নিৰ্মিত কুইক ছাৰ্ফেচ টু এয়াৰ মিছাইল চিষ্টেম ক্ৰয় কৰিবলৈ সেনাই অনুমোদন লাভ কৰিব পাৰে। যাৰ বাবে প্ৰায় ৩০ হাজাৰ কোটি টকা খৰচ হ’ব পাৰে। যদি এই QRSAM সেনাই লাভ কৰে তেন্তে কোৱা বাহুল্য যে ভাৰতীয় সেনাৰ শক্তি একে সময়তে যথেষ্ট বৃদ্ধি হ'ব।

অপাৰেচন সেন্দূৰত ভাৰতীয় সেনাৰ শক্তি দেখি আচৰিত হৈ পৰিছে সমগ্ৰ বিশ্ব। আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তিয়ে আচৰিত কৰি তুলিছে প্ৰথম বিশ্বৰ দেশসমূহক। এইবাৰ আৰু অধিক বৃদ্ধি পাইছে ভাৰতৰ শক্তি । সহজ ভাষাত ক’বলৈ গ’লে ভাৰতীয় বায়ুসেনাই এতিয়া এনে অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছে যিয়ে শত্ৰুৰ বুকু কঁপাই তুলিব। এই সকলোবোৰ অস্ত্ৰ ভাৰততে নিৰ্মাণ কৰা হৈছে।

সূত্ৰ অনুসৰি Defence Acquisition Council ৰ আগন্তুক বৈঠকত DRDO ৰ দ্বাৰা নিৰ্মিত কুইক ছাৰ্ফেচ টু এয়াৰ মিছাইল চিষ্টেম ক্ৰয় কৰিবলৈ সেনাই অনুমোদন লাভ কৰিব পাৰে। যাৰ বাবে প্ৰায় ৩০ হাজাৰ কোটি টকা খৰচ হ’ব পাৰে। যদি এই QRSAM সেনাই লাভ কৰে তেন্তে কোৱা বাহুল্য যে ভাৰতীয় সেনাৰ শক্তি একে সময়তে যথেষ্ট বৃদ্ধি হ’ব।

Defence Acquisition Council ৰ বৈঠকত অধ্যক্ষতা কৰাৰ কথা আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সেনাবাহিনীৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে তাত আৰু কেইবাটাও পদক্ষেপ লোৱা হ’ব পাৰে বুলি জানিব পৰা গৈছে। সেনাৰ হাতলৈ আৰু বহুতো থলুৱা অস্ত্ৰ-শস্ত্ৰ আহিব পাৰে। ইয়াৰ ভিতৰত স্থল বাহিনীৰ বাবে নতুন ক্ষেপণাস্ত্ৰ ব্যৱস্থা, লগতে বায়ুসেনাৰ বাবে চোৰাংচোৱা বিমান। নৌসেনাৰ বাবে চাবমেৰিনকে ধৰি সকলো ধ্বংসাত্মক অস্ত্ৰ যোগান ধৰাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি এই সমগ্ৰ কাৰ্যসূচীত চৰকাৰে প্ৰায় এক লাখ কোটি টকা ব্যয় কৰিব পাৰে। এই সমগ্ৰ কাৰ্যকলাপৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাৰ হাতত থকা ৮৪খন ছুখৈ আৰু ৩০খন এম কে আই যুদ্ধ বিমান আধুনিকীকৰণৰ পৰিকল্পনা থাকিব পাৰে। যাৰ ফলত তেওঁলোকে শত্ৰুক নিঃশেষ কৰাত অধিক শক্তিবান হৈ পৰিব।