নিযুক্তি বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ পদক্ষেপ: সলনি হ’ব দেশৰ ছবি!

চহৰাঞ্চলত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ। কিন্তু মহিলাসকলৰ ক্ষেত্ৰত নিবনুৱাৰ হাৰ এতিয়াও পুৰুষতকৈ অধিক। উদাহৰণস্বৰূপে, নগৰত মহিলা নিবনুৱাৰ হাৰ হৈছে ৮.৪%, আনহাতে পুৰুষ নিবনুৱাৰ হাৰ হৈছে ৫.৭%।

নিযুক্তি বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ পদক্ষেপ: সলনি হব দেশৰ ছবি!

নিযুক্তি বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ পদক্ষেপ!

Updated On: 

07 Dec 2024 | 11:29 AM

বৰ্তমান সময়ত নিবনুৱাৰ সংখ্যা ভাৰতৰ বাবে এক গুৰুতৰ সমস্যা হৈ পৰিছে।  ইয়াক সঠিকভাৱে বুজিবলৈ আৰু সমাধান কৰিবলৈ সঠিক তথ্যৰ প্ৰয়োজন। এই দিশত, চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। যাৰ অধীনত মাহিলী নিবনুৱা তথ্যৰ জাৰী কৰাৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপ নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলৰ বাবে প্ৰযোজ্য হ’ব। যিয়ে নিযুক্তি আৰু নিবনুৱা পৰিস্থিতিৰ বিষয়ে অধিক স্পষ্টতা প্ৰদান কৰিব।

মাহিলী নিবনুৱা তথ্যৰ প্ৰয়োজনীয়তা

এতিয়ালৈকে, ভাৰতত নিবনুৱাৰ পৰিসংখ্যা কেৱল তিনিমহীয়া আৰু বাৰ্ষিক ভিত্তিত প্ৰকাশ কৰা হৈছিল। নগৰ অঞ্চলৰ বাবে নিবনুৱা তথ্য তিনিমহীয়াকৈ আৰু গ্ৰাম্য অঞ্চলৰ বাবে বছৰি প্ৰকাশ কৰা হৈছিল। এই পদ্ধতিটোৱে সময়ে সময়ে হোৱা পৰিৱৰ্তনশীল পৰিস্থিতিবোৰ সঠিকভাৱে অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়েহে, চৰকাৰে সিদ্ধান্ত লৈছে যে ফেব্ৰুৱাৰী ২০২৫ৰ পৰা  নিবনুৱাৰ তথ্য মাহিলী হিচাপত প্ৰকাশ কৰা হ’ব।  এই প্ৰক্ৰিয়াটো নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলৰ বাবে তথ্য উপলব্ধ হ’ব। যাৰ দ্বাৰা নিযুক্তি বজাৰৰ অৱস্থাৰ অধিক মূল্যায়ন কৰিবলৈ সক্ষম হ’ব।

আঁচনিখন কাৰ্যকৰী কৰিব পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে (MoSPI) । ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে নগৰীয়া নিবনুৱাৰ তথ্য ৩ মাহৰ মূৰত আৰু গ্ৰাম্য নিবনুৱাৰ তথ্য বাৰ্ষিক  মুকলি কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু এতিয়া ইয়াক প্ৰতি মাহে আপডেট কৰা হ’ব। যিয়ে শ্ৰমিক, নীতিনিৰ্মাতা আৰু অৰ্থনীতিবিদসকলক নিযুক্তিৰ পৰিস্থিতিৰ ওপৰত নতুন আৰু সঠিক তথ্য প্ৰদান কৰিব। যিয়ে নীতি আৰু আঁচনিবোৰ অধিক কাৰ্যকৰী কৰিব।

মহিলা নিবনুৱাৰ পাৰ্থক্য

শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি যদিও চহৰাঞ্চলত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ। কিন্তু মহিলাসকলৰ ক্ষেত্ৰত নিবনুৱাৰ হাৰ এতিয়াও পুৰুষতকৈ অধিক। উদাহৰণস্বৰূপে, নগৰত মহিলা নিবনুৱাৰ হাৰ হৈছে ৮.৪%, আনহাতে পুৰুষ নিবনুৱাৰ হাৰ হৈছে ৫.৭%। এই ক্ষেত্ৰত চৰকাৰে এই ব্যৱধান দূৰ কৰিবলৈ বিশেষ মনোযোগ দিব লাগিব। কিয়নো ইয়ে সূচায় যে মহিলা শ্ৰমিকসকলে নিযুক্তিৰ সুযোগ পুৰুষৰ সমানে লাভ কৰা নাই।

 

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে