Gold Price on 18 September: বৃহস্পতিবাৰৰ দিনটোত হ্ৰাস পাইছে সোণ-ৰূপৰ দাম, কিমান কমিল? সবিশেষ জানক…

Gold Silver Price in Guwahati on 18 September, 2025: বহুতে পূজাৰ সময়ত সোণৰ গহনা কিনিবলৈ বিচাৰে। কিন্তু বিগত কেইমাহমানৰ পৰা বৰ্ধিত দামৰ বাবে সোণ কিনাটো দূৰৰ কথা, দোকানৰ ওচৰলৈ যাবলৈও সাহস কৰা নাই। ৰূপৰ গহনাৰো দাম দ্ৰুতগতিত বৃদ্ধি পাইছে। এই পৰিস্থিতিত আজি বৃহস্পতিবাৰে সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ দাম।

Gold Price on 18 September: বৃহস্পতিবাৰৰ দিনটোত হ্ৰাস পাইছে সোণ-ৰূপৰ দাম, কিমান কমিল? সবিশেষ জানক...

সোণৰ দাম

Updated On: 

18 Sep 2025 | 02:20 PM

দুৰ্গা পূজাৰ বাবে মাত্ৰ কেইটামান দিন বাকী। বহুতৰে বজাৰ কৰা প্ৰায় শেষ হৈছে। কিন্তু নিজৰ প্ৰিয় মেখেলা-চাদৰযোৰ বা আন কাপোৰ কিনিলেও বহুতে এতিয়াও গহনা কিনিব পৰা নাই। বহুতে পূজাৰ সময়ত সোণৰ গহনা কিনিবলৈ বিচাৰে। কিন্তু বিগত কেইমাহমানৰ পৰা বৰ্ধিত দামৰ বাবে সোণ কিনাটো দূৰৰ কথা, দোকানৰ ওচৰলৈ যাবলৈও সাহস কৰা নাই। ৰূপৰ গহনাৰো দাম দ্ৰুতগতিত বৃদ্ধি পাইছে। এই পৰিস্থিতিত আজি বৃহস্পতিবাৰে সামান্য পৰিমাণে হ্ৰাস পাইছে সোণ-ৰূপৰ দাম। দুৰ্গা পূজাৰ আগতে যদি গহনা কিনিব বিচাৰে তেন্তে এয়া আপোনাৰ এক সোণালী সুযোগ।

আজি ১৮ ছেপ্তেম্বৰ, গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১১,১৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,০১,৯০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৩২,০০০ টকাত বিক্ৰী হৈছে। এতিয়া জানো আহক আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান হৈছে-

২৪ কেৰেট সোণৰ মূল্য-

আজি ১৮ ছেপ্টেম্বৰত ২৪ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১১,১১৭ টকা হৈছে। ১০ গ্ৰাম সোণৰ মূল্য ১,১১,১৭০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১১,১১,৭০০ টকা। এদিনত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭৬০ টকা হ্ৰাস পাইছে ।

২২ কেৰেট সোণৰ মূল্য-

আজি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১০,১৯০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,০১,৯০০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১০,১৯,০০ টকা। বুধবাৰৰ তুলনাত আজি ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৫০০ টকা হ্ৰাস পাইছে।

১৮ কেৰেট সোণৰ মূল্য-

১৮ কেৰেট সোণৰ ১ গ্ৰাম আজি মূল্য ৮,৩৩৮ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৮৩,৩৮০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য হ’ব ৮,৩৩,৮০০ টকা। এদিনত ৪০০ টকা হ্ৰাস পাইছে এই মূল্য।

ৰূপৰ মূল্য-

সোণৰ দৰে আজিও কমিছে ৰূপৰ দাম। আজি ১ গ্ৰাম ৰূপৰ মূল্য ১৩১ টকা হৈছে।একেদৰে ১ কেজি ৰূপৰ মূল্য ১ লাখ ৩১ হাজাৰ টকা। এদিনত ১০০০ টকা হ্ৰাস পাইছে ৰূপৰ মূল্য।

লগতে পঢ়ক: ড’নাল্ড ট্ৰাম্পেই হওক বা ৰাষ্ট্ৰপতি পুটিন, কিয় দুই মহাশক্তিয়ে বিচাৰে প্ৰধানমন্ত্ৰী মোদীক?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব