Gold Rate Today: আকৌ হ্ৰাস পালে সোণৰ দাম! আজি গুৱাহাটীৰ লগতে দেশৰ আন আন চহৰত কিমান দৰত বিক্ৰী হৈছে সোণ?

আজি পুনৰ দেশৰ বজাৰত সোণৰ দাম হ্ৰাস হোৱা দেখা গৈছে। দুপৰীয়া ২ বজালৈকে, গোল্ড MCXৰ মতে ১০ গ্ৰামত ৭৬,৭৮৬ টকাত ব্যৱসায় কৰি আছে সোণে। কোৱা হৈছে যে যে মুদ্ৰা নীতি সমিতিৰ বৈঠক আৰু ফেডাৰেল ৰিজাৰ্ভ বেংকৰ অধ্যক্ষৰ ভাষণৰ প্ৰভাৱ সোণৰ দামৰ ওপৰত দেখা গৈছে।

Gold Rate Today: আকৌ হ্ৰাস পালে সোণৰ দাম! আজি গুৱাহাটীৰ লগতে দেশৰ আন আন চহৰত কিমান দৰত বিক্ৰী হৈছে সোণ?

আকৌ হ্ৰাস পালে সোণৰ দাম!

Updated On: 

04 Dec 2024 | 04:58 PM

সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ । নিৰন্তৰভাৱে হ্ৰাস হৈ আহিছে সোণৰ দাম। MCXৰ মতে, সোণৰ ব্যৱসায় ০.০৬ শতাংশ হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৭৬,৭৮৬ টকা হৈছে। বৰ্তমান বিয়াৰ বতৰ চলি আছে। আগতে, এই সময়ত সোণৰ দাম বৃদ্ধি হৈছিল। কিন্তু যোৱা কেইদিনমানৰ পৰা, সোণৰ দাম হ্ৰাস পোৱা দেখা গৈছে। কোৱা হৈছে যে আজিৰে পৰা আৰম্ভ হোৱা মুদ্ৰা নীতি সমিতিৰ বৈঠকৰ প্ৰভাৱ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ফেডাৰেল বেংকৰ অধ্যক্ষৰ ভাষণ আজি সামগ্ৰীৰ বজাৰত দেখা যাব।

 কিয় হ্ৰাস পাইছে সোণৰ দাম ?

বছৰটোৰ অন্তিমখন মুদ্ৰা সমিতিৰ বৈঠক আজিৰ পৰা আৰম্ভ হৈছে। এই বৈঠকত, দামবৃদ্ধি আৰু ৰেপো ৰেট সম্পৰ্কে সিদ্ধান্ত লোৱা সম্ভাৱনা আছে।যাৰ প্ৰভাৱ আজি সোণৰ হাৰত দেখা গৈছে। ইয়াৰ লগতে, আজি ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ জেৰোম পাৱেলৰ ভাষণ। তেওঁৰ ভাষণৰ পিছত বৃদ্ধি হ’ব পাৰে ডলাৰৰ মূল্য। বহু বছৰ ধৰি এইটো এটা প্ৰৱণতা হৈ আহিছে যে যেতিয়া ডলাৰ বৃদ্ধি হয়, সোণৰ দাম হ্ৰাস পায়।

দেশৰ বিভিন্ন চহৰত সোণৰ দাম

ইটিৰ প্ৰতিবেদন অনুসৰি, ৪ ডিচেম্বৰ, ২০২৪ তাৰিখে, দিল্লীত ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,৪৬০ টকা আৰু ২৪ কেৰেট সোণৰ দাম হৈছে ৭৭,৯৪০ টকা। মুম্বাইত, ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৪,২৫০ টকা আৰু ২৪ কেৰেট সোণ ৭৭,৭৯০ টকাত বিক্ৰী হৈছে ।

আহমেদাবাদ আৰু পাটনাত সোণৰ দাম

আহমেদাবাদ আৰু পাটনাত প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণ ৭১,৩৬০ টকাত বিক্ৰী হৈছে । আনহাতে ২৪কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৮৪০ টকাত বিক্ৰী হৈ আছে। একেদৰে হায়দৰাবাদ, ভুৱনেশ্বৰ আৰু পুনেত, ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭১,৩১০ টকাত বিক্ৰী হৈছে। আনহাতে প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণ ৭৭,৭৯০ টকাত বিক্ৰী হৈ আছে।

গুৱাহাটীত সোণৰ দাম

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৭৭,৭৮০ টকা আৰু ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭১,৩০০ টকা। কালিৰ দিনটোত গুৱাহাটীত একেই দামতে বন্ধ হৈছিল সোণৰ ব্যৱসায় । পূৰ্বৰ তুলনাত অন্য স্থানতকৈ গুৱাহাটীত অপৰিৱৰ্তিত সোণৰ দাম।

 ৰূপৰ দাম কিমান?

আজি দেশত অপৰিৱৰ্তিত হৈ আছে ৰূপৰ দাম। আজিৰ বজাৰত এক কিলো ৰূপৰ  দাম ৯১ হাজাৰ টকা। গুৱাহাটীটো কিলো ৰূপ বিক্ৰী হৈ আছে ৯১ হাজাৰ টকাত।

 

লগতে পঢ়ক: লোকসভাত গৃহীত হ’ল বেংকিং আইন সংশোধনী বিধেয়ক: এজনৰ পৰিৱৰ্তে অন্তৰ্ভুক্ত কৰিব পাৰিব ৪গৰাকীকৈ নমিনী

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব