Gold prices fall: হোৰাহোৰে কমিছে সোণৰ দাম! সস্তীয়া হ’ল প্ৰায় ৪,৭৪৭ টকা…

Gold prices fall: এইচ ডি এফ চি ছিকিউৰিটিজৰ সোণ আৰু পণ্য বিভাগৰ মুৰব্বী অনুজ গুপ্তাৰ মতে সোণৰ মূল্য হ্ৰাসৰ মূল কাৰণ হ’ল ডলাৰ সূচকাংক হ্ৰাস। ডিচেম্বৰ মাহত ফেডৰ বৈঠকত সুতৰ হাৰ হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই বুলিও তেওঁ কয়।

Gold prices fall: হোৰাহোৰে কমিছে সোণৰ দাম! সস্তীয়া হল প্ৰায় ৪,৭৪৭ টকা...

গুৱাহাটীত কিমান উত্থান-পতন হৈছে সোণ-ৰূপৰ মূল্য?

Updated On: 

14 Nov 2024 14:32 PM

পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য। বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পে জয়লাভ কৰাৰ পাছতেই সোণৰ মূল্য ৬ শতাংতকৈ অধিক হ্ৰাস পাইছে। যাৰ বাবে মাল্টি ক’ম’ডিটি এক্সচেঞ্জত সোণৰ মূল্য ৭৪ হাজাৰ টকালৈ আহিছে। সোণৰ মূল্য হ্ৰাসৰ মূল কাৰণ হ’ল ডলাৰ সূচকাংক বৃদ্ধি আৰু চাহিদা হ্ৰাস পোৱা বুলি কোৱা হৈছে।বৰ্তমান ডলাৰ সূচকাংক ১০৭ৰ স্তৰত উপনীত হৈছে। যাৰ প্ৰভাৱ সোণৰ দামত স্পষ্টকৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ২৬০০ ডলাৰলৈ হ্ৰাস পাইছে। ট্ৰাম্পৰ বিজয়ৰ পিছত আমেৰিকাৰ বজাৰত সোণৰ মূল্য প্ৰায় ৭ শতাংশ হ্ৰাস পাইছে।

বৃহস্পতিবাৰে মাল্টি ক’ম’ডিটি এক্সচেঞ্জত সোণৰ মূল্যৰ বৃহৎ পৰিমাণে হ্ৰাস দেখা গৈছে। পুৱা ১১ বজাত সোণৰ মূল্য ৬৮৩ টকা হ্ৰাস পোৱাৰ বাবে প্ৰতি দহ গ্ৰাম সোণৰ মূল্য ৭৩,৭৯৯ টকা হৈছেগৈ। আনহাতে ব্যৱসায়িক ক্ষেত্ৰত সোণৰ মূল্য দিনটোৰ নিম্ন স্তৰত উপনীত হয় ৭৩,৭৬০ টকা। আনহাতে আজি পুৱা সোণৰ মূল্য ৭৩,৯৯৫ টকাত মুকলি হয়। আনহাতে এদিন আগতে সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৭৪,৪৮২ টকাত বন্ধ হৈছিল। পৰিসংখ্যা অনুসৰি ৫ নৱেম্বৰৰ পিছত সোণৰ মূল্য ৬ শতাংশ হ্ৰাস পোৱা দেখা গৈছে। অৰ্থাৎ ৭টা ব্যৱসায়িক দিনত সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৪,৭৪৭ টকা হ্ৰাস পাইছে।

সোণৰ মূল্য হ্ৰাসৰ মূল কাৰণ ডলাৰ সূচকাংক বৃদ্ধি হোৱা বুলি কোৱা হৈছে। তথ্য অনুসৰি বৰ্তমান ডলাৰ সূচকাংক ১০৬.৭২ ত ব্যৱসায় কৰা হৈছে।  এমাহৰ ভিতৰত ডলাৰ সূচকাংকত প্ৰায় ৩ শতাংশ বৃদ্ধি দেখা গৈছে। একে সময়তে ৩ মাহত সোণৰ মূল্য ৩.৬৪ শতাংশ বৃদ্ধি হোৱা দেখা গৈছে। চলিত বৰ্ষত ডলাৰ সূচকাংকত ৫.৩২ শতাংশ বৃদ্ধি দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে বছৰৰ শেষলৈকে ডলাৰৰ সূচকাংক ১০৮ৰ পৰা ১১০ৰ স্তৰত দেখা যাব পাৰে।

এইচ ডি এফ চি ছিকিউৰিটিজৰ সোণ আৰু পণ্য বিভাগৰ মুৰব্বী অনুজ গুপ্তাৰ মতে সোণৰ মূল্য হ্ৰাসৰ মূল কাৰণ হ’ল ডলাৰ সূচকাংক হ্ৰাস। ডিচেম্বৰ মাহত ফেডৰ বৈঠকত সুতৰ হাৰ হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই বুলিও তেওঁ কয়। যাৰ প্ৰভাৱ ডলাৰ সূচকাংক বৃদ্ধিৰ হোৱাৰ আৰু সম্ভাৱনা আছে।  এনে কাৰণৰ বাবে সোণৰ দাম কমিছে। তেওঁ কয় যে স্থানীয় পৰ্যায়তো সোণৰ মূল্য বৃদ্ধিৰ কোনো ট্ৰিগাৰ নাই। বিয়াৰ বতৰত কিছু চাহিদা দেখা পোৱা যাব পাৰে। যাৰ বাবে ভৌতিক বজাৰত চাহিদা দেখা যায় আৰু হ্ৰস্বম্যাদীভাৱে সোণৰ মূল্য সামান্য বৃদ্ধি হোৱা দেখা যায়।

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা