এদিনতে কমিল ২ হাজাৰ টকা! ধনতেৰাচ-দীপাৱলীৰ পূৰ্বেই সোণ ক্ৰয়ৰ ‘স্বৰ্ণিল’ সুযোগ

কেৱল এই বছৰতে সোণৰ মূল্য বিগত বছৰৰ তুলনাত প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। এই সপ্তাহতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। আজি অৱশ্যে সোণৰ মূল্য কিছু হ্ৰাস পাইছে। সোণৰ দাম কমিলেও পিছে আজি ৰূপৰ দাম বাঢ়িছে। চাওঁ আহক সবিশেষ তথ্য।

এদিনতে কমিল ২ হাজাৰ টকা! ধনতেৰাচ-দীপাৱলীৰ পূৰ্বেই সোণ ক্ৰয়ৰ ‘স্বৰ্ণিল’ সুযোগ

সোণৰ দাম

Published: 

10 Oct 2025 | 07:33 PM

ইতিমধ্যে হৈ গৈছে দুৰ্গা পূজা এই উৎসৱৰ পিছত এতিয়া ধনতেৰাচ আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে অপেক্ষা কৰিছে সকলোৱে স্বাভাৱিকতেই এই সময়ছোৱাত সোণৰ বিক্ৰী যথেষ্ট বৃদ্ধি পায়। কিন্তু এইবাৰ ছবিখন সম্পূৰ্ণ পৃথক দেখা গৈছে। এনে কাৰণত সোণৰ দোকানত ব্যাপক চৰ্চা। সোণকেন্দ্ৰিক এই চৰ্চাৰ কাৰণ হৈছে সোণৰ মূল্যবৃদ্ধি। কেৱল এই বছৰতে সোণৰ মূল্য বিগত বছৰৰ তুলনাত প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। এই সপ্তাহতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য।

আজি অৱশ্যে সোণৰ মূল্য কিছু হ্ৰাস পাইছে। সোণৰ দাম কমিলেও পিছে আজি ৰূপৰ দাম বাঢ়িছে। চাওঁ আহক সবিশেষ তথ্য-

২৪ কেৰেট সোণৰ মূল্য

আজি ১০ ২৪ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১২,২২৯ টকা হৈছে। আজি ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ২২ হাজাৰ ২৯০ টকা। এইদৰে এদিনত ১,৮৬০ টকা হ্ৰাস পাইছে দাম। সেই হিচাপত ১০০ গ্ৰাম সোণৰ মূল্য হ’ব ১২ লাখ ২২ হাজাৰ ৯০০ টকা। অৰ্থাৎ ১০০ গ্ৰাম সোণত এদিনতে ১৮ হাজাৰ ৬০০ টকা হ্ৰাস পাইছে।

২২ কেৰেট সোণৰ মূল্য

আজি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১১ হাজাৰ ২১০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ১২ হাজাৰ ১০০ টকা। তথ্য অনুসৰি ২২ কেৰেট সোণৰ ক্ষেত্ৰত এদিনতে ১৭০০ টকা হ্ৰাস পাইছে মূল্য। ইফালে ২২ কেৰেট সোণৰ ১০০ গ্ৰামৰ মূল্য আজি ১১ লাখ ২১ হাজাৰ টকা। অৰ্থাৎ এদিনত আজি ১৭ হাজাৰ টকা হ্ৰাস পাইছে মূল্য।

১৮ কেৰেট সোণৰ মূল্য

১৮ কেৰেট সোণৰ ১ গ্ৰামৰ মূল্য আজি ৯ হাজাৰ ১৭২ টকা হৈছে। সেই হিচাপত ১০ গ্ৰাম সোণৰ মূল্য ৯১ হাজাৰ ৭২০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য ৯ লাখ ১৭ হাজাৰ ২০০ টকা হৈছে। তথ্য মতে, আজিৰ দিনটোত ১৩ হাজাৰ ৯০০ টকা হ্ৰাস পাইছে।

ৰূপৰ মূল্য

সোণৰ দাম কমিছে যদিও পিছে আজি ৰূপৰ দাম বৃদ্ধি পাইছে। আজি ১০০ গ্ৰাম ৰূপৰ দাম ১৭ হাজাৰ টকা হৈছে। এইদৰে ১ কিলোগ্ৰাম ৰূপৰ মূল্য ১ লাখ ৭০ হাজাৰ টকা হৈছে। তথ্য মতে এদিনত ৩ হাজাৰ টকা বৃদ্ধি পাইছে ৰূপৰ মূল্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...