Gold Price: সস্তা হৈছে সোণৰ মূল্য, ৰূপৰ দামে বগাইছে জখলা!

একেৰাহে সোণৰ মূল্য বৃদ্ধিৰ পিছত এই সময়ত সোণৰ মূল্য হ্ৰাস পোৱা দেখি ক্ৰেতা আৰু বিক্ৰেতা উভয়ে সকাহ পাইছে। নিজৰ বাবেই হওক বা আপোনজনৰ বাবেই হওক, আজি সোণ কিনাৰ বাবে উত্তম দিন। গতিকে চাওক আজি সোণ-ৰূপৰ মূল্য কিমান?

Gold Price: সস্তা হৈছে সোণৰ মূল্য, ৰূপৰ দামে বগাইছে জখলা!
Published: 

06 Dec 2025 | 03:09 PM

এতিয়া বিয়াৰ বতৰ, যদি আপুনি সোণৰ গহনা কিনিবলগীয়া হয়, তেন্তে আজিয়েই সোণ কিনাৰ সঠিক সময়। গোটেই সপ্তাহটোত সোণৰ দাম অলপ অলপকৈ কমি আহিছে। আজি শনিবাৰে সোণৰ মূল্য ৫ হাজাৰ টকাতকৈও অধিক হ্ৰাস পাইছে। একেৰাহে সোণৰ মূল্য বৃদ্ধিৰ পিছত এই সময়ত সোণৰ মূল্য হ্ৰাস পোৱা দেখি ক্ৰেতা আৰু বিক্ৰেতা উভয়ে সকাহ পাইছে। নিজৰ বাবেই হওক বা আপোনজনৰ বাবেই হওক, আজি সোণ কিনাৰ বাবে উত্তম দিন। গতিকে চাওক আজি সোণ-ৰূপৰ মূল্য কিমান?

২৪ কেৰেট সোণৰ মূল্য-

আজি, ৬ ডিচেম্বৰত ২৪ কেৰেটৰ সোণৰ দাম একেকোবে ৫৪০০ টকা হ্ৰাস পায়। আজি ১ গ্রাম সোণৰ দাম হৈছে ১৩ হাজাৰ ১৫ টকা। ১০ গ্রাম সোণৰ দাম হৈছে ১ লাখ ৩০ হাজাৰ ১৫০ টকা। ১০০ গ্রাম সোণৰ দাম হৈছে ১৩ লাখ ১ হাজাৰ ৫০০ টকা। ১০ গ্রাম সোণৰ দাম এদিনত ৫৪০ টকা হ্ৰাস পায়।

২২ কেৰেট সোণৰ মূল্য-

২২ কেৰেটৰ ১ গ্রাম সোণৰ দাম আজি হৈছে ১১ হাজাৰ ৯৩০ টকা। ১০ গ্রাম সোণৰ দাম হৈছে ১ লাখ ১৯ হাজাৰ ৩০০ টকা। ১০০ গ্রাম সোণৰ দাম হৈছে ১১ লাখ ৯৩ হাজাৰ টকা। এদিনত ৫ হাজাৰ টকা দাম কমিছে ২২ কেৰেটৰ সোণৰ।

১৮ কেৰেট সোণৰ মূল্য-

১৮ কেৰেটৰ সোণৰ দামো হ্ৰাস পাইছে। আজি ১ গ্রাম সোণৰ দাম হৈছে ৯ হাজাৰ ৭৬১ টকা। ১০ গ্রাম সোণৰ দাম হৈছে ৯৭ হাজাৰ ৬১০ টকা। ১০০ গ্রাম সোণৰ দাম হৈছে ৯ লাখ ৭৬ হাজাৰ ১০০ টকা। এদিনত ৪১০০ টকা কমিছে ১৮ কেৰেটৰ সোণৰ দাম।

ৰূপৰ মূল্য-

সোণৰ দাম কমিলেও কিন্তু আজি ৰূপৰ দাম বৃদ্ধি পাইছে। আজি ১০০ গ্রাম ৰূপৰ দাম হৈছে ১৯ হাজাৰ টকা। ১ কেজি ৰূপৰ দাম হৈছে ১ লাখ ৯০ হাজাৰ টকা। এদিনত ৩ হাজাৰ টকা বাঢ়িছে ৰূপৰ দাম।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব