মধ্যবিত্তৰ সাধ্যৰ বাহিৰত! সোণৰ মূল্যবৃদ্ধিয়ে চকু কপালত তুলিব আপোনাৰ…

Gold price hike: পুনৰ বৃদ্ধি পাব পাৰে সোণৰ মূল্য। বিশ্বত চলি থকা বিভিন্ন সংঘাত, ট্ৰাম্পৰ শুল্ক যুদ্ধ আদিৰ বাবে সোণৰ মূল্য বৃদ্ধি হ'ব পাৰে। এটা কথা ক'ব পাৰি যে, এতিয়া সোণ ক্ৰয় কৰা মধ্যবিত্তৰ হাতৰ মুঠিৰ বাহিৰত গৈ আছে।

মধ্যবিত্তৰ সাধ্যৰ বাহিৰত! সোণৰ মূল্যবৃদ্ধিয়ে চকু কপালত তুলিব আপোনাৰ...

সোণৰ দাম

Published: 

07 Jul 2025 | 12:28 PM

মধ্যবিত্তৰ বাবে সোণৰ অলংকৰ পৰিধান কৰা এতিয়া যেন লাহে লাহে সপোন হৈ পৰিব। হোৰাহোৰে বৃদ্ধি পাইছে সোণৰ দাম।  বৰ্তমান ২৪ কেৰেট সোণৰ মূল্য ৯৮ হাজাৰৰ ভিতৰত। ২২ কেৰেটৰ সোণৰ দামেও অতিক্ৰম কৰিছে ৯০ হাজাৰৰ সীমা। সহজ ভাষাত ক’বলৈ হ’লে সোণ ক্ৰয় কৰা এতিয়া মধ্যবিত্ত শ্ৰেণীৰ হাতৰ মুঠিৰ বাহিৰলৈ গৈ আছে। অৱশ্যে বিশেষজ্ঞসকলে কয় যে এয়া মাত্ৰ আৰম্ভণিহে। বছৰৰ শেষলৈকে সোণৰ মূল্য আৰু অধিক বৃদ্ধি পাব পাৰে।

বিভিন্ন দেশৰ মাজত সংঘাত, ট্ৰাম্পৰ শুল্ক যুদ্ধকে ধৰি কেইবাটাও কাৰণত সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। যোৱা ডেৰ বছৰত সোণৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। আইচিআইচিআই বেংক গ্ল’বেল মাৰ্কেটছৰ পূৰ্বাভাস অনুসৰি চলিত বৰ্ষৰ দ্বিতীয়াৰ্ধত সোণৰ মূল্য বৃদ্ধি পাই থাকিব। অতি শীঘ্ৰে ১ লাখৰ সীমা অতিক্ৰম কৰিব সোণৰ মূল্যই।

প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰ প্ৰথমাৰ্ধত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৯৬,৫০০ টকাৰ পৰা ৯৮,০০০ টকাৰ ভিতৰত উঠা-নমা কৰিছিল যদিও দ্বিতীয়াৰ্ধত ১ লাখ টকাৰ সীমা অতিক্ৰম কৰিব।

বিগত কিছুদিনত সোণৰ মূল্য কিছু হ্ৰাস পাইছিল। ২২ কেৰেট সোণৰ মূল্য ৯০ হাজাৰৰ পৰা ৯২ হাজাৰ টকাৰ ভিতৰত থকাৰ বিপৰীতে ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯৬ হাজাৰৰ পৰা ৯৮ হাজাৰ টকাৰ ভিতৰত। কিছুদিন পূৰ্বে বিশুদ্ধ সোণে এক লাখৰ সীমা স্পৰ্শ কৰিছিল।

সোণৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে সোণৰ আমদানি যথেষ্ট হ্ৰাস পাইছে। মে’ মাহত ২.৫ বিলিয়ন ডলাৰৰ সোণ আমদানি কৰা হৈছিল । ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ৩.১ বিলিয়ন ডলাৰৰ সোণ আমদানি কৰা হৈছিল। ইয়াৰ মাজতে পৰৱৰ্তী সময়ত পুনৰ বৃদ্ধি পাব পাৰে সোণৰ মূল্য।

 

 

অন্য খবৰ পঢ়কঃ বয়স বিৰোধী ঔষধ! বুঢ়া নহ’বলৈ এজন ব্যক্তিয়ে কিমান টকা খৰচ কৰে? জানিলে হ’ব আচৰিত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...