আকৌ সোণৰ দাম বৃদ্ধি! আজিৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ দাম কিমান?

এটা সময়ত, সোণৰ দামত প্ৰতি ১০ গ্ৰামত ৮০ হাজাৰ টকা হৈছিল। কিন্তু তাৰ পিছত এই বৃদ্ধি হাৰ হ্ৰাস পাইছিল আৰু ই ৭৫ হাজাৰ টকালৈ নামি আহিছিল। অৱশ্যে, আকৌ এবাৰ সোণৰ দাম বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে।

আকৌ সোণৰ দাম বৃদ্ধি! আজিৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ দাম কিমান?

আকৌ সোণৰ দাম বৃদ্ধি!

Updated On: 

21 Nov 2024 10:07 AM

Gold Rate Today: বিগত কেইদিনমানৰ পৰা সোণৰ দাম পুনৰ বৃদ্ধি পাইছে। বৃহস্পতিবাৰৰ দিনটোত পুনৰ সোণৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। মাল্টি ক’ম’ডিটি এক্সচেঞ্জত (MCX) সোণে আকৌ এবাৰ ৭৫ হাজাৰ প্ৰতি ১০ গ্ৰামৰ সীমা অতিক্ৰম কৰিছে। আজি ৰাতিপুৱাৰ সময়ত সোণৰ ব্যৱসায় ০.২১ শতাংশ বৃদ্ধি হৈ ৭৬,১৯২ টকা পাইছে।

এটা সময়ত, সোণৰ দামত প্ৰতি ১০ গ্ৰামত ৮০ হাজাৰ টকা হৈছিল। কিন্তু তাৰ পিছত এই বৃদ্ধি হাৰ হ্ৰাস পাইছিল আৰু ই ৭৫ হাজাৰ টকালৈ নামি আহিছিল। অৱশ্যে, আকৌ এবাৰ সোণৰ দাম বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে।

যোৱা কিছু দিন ধৰি দেশত সোণ-ৰূপৰ দাম উঠা-নমা হৈছে আছে । বুধবাৰৰ দিনটোতো সোণৰ দাম পুনৰ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছিল । গুড ৰিৰ্টানচৰ তথ্য অনুসৰি, বুধবাৰ ভাৰতত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আছিল ৭০,৮১০ টকা। যোৱা মঙলবাৰে ইয়াৰ মূল্য আছিল ৭০,৮০০ টকা। অৰ্থাৎ বুধবাৰৰ দিনটোৰ ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০ টকা বৃদ্ধি পোৱা দেখা গৈছে । লগতে ২৪ কেৰেট সোণৰ মূল্য আছিল প্ৰতি ১০ গ্ৰামত ৭৭,২৩০ টকা।

ইফালে এইচডিএফচি চিকিউৰিটিজৰ তথ্য অনুসৰি বুধবাৰে  ৰাজধানীত দিল্লীত  সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১৫০ টকা হ্ৰাস হৈ ৭৭,৯০০ টকা হৈছিল। মঙলবাৰে ৯৯.৯ শতাংশ বিশুদ্ধতাৰ প্ৰতি ১০ গ্ৰাম সোণৰ দাম আছিল ৭৮,০৫০ টকা। ৯৯.৫ শতাংশ বিশুদ্ধতাৰ সোণ দাম মঙলবাৰে প্ৰতি ১০ গ্ৰামত ১৫০ টকা হ্ৰাস হৈ ৭৭,৫০০ টকা হৈছিল। যি ব্যৱসায় বন্ধৰ সময়লৈ ৭৭,৬৫০ টকাত উপনীত হৈছিল। মুদ্ৰা নিৰ্মাতা আৰু ঔদ্যোগিক গোটসমূহৰ দ্বাৰা অফটেক হ্ৰাস হোৱাৰ বাবে ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৫০০ টকা হ্ৰাস হৈ ৯৩,০০০ টকা হৈছিল। যি আগৰ ব্যৱসায়ত প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকাত বন্ধ হৈছিল। সোমবাৰে আৰু মঙলবাৰে, ৰূপৰ দাম ৩৩০০ টকাতকৈও অধিক বৃদ্ধি হৈছিল।

বিশেষজ্ঞসকলে কি কয়?

সামগ্ৰী বিশেষজ্ঞসকলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভে (ফেড) অনাগত দিনবোৰত  সূতৰ হাৰ হ্ৰাস নকৰে। যিটো পূৰ্বেও আশা কৰা হৈছিল। যাৰ বাবে সোণৰ দামৰ ওপৰত চাপ দেখা গৈছে। আনহাতে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বাঢ়ি অহা সংঘাতে মূল্যৱান ধাতুবোৰক কিছু সমৰ্থন প্ৰদান কৰিব পাৰে আৰু বিনিয়োগকাৰীৰ লোকচান হ্ৰাস হ’ব পাৰে। ইয়াৰ উপৰিও, ব্যৱসায়ীসকলে  সূতৰ হাৰ হ্ৰাসৰ বিষয় সন্দৰ্ভত  ফেডাৰেল অপেন মাৰ্কেট কমিটিৰ (এফ.ও.এম.চি.) সদস্যৰ মন্তব্যৰ বাবে  অপেক্ষা কৰি আছে।

আজি গুৱাহাটীত সোণৰ দাম কিমান ?

আজিৰ দিনটোত গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ৭, ১৪৫ টকা । যোৱা কালি ইয়াৰ মূল্য আছিল ৭,০৬৬  টকা ।   একেদৰে গুৱাহাটী ২৪ কেৰেট সোণৰ মূল্য আজিৰ দিনটোত প্ৰতি গ্ৰামত ৭,৭৯৫ হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭,৭০৮ টকা । ইয়াৰ সমান্তৰালভাৱে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৪৫০ টকা হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭১,১৫০ টকা । আজি গুৱাহাটী ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭, ৯৫০ টকা হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭৭,৬৬০ টকা ।

 

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...