ৰেকৰ্ড স্তৰতকৈ তললৈ নামিল সোণৰ দৰ, আজিৰ দিনটোত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ…

Gold Price today: ২৮ নৱেম্বৰ, বৃহস্পতিবাৰে মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) সোণৰ ব্যৱসায় আছিল ৭৬,৪৮৭ টকা। যি হৈছে আগৰ দিনতকৈ ২৯ টকা কম। ২৭ নৱেম্বৰ, বুধবাৰে MCXত সোণৰ দাম ৭৫,৯৫৩ টকাত বন্ধ হৈছিল। জানো আহক আজিৰ বজাৰত সোণৰ দাম কিমান?

ৰেকৰ্ড স্তৰতকৈ তললৈ নামিল সোণৰ দৰ, আজিৰ দিনটোত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ…

ৰেকৰ্ড স্তৰতকৈ তললৈ নামিল সোণ দৰ

Updated On: 

28 Nov 2024 | 04:16 PM

Gold price: বিগত কিছুদিন ধৰি দেশত সোণৰ দামত অস্থিৰতা দেখা গৈছে। ২৮ নৱেম্বৰ,বৃহস্পতিবাৰে মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) সোণৰ ব্যৱসায় ৭৬,৪৮৭ টকা। যি হৈছে আগৰ দিনতকৈ ২৯ টকা কম। ২৭ নৱেম্বৰ, বুধবাৰে MCXত সোণৰ দাম ৭৫,৯৫৩ টকাত বন্ধ হয়।

MCXত সোণ হ্ৰাস হোৱাৰ মুখ্য কাৰণ হৈছে ডলাৰ শক্তিশালী হোৱা। আন্তৰ্জাতিক বজাৰতো সোণৰ মূল্য হ্ৰাস হোৱা দেখা গৈছে। মুদ্ৰাস্ফীতি ক্ষেত্ৰত সকাহ নোপোৱাৰ বাবে, ফেডাৰেল ৰিজাৰ্ভৰ স্থিতিত সতৰ্কতা থাকিব পাৰে।

ভাৰতত সোণৰ দাম কিমান?

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি ভাৰতত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৭৩৫ টকা হৈছে,যাৰ অৰ্থ হৈছে ১০ গ্ৰাম সোণৰ মূল্য ৭,৩৫০ টকা। বুধবাৰৰ দিনটোত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য আছিল ৭৭,৫১০ টকা। ২২ কেৰেট সোণৰ দামৰ ক্ষেত্ৰত, ই প্ৰতি গ্ৰামত ৭,০৯৩টকা হৈছে। ইয়াৰ অৰ্থ হৈছে ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭০,৯৩০ টকা। বুধবাৰৰ দিনটোত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম আছিল ৭১,০৫০ টকা।

  1. দিল্লীৰ বজাৰত,আজি ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১ গ্ৰামত ৭,১০৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৫০ টকা।বুধবাৰৰ দিনটোত দিল্লীৰ বজাৰত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১ গ্ৰামত আছিল ৭,১২০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৬৬ টকা।
  2. মুম্বাইত আজি ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,০৯৩ আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৩৫ টকা। বুধবাৰৰ দিনটোত ২২ কেৰেট সোণৰ মূল্য আছিল প্ৰতি গ্ৰামত ৭,১০৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৫১ টকা।
  3. কলকাতাত, প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,০৯০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৩৫ টকা। বুধবাৰৰ দিনটোত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য আছিল ৭,১০৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৫১ টকা।
  4. চেন্নাইত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,০৯০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৩৫ টকা। বুধবাৰৰ দিনটোত ২২ কেৰেট সোণৰ মূল্য আছিল ৭,১০৫ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৭৫১ টকা।

গুৱাহাটীত সোণৰ দাম

দেশৰ লগতে গুৱাহাটীত সোণৰ মূল্যৰ ক্ষেত্ৰত দেশৰ বজাৰৰ তুলনাত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে। অসমতো প্ৰতি গ্ৰাম সোণৰ ক্ষেত্ৰত কালিৰ দৰতকৈ দেশৰ তুলনাত অধিক মূল্য হ্ৰাস পাইছে। আজি গুৱাহাটীত এক গ্ৰাম ১৮ কেৰেট সোণৰ দাম হৈছে ৫,৮০১ টকা। যি বুধবাৰৰ দিনটোত আছিল ৫,৮১৩ টকা। অৰ্থাৎ আজি দেশত ১০ গ্ৰাম ১৮ কেৰেট সোণৰ দৰ ৫৮,১১০ টকা হৈছে। যি বুধবাৰৰ দিনটোত আছিল ৫৮,১৩০ টকা

ইয়াৰ বিপৰীতে প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,০৯০ টকা। যি বুধবাৰৰ দিনটোত আছিল ৭,১০৫ টকা। ২৪ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত আজি ৭,৭৩৫টকা, যি বুধবাৰৰ দিনটোত আছিল ৭,৭৫১ টকা । আনহাতে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ ক্ষেত্ৰত ১০ গ্ৰামৰ মূল্য ক্ৰমে ৭০,৯০০ টকা আৰু ৭৭,৩৩৫ টকা। যি বুধবাৰৰ দিনটোত আছিল ৭১,০৫০ টকা আৰু ৭৭,৫১০ টকা। অৰ্থাৎ সোণ ক্ৰয়ৰ ক্ষেত্ৰত কালিৰ দৰতকৈ আজি বজাৰত কিছু সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...