Gold Price Today: পহিলা মাঘত হোৰাহোৰে কমিছে সোণৰ দাম! জানক মূল্য…

Gold Price Today: বছৰৰ আৰম্ভণিৰ পৰা সোণৰ মূল্য বজাৰত বৃদ্ধি হোৱা দেখা গৈছে। মাঘ বিহুৰ দিনা বজাৰত সোণৰ মূল্য তীব্ৰগতিত বৃদ্ধি পায়। কিন্তু পহিলা মাঘৰত দিনটোত পুনৰ দাম হ্ৰাস পোৱা দেখা যায়।

Gold Price Today: পহিলা মাঘত হোৰাহোৰে কমিছে সোণৰ দাম! জানক মূল্য...

সোণৰ মূল্য

Published: 

15 Jan 2026 | 12:42 PM

বছৰৰ আৰম্ভণিৰ পৰাই বৃদ্ধি পাইছে সোণৰ মূল্য। মাঘ বিহুৰ দিনটোতো সোণ আৰু ৰূপৰ মূল্য তীব্ৰগতিত বৃদ্ধি হোৱা দেখা যায়। এই দিনটোত প্ৰায় ১১,০০০ টকা পৰ্যন্ত সোণৰ মূল্য বৃদ্ধি হয়। সমান্তৰালকৈ ৰূপৰ মূল্যও বৃদ্ধি পায়। কিন্তু পহিলা মাঘৰ দিনটোত পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য। গতিকে আপুনি আজি যদি সোণ আৰু ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

আজি পহিলা মাঘত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট ১ গ্ৰাম সোণ ১৪,৩১৮ টকাত বিক্ৰী হৈছে। ১০ গ্ৰামৰ মূল্য ১,৪৩,১৮০ টকা। ১০০ গ্ৰামৰ মূল্য ১৪,৩১,৮০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৪,৪০,৪০০ টকা।  ১০০ গ্ৰাম সোণৰ দাম আজি ৮০০০টকাতকৈ অধিক হ্ৰাস পাইছে।

আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,১২৫ টকা। ১০ গ্ৰামৰ মূল্য ১,৩১,২৫০ টকা। ১০০ গ্ৰামৰ মূল্য ১৩,১২,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৩,২০,০০০ টকা। ১০০ গ্ৰামৰ মূল্য ৭০০০ তকৈ অধিক হ্ৰাস পাইছে।

আজি১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৭৩৯ টকা। ১০ গ্ৰামৰ মূল্য ১,০৭,৩৯০ টকা। ১০০ গ্ৰামৰ মূল্য ১০,৭৩,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১০,৮০,০০০টকা। ১৮ কেৰেট সোণৰ মূল্যও হ্ৰাস পাইছে।

পিছে আজি বৃদ্ধি পাইছে ৰূপৰ মূল্য। ১ গ্ৰামৰ মূল্য ২৯৫ টকা। ১০ গ্ৰামৰ মূল্য ২,৯৫০ টকা। ১০০ গ্ৰামৰ মূল্য ২৯,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ২৯,০০০ টকা। গতিকে সোণৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে আজি ৰূপৰ দাম বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

 

অন্য খবৰ পঢ়কঃ খাদ্য, বিচনাৰ পৰা অত্যাধুনিক সুবিধালৈ, কি কি বিশেষত্ব আছে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত?

ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
দৈনিক ৰঙা চাহ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পাৰে? জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি