বহাগত বিয়াৰ পৰিকল্পনা কৰিছে নেকি ? দ্ৰুতগতিত হ্ৰাস পাব সোণৰ মূল্য…

দ্ৰুত হাৰত সোণৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা গৈছে । আজি দিনটোত গুৱাহাটীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৯০ হাজাৰ ৬৬০ টকা । একে পৰিস্থিতি বিশ্ব বজাৰত । ৩ হাজাৰ ১০০ ডলাৰত চলিছে সোণৰ ব্যৱসায় ।

বহাগত বিয়াৰ পৰিকল্পনা কৰিছে নেকি ? দ্ৰুতগতিত হ্ৰাস পাব সোণৰ মূল্য...

প্ৰতীকী ফটো

Published: 

06 Apr 2025 | 01:59 PM

দ্ৰুতগতিত হ্ৰাস পাব পাৰে সোণৰ মূল্য । যোৱা কেইবা মাহ ধৰি সলনি হৈ আছে সোণৰ মূল্য । কিন্তু এইবাৰ দ্ৰুত হাৰত মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা গৈছে । আজি দিনটোত গুৱাহাটীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৯০ হাজাৰ ৬৬০ টকা । একে পৰিস্থিতি বিশ্ব বজাৰত । ৩ হাজাৰ ১০০ ডলাৰত চলিছে সোণৰ ব্যৱসায় ।

বজাৰ বিশেষজ্ঞৰ মতে, যদিও সোণৰ মূল্য বৃদ্ধি পাই আছে তথাপিও চিন্তাৰ কাৰণ নাই । আমেৰিকাৰ বিত্তীয় ব্যৱস্থাপনা সংস্থা মৰ্নিংষ্টাৰৰ বিশেষজ্ঞৰ মতে, হ্ৰাস পাব পাৰে সোণৰ মূল্য ! কোৱা হৈছে যে,অতি সোনকালে সোণৰ মূল্য এবাৰতে ১৮২০ ডলাৰলৈ হ্ৰাস পাব পাৰে। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত, যাৰ পৰিমাণ প্ৰায় ৫৫ হাজাৰ টকা।

কিন্তু হঠাতে সোণৰ দাম কিয় কমি যাব? সেই লৈয়ো উত্থাপন হৈছে প্ৰশ্ন । বজাৰ বিশেষজ্ঞৰ মতে, ট্ৰাম্পৰ বাণিজ্যিক ভাবুকিৰ পিছত বিশ্বৰ আৰ্থিক সংকটৰ আশংকাত বহু দেশে সোণ জমা কৰি ৰাখিছে। যাৰ বাবে মূল্য ভয়ংকৰভাৱে বৃদ্ধি পাইছে। কিন্তু এই কাৰ্য বন্ধ কৰাৰ সময় আহি পৰিছে ।

পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে সোণৰ উৎপাদন। ২০২৪ চনত ক্ৰয় বা ষ্টকৰ পৰিমাণ এই উৎপাদনতকৈ দুগুণ বৃদ্ধি পাইছিল। কিন্তু বিশেষজ্ঞই এই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰে। তেওঁলোকৰ মতে, যোৱা বছৰ ১০৪৫ টন সোণ মজুত কৰি ৰখা কেন্দ্ৰীয় বেংকসমূহে এইবাৰ সেই মজুত হ্ৰাস কৰিব। সেই সূত্ৰৰ ভিত্তিত চাহিদা কমি যাব আৰু মূল্যও হ্ৰাস পাব পাৰে ।

কিন্তু BoFA আৰু Goldman Sachs- দৰে প্ৰতিষ্ঠানে বিশেষজ্ঞৰ এই যুক্তি নাকচ কৰিছে। তেওঁলোকৰ মতে আৰু অধিক বৃদ্ধি পাব সোণৰ মূল্য। আগন্তুক কেইমাহমানৰ ভিতৰত সোণৰ মূল্য এক লাখ টকা হোৱা সম্ভাৱনা আছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...