বিয়াৰ বতৰত বাচিব নে জেপৰ খৰচ! সোণৰ বজাৰত দেখা গৈছে এনে স্থিতি, চাই লওক এতিয়াই | Gold and Silver Prices Remain Steady Today: Check the Latest Rates Before Buying in Assamese Assam news - Assam Tv9

বিয়াৰ বতৰত বাচিব নে জেপৰ খৰচ! সোণৰ বজাৰত দেখা গৈছে এনে স্থিতি, চাই লওক এতিয়াই

Updated On: 

18 Jan 2026 | 10:23 AM

বিয়া বুলিলেই সোণৰ অলংকাৰৰ প্ৰয়োজনীয়তা। গতিকে বজাৰত সোণ-ৰূপৰ দৰৰ ওপৰত গ্ৰাহকসকলৰ দৃষ্টি থাকে। যোৱা কিছুদিন ধৰি সোণ আৰু ৰূপৰ মূল্য যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছিল। পিছে আজি বজাৰত কিমান হ’ব সোণ-ৰূপৰ দাম?

1 / 5মাঘ মাহ মানেই অসমীয়া সমাজত বিয়াৰ বতৰ। ইফালে বিয়া বুলিলেই সোণৰ অলংকাৰৰ প্ৰয়োজনীয়তা। গতিকে বজাৰত সোণ-ৰূপৰ দৰৰ ওপৰত গ্ৰাহকসকলৰ দৃষ্টি থাকে। যোৱা কিছুদিন ধৰি সোণ আৰু ৰূপৰ মূল্য বাঢ়িছিল যদিও আজি স্থিৰতা থাকিব।

মাঘ মাহ মানেই অসমীয়া সমাজত বিয়াৰ বতৰ। ইফালে বিয়া বুলিলেই সোণৰ অলংকাৰৰ প্ৰয়োজনীয়তা। গতিকে বজাৰত সোণ-ৰূপৰ দৰৰ ওপৰত গ্ৰাহকসকলৰ দৃষ্টি থাকে। যোৱা কিছুদিন ধৰি সোণ আৰু ৰূপৰ মূল্য বাঢ়িছিল যদিও আজি স্থিৰতা থাকিব।

2 / 5

বিনিয়োগকাৰীৰ বাবে আটাইতকৈ শুদ্ধ মানৰ ২৪ কেৰেট সোণৰ মূল্য আজি প্ৰতি গ্ৰামত ১৪,৩৭৮ টকাত স্থিৰ আছে। অৰ্থাৎ ১০ গ্ৰাম বা এক তোলা ২৪ কেৰেট সোণ ক্ৰয় কৰিবলৈ গ্ৰাহকে আজি ১,৪৩,৭৮০ টকা খৰচ কৰিব লাগিব।

3 / 5

গ্ৰাহকৰ মাজত আটাইতকৈ জনপ্ৰিয় তথা অলংকাৰ নিৰ্মাণত ব্যৱহৃত ২২ কেৰেট সোণৰ মূল্য আজি প্ৰতি গ্ৰামত ১৩,১৮০ টকাত অপৰিৱৰ্তিত আছে। সেই অনুসৰি, আজি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য হ’ব ১,৩১,৮০০ টকা।

4 / 5

আনহাতে, ১৮ কেৰেট সোণৰ মূল্য আজি প্ৰতি গ্ৰামত ১০,৭৮৪ টকাত স্থিৰ আছে। যাৰ ফলত ১০ গ্ৰাম ১৮ কেৰেট সোণৰ দৰ আজি হ’ব ১,০৭,৮৪০ টকা। দেশৰ বজাৰৰ লগতে গুৱাহাটীৰ বজাৰতো এই মূল্য দেখা যাব।

5 / 5

কেৱল সোণেই নহয়, ৰূপৰ মূল্যটো আজি স্থিৰতা দেখা গৈছে। যোৱা কিছুদিনত ৰূপৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল। আজি প্ৰতিগ্ৰাম ৰূপ ২৯৫ টকাত উপলব্ধ হ’ব। এই দৰ অনুসৰি আজি কিলোগ্ৰাম ৰূপৰ মূল্য হ’ব ২,৯৫,০০০ টকা।

যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
নহৰুৱে দূৰ কৰিব আপোনাৰ সংসাৰৰ সমস্যা! জানি হ'ব আচৰিত
শীতকালত কল খোৱা মানেই সমস্যা ভয়াৱহ! এইসকল লোকে সম্বৰণ কৰক কলৰ লোভ
শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি