Guwahati Gold Price Today: সোণ-ৰূপৰ গহনা কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দৰ
প্ৰেমৰ সপ্তাহ শেষ, এতিয়া আৰম্ভ হৈছে বিয়াৰ বতৰ। বিয়াত কইনাক সোণৰ গহনা উপহাৰ হিচাপে দিয়াৰ পৰম্পৰা আছে। কিন্তু সোণৰ দাম যি হাৰত বৃদ্ধি পাইছে, সোণৰ উপহাৰ দিয়াটো কঠিন হৈ পৰিছে। এনে ক্ষেত্ৰত জানো আহক গুৱাহাটীত কিমান সোণ-ৰূপৰ মূল্য।

সোণ-ৰূপৰ গহনা কিনাৰ পৰিকল্পনা কৰিছে নেকি?
আজি ১৬ ফেব্ৰুৱাৰীত, আজিৰ দিনটোত সোণৰ মূল্য স্থিৰ আছে। ইয়াৰ আগতে একেৰাহে দুদিন ধৰি সোণৰ মূল্য বৃদ্ধি পাইছিল। ইফালে, ৰূপৰ মূল্যতো স্থিৰতা দেখা গৈছে। যদি আপুনি সোণ বা ৰূপ ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে আজি গুৱাহাটীৰ সোণ আৰু ৰূপৰ শেহতীয়া মূল্যৰ বিষয়ে জানো আহক।
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, গুৱাহাটীত আজি ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৮৯০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৬০৭ টকা। ইফালে শনিবাৰৰ দিনটোত গুৱাহাটীত একেই আছিল ১ গ্ৰাম সোণৰ মূল্য। যদি আমি ১০ গ্ৰাম সোণৰ মূল্য চাবলৈ যাও, তেন্তে শনিবাৰ আৰু দেওৱাৰে গুৱাহাটীৰ বজাৰত ৭৮,৯০০ টকা হৈ আছে সোণৰ।
আনহাতে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৬০৭ টকা আৰু ১০ গ্ৰাম সোণৰ মূল্য ৮৬,০৭০ টকা হৈছে। যদি শনিবাৰৰ বজাৰৰ কথা কও, তেন্তে সোণৰ দাম সুস্থিৰ আছে।
ইয়াৰোপৰি, আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০০.৫০ টকা। ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত ৰূপৰ মূল্য আছিল ১০ গ্ৰামত ১,০৮০ টকা।