বয়স বিৰোধী ঔষধ! বুঢ়া নহ’বলৈ এজন ব্যক্তিয়ে কিমান টকা খৰচ কৰে? জানিলে হ’ব আচৰিত…

আজিকালি বহুতে ছাল ধুনীয়া আৰু বয়স কম কৰিবলৈ ঔষধ সেৱন কৰে। ইয়াৰ বাবে মানুহে বছৰি লাখ লাখ টকা খৰচ কৰে। পিছে আপুনি জানেনে, ইয়াৰ বাবে এজন ব্যক্তিৰ কিমান টকা খৰচ হয়?

বয়স বিৰোধী ঔষধ! বুঢ়া নহবলৈ এজন ব্যক্তিয়ে কিমান টকা খৰচ কৰে? জানিলে হব আচৰিত...

শ্বেফালী জেৰিৱালা

Updated On: 

04 Jul 2025 10:36 AM

কিছুদিন পূৰ্বে মৃত্যু হোৱা শ্বেফালী জেৰিৱালাৰ মৃত্যুই বলীউড আৰু অনুৰাগীসকলক জোকাৰি গৈছে। সামাজিক মাধ্যমত চৰ্চা চলিছিল যে, বয়স বৃদ্ধি বিৰোধী চিকিৎসাৰ বাবে তেওঁৰ মৃত্যু হয়। অৱশ্যে এই কথা এতিয়ালৈক নিশ্চিত হোৱা নাই। পিছে শ্বেফালীৰ ঘটনাৰ পাছতে এতিয়া পুনৰ এবাৰ গ্লুটাথিয়নৰ (Glutathione) দৰে বয়স বৃদ্ধি প্ৰতিৰোধী ঔষধৰ ওপৰত বিতৰ্ক আৰম্ভ হৈছে। গ্লুটাথিয়ন আজিকালি যথেষ্ট ট্ৰেণ্ডিঙত আছে। যিকোনো ই-কমাৰ্চ প্লেটফৰ্ম আৰু মেডিকেল ষ্ট’ৰত ই সহজেই উপলব্ধ।

বয়স কম কৰাৰ লগতে সৌন্দৰ্য বৃদ্ধিৰ বাবে এই ঔষধে কাম কৰে বুলি কোৱা হয়। কিন্তু এই ঔষধ সেৱন কৰাটো অতি বিপদজনক আৰু ইয়াৰ ফলত আপোনাৰ জীৱন ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত প্ৰশ্ন হয়, ভাৰতত Glutathione ৰ দাম কিমান আৰু এন্টি এজিঙৰ বাবে মানুহে কিমান খৰচ কৰে ?

Glutathione কি

Glutathione হৈছে এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট যিয়ে শৰীৰত উপস্থিত বিষাক্ত উপাদানসমূহ আঁতৰাই ছালখনক উজ্জ্বল আৰু ধুনীয়া কৰি তোলে। ই ছালৰ বয়স কম কৰাত সহায় কৰে।  কোৱা হয়, এই ঔষধ ব্যৱহাৰ কৰিলে মানুহৰ বয়স কম দেখায়।

ভাৰতত দাম

ভাৰতত এই বেজী বা টেবলেটৰ মূল্য ১৫০০ টকাৰ পৰা ৭০০০ টকা পৰ্যন্ত। কোনোবাই বেজীৰ জৰিয়তে ইয়াৰ চিকিৎসা গ্ৰহণ কৰিব পাৰে। এনে অৱস্থাত অধিক খৰচ হয়। বেজীৰ সহায়ত এই চিকিৎসা গ্ৰহণ কৰিলে ৫০ হাজাৰৰ পৰা ২ লাখ টকালৈ বৃদ্ধি পাব পাৰে। বহু চেলিব্ৰেটী আৰু সাধাৰণ মানুহে ধুনীয়া আৰু নিজকে ডেকা কৰি ৰাখিবৰ বাবে এই ঔষধ ব্যৱহাৰ কৰে।

সৌন্দৰ্য চৰ্চাৰ বজাৰখন এন্টি এজিং ক্ৰীম, পিল, বেজী আৰু থেৰাপীৰে ভৰপুৰ। এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ মানুহে কেৱল ছালৰ যত্ন আৰু বয়স বৃদ্ধি বিৰোধী চিকিৎসাৰ বাবে বছৰি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে। বিশেষকৈ ৩০ বছৰৰ পাছত মানুহে উজ্বল ছাল পাবলৈ আৰু বয়স বৃদ্ধিৰ ৰেখা আঁতৰ কৰিবলৈ লাখ লাখ টকা খৰচ কৰে।

ছাল ধুনীয়া আৰু বয়স কম কৰাৰ বাবে গ্লুটাথিয়ন ভাৰতত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। অৱশ্যে ইয়াৰ দাম ফৰ্ম অনুসৰি বেলেগ হয়। মানুহে বেজীৰ বাবে প্ৰতি ড’জত ৬,০০০ৰ পৰা ১৫,০০০ টকা, টেবলেট/কেপচুলৰ বাবে প্ৰতিমাহে ১৫০০ৰ পৰা ৫,০০০ টকা, ফেচিয়েল/থেৰাপীৰ বাবে প্ৰতিটো ছেশ্যনত ৩,০০০ৰ পৰা ১০,০০০ টকা খৰচ কৰে।

এই ঔষধে বহু ক্ষতিও কৰে। ইয়াপ ফলত বৃক্ক, যকৃত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে এই ঔষধ গ্ৰহণ কৰাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ অভিনেত্ৰী দীপিকা পাডুকনৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান? এই কামৰ বাবে দিব লাগিব বছৰি ৭৩ লাখ টকা…

নিশা শোৱাৰ পূৰ্বে মোবাইল চাই নেকি? আপোনাৰ শৰীৰত এই অভ্যাসৰ কেনে প্ৰভাৱ পৰে চাওক...
আপোনাৰ চুলি পকিছে নেকি? এই সমস্যা ৰোধ কৰাৰ ঘৰুৱা উপায় জানক...
জীৱনত এই কেইটা ভুল কেতিয়াও নকৰিব, নহ’লে জীৱন সৰ্বনাশ!
বৃদ্ধি কৰিব শৰীৰৰ শক্তি, তালিকাত ৰাখক এইসমূহ খাদ্য