পছন্দৰ খাদ্যৰ লোভ থাকিব জিভাতে! বছৰৰ শেষলৈ আপুনি নাপায় কোনো অনলাইন ডেলিভাৰীৰ সুবিধা

এক নতুন বছৰৰ আগমনৰ আনন্দত সকলোৱে ৰং-তামাচাৰে পাৰ্টি কৰে। বহুলোকে নিজ ঘৰতে পাৰ্টি কৰি এই আনন্দ উপভোগ কৰে। পিছে বছৰৰ শেষলৈ আপুনি প্ৰয়োজনীয়তা অনুসৰি অনলাইন শ্বপিং হওক বা তৎক্ষণাত ডেলিভাৰীৰ সুযোগ লাভ নকৰিব।

পছন্দৰ খাদ্যৰ লোভ থাকিব জিভাতে! বছৰৰ শেষলৈ আপুনি নাপায় কোনো অনলাইন ডেলিভাৰীৰ সুবিধা

বছৰৰ শেষলৈ বন্ধ অনলাইন ডেলিভাৰী

Updated On: 

27 Dec 2025 13:47 PM

নতুন বৰ্ষ ২০২৬ক আদৰিবলৈ সাজু হৈছে সকলো। সেয়ে বছৰৰ শেষত এতিয়া সকলো লোকৰ মাজত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। এক নতুন বছৰৰ আগমনৰ আনন্দত সকলোৱে ৰং-তামাচাৰে পাৰ্টি কৰে। বহুলোকে নিজ ঘৰতে পাৰ্টি কৰি এই আনন্দ উপভোগ কৰে। পিছে বছৰৰ শেষলৈ আপুনি প্ৰয়োজনীয়তা অনুসৰি অনলাইন শ্বপিং হওক বা তৎক্ষণাত ডেলিভাৰীৰ সুযোগ লাভ নকৰিব। কিয়নো ডেলিভাৰী আৰু চুক্তিভিত্তিক কৰ্মীসকলে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে।

ছুইগি, জ’মাটো, জেপ্ট’, ব্লিংকিট, আমাজন, ফ্লিপকাৰ্ট আদিকে ধৰি ই-কমাৰ্চ চাইটসমূহৰ ডেলিভাৰী কৰ্মীসকলে এই ধৰ্মঘটৰ আহ্বান জনাইছে। ২৫ ডিচেম্বৰ আৰু ৩১ ডিচেম্বৰত এই ধৰ্মঘটৰ আহ্বান জনাইছে ডেলিভাৰী কৰ্মীসকলে। ইতিমধ্যে ২৫ ডিচেম্বৰত ডেলিভাৰী কৰ্মীসকলে ধৰ্মঘট ৰূপায়ণ কৰিছে।

কিন্তু ২৫ ডিচেম্বৰতকৈ এতিয়া অহা ৩১ ডিচেম্বৰত এই ধৰ্মঘট অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে। দুৰ্বল কৰ্ম পৰিৱেশ, উচিত মজুৰি দিবলৈ অস্বীকাৰ, সামাজিক সুৰক্ষা আৰু শ্ৰমিকৰ প্ৰতি সন্মানৰ দাবীত ধৰ্মঘটৰ আহ্বান জনাইছে ডেলিভাৰী কৰ্মীসকলে।

তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰছ ইউনিয়ন, চমুকৈ TGPWU আৰু ইণ্ডিয়ান ফেডাৰেচন অৱ এপ বেছড ট্ৰেঞ্চপ’ৰ্ট ৱৰ্কাৰছে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে শেষ মুহূৰ্তত ডেলিভাৰীৰ প্ৰয়োজন হোৱাৰ বাবে বিশেষকৈ উৎসৱৰ বতৰ আৰু পিক আৱাৰ্ছত কৰ্মীসকলে দীঘলীয়া সময় কাম কৰিবলৈ বাধ্য হৈছে।

ডেলিভাৰী কৰ্মীসকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্বচ্ছ আৰু ন্যায্য মজুৰিৰ দাবী জনাইছে। বিশেষকৈ ১০ মিনিটৰ ডেলিভাৰী প্ৰত্যাহাৰৰ দাবী জনাইছে কৰ্মীসকলে। লগতে আইডি ব্লক আৰু ফাইনৰ নিয়ম প্ৰত্যাহাৰ, কৰ্মীৰ সুৰক্ষাৰ বাবে সুৰক্ষা সামগ্ৰীৰ ব্যৱস্থা, নিশ্চিত কৰ্ম সুযোগ, কৰ্মৰ প্ৰতি সন্মান, গ্ৰাহকৰ পৰা উচিত ব্যৱহাৰৰ দাবী উত্থাপন কৰিছে।

লগতে নিৰ্দিষ্ট কৰ্মৰ সময়, বাধ্যতামূলক জিৰণি সময়, কাৰিকৰী সহায়, চাকৰিৰ সুৰক্ষা, স্বাস্থ্য বীমা, দুৰ্ঘটনা কভাৰেজ আৰু পেঞ্চনৰ দৰে সুবিধাৰ দাবী উত্থাপন কৰিছে কৰ্মীসকলে। এই বিষয়ত চৰকাৰক হস্তক্ষেপ কৰিবলৈও অনুৰোধ জনাইছে প্ৰতিবাদকাৰী ডেলিভাৰী কৰ্মীসকলে।

চুলিৰ পৰা হাড়লৈ, ক'লা তিলৰ স্বাস্থ্য উপকাৰিতা জানক
শীতকালত প্ৰতিদিনে বিলাহীৰ চুপ খালে দেখিব শৰীৰৰ পৰিৱৰ্তন!
কিমান পঢ়া-শুনা কৰিছে বলীউডৰ ভাইজান চলমান খানে? জানি হ'ব আচৰিত!
সপোনত কাজিয়াৰ দৃশ্য দেখিছে নেকি? এনে সপোন শুভ নে অশুভ, জানি লওক এতিয়াই
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...