এতিয়া অধিক সহজে লাভ কৰিব ঋণ! ক্ৰেডিট স্ক’ৰৰ নিয়মত ঘটিব বৃহৎ পৰিৱৰ্তন

যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাৰণত ধনৰ প্ৰয়োজনীয়তাৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰি আছে, এই পৰিকল্পনা এতিয়া সহজে পূৰ হ’ব পাৰে। অৰ্থাৎ ঋণ লাভ এতিয়া যথেষ্ট সহজ হৈ পৰিছে। কিদৰে সম্ভৱ হ’ব এয়া? জানো আহক।

এতিয়া অধিক সহজে লাভ কৰিব ঋণ! ক্ৰেডিট স্ক’ৰৰ নিয়মত ঘটিব বৃহৎ পৰিৱৰ্তন

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

07 Dec 2025 15:22 PM

নতুন এটি বছৰৰ আৰম্ভণিলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। এটি বৰ্ষৰ বিদায়ৰ সময়ত আৰু নতুন বছৰটিৰ আগমনৰ ক্ষণত সাধাৰণতে সকলোৱে শুভ কোনো বাৰ্তাৰ আশা কৰে। সেই অনুসৰিয়েই আপোনাৰ বাবে নতুন বছৰটিৰ প্ৰাকক্ষণত আহিছে এক শুভ বাৰ্তা। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাৰণত ধনৰ প্ৰয়োজনীয়তাৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰি আছে, এই পৰিকল্পনা এতিয়া সহজে পূৰ হ’ব পাৰে। অৰ্থাৎ ঋণ লাভ এতিয়া যথেষ্ট সহজ হৈ পৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ এক ডাঙৰ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ এই ঘোষণা অনুসৰি আপোনাৰ ক্ৰেডিট স্ক’ৰ এতিয়া প্ৰতিমাহে নহয়, প্ৰতি সপ্তাহত সলনি হ’ব। ইয়াৰ ফলত আপোনাৰ EMI হ্ৰাস পোৱাৰ লগতে হোম লোন বা আন যিকোনো লোন লোৱাটোও সহজ হ’ব।

যোৱা ৪ ডিচেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গাইডলাইন প্ৰকাশ কৰিছে। এই গাইডলাইন অনুসৰি এতিয়াৰ পৰা প্ৰতি সপ্তাহত ক্ৰেডিট স্ক’ৰৰ প্ৰতিবেদন আপডেট কৰা হ’ব। যিহেতু বৰ্তমান ক্ৰেডিট স্ক’ৰৰ প্ৰতিবেদনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল হোৱা যায়, সেয়েহে এতিয়া সাপ্তাহিকভাৱে ক্ৰেডিট স্ক’ৰৰ তথ্য দাখিল কৰিবলৈ কোৱা হৈছে।

বিগত বৰ্ষৰ আগষ্ট মাহলৈকে বেংকসমূহে মাহেকীয়াকৈ ক্ৰেডিট স্ক’ৰ আপডেট কৰিছিল। ২০২৪ চনৰ ৮ আগষ্টত ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলো বেংককে মাহেকীয়াকৈ ক্ৰেডিটৰ তথ্য আপডেট কৰাৰ পৰিৱৰ্তে প্ৰতি ১৫ দিনৰ মূৰে মূৰে আপডেট কৰিবলৈ নিৰ্দেশ দিছিল। এতিয়া এই সময় পুনৰ হ্ৰাস কৰি সাপ্তাহিক আপডেটৰ নিৰ্দেশ দিয়া হৈছে।

আৰ বি আইৰ নতুন গাইডলাইন অনুসৰি-

বেংকসমূহে প্ৰতি মাহৰ ৯, ১৬, ২৩ আৰু শেষৰ দিনটোত ক্ৰেডিটৰ তথ্য আপডেট কৰিব।

মাহৰ শেষৰ দিনটোত বা নতুন মাহৰ ৫ তাৰিখৰ ভিতৰত বেংকে ক্ৰেডিটৰ তথ্য আপলোড কৰিব লাগিব।

বেংকৰ সম্পূৰ্ণ তথ্য অৰ্থাৎ ঋণ লোৱা ব্যক্তিজনৰ সবিশেষ তথ্য আৰু বেংকৰ লেনদেনৰ তথ্যও ইয়াত থাকিব।

খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...