ভাৰত নহ’লে দিনতে আন্ধাৰ দেখিব পাকিস্তানে! কৃষি, ঔষধ সকলোতে ‘শত্ৰু’ৱেই ভৰসা…
পহলগাম কাণ্ডৰ পিছতে ভাৰতে পাকিস্তানৰ সৈতে তাৎক্ষণিকভাৱে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছতো পিছে এতিয়াও ‘শত্ৰু’ ভাৰতৰ ওপৰতে নিৰ্ভৰশীল পাকিস্তান। চাওঁ আহক বিশদ তথ্য।

স্বাধীনতাৰ পিছৰে পৰা দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ মাজত দেখা গৈছে বৈৰীভাৱ। ইতিমধ্যেই কেইবাবাৰো দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে সামৰিক সংঘৰ্ষৰ। শেহতীয়াকৈ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োদেশৰ মাজৰ দূৰত্ব অধিক বৃদ্ধি পায়। পহলগাম কাণ্ডৰ পিছতে ভাৰতে পাকিস্তানৰ সৈতে তাৎক্ষণিকভাৱে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছতো পিছে এতিয়াও ‘শত্ৰু’ ভাৰতৰ ওপৰতে নিৰ্ভৰশীল পাকিস্তান।
পহলগামৰ ঘটনাৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ তাৎক্ষণিক পদক্ষেপ লয় যদিও পিছে এতিয়াও কিছু বাণিজ্যিক সম্পৰ্ক অব্যাহত আছে। তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত পাকিস্তানে ভাৰতৰ পৰা ২২০ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ সামগ্ৰী আমদানি কৰিছিল। যোৱা বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ২০৬ মিলিয়ন ডলাৰ। অৰ্থাৎ ২০২৪-২৫ বিত্তীয় বৰ্ষত বৃদ্ধি পাইছে এই পৰিমাণ।
এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটাৰ পিছতো পাকিস্তান ভাৰতৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। বিশেষকৈ পাকিস্তানৰ উদ্যোগিক আৰু কৃষি খণ্ডৰ এটা অংশ ভাৰতৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। ইয়াৰ বাহিৰেও পাকিস্তানৰ সাধাৰণ মানুহ এতিয়াও ভাৰতীয় ঔষধৰ ওপৰতে নিৰ্ভৰশীল।
সততে আগ্ৰাসী স্থিতি গ্ৰহণ কৰা পাকিস্তানৰ পিছে বাস্তৱত এনে অৱস্থা কিয়? বিশেষজ্ঞসকলে কয় যে ভাৰতৰ পৰা আমদানি কৰাটো পাকিস্তানৰ বাবে আটাইতকৈ সহজ। ইয়াৰ ফলত আমদানিৰ খৰচ কম হয়। সেইবাবেই প্ৰধানতঃ পাকিস্তান ভাৰতীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰিও ভাৰতীয় ঔষধ গুণগত দিশৰ পৰা সমগ্ৰ বিশ্বতে প্ৰশংসিত আৰু যথেষ্ট কম মূল্যৰ।
গতিকে পাকিস্তানে ভাৰতৰ ঔষধৰ ওপৰতে নিৰ্ভৰশীল হ’বলগা হয়। এনে দিশৰ পৰা ভাৰত আৰু পাকিস্তানৰ বাণিজ্য যে একপক্ষীয়, সেয়া স্পষ্ট হৈ পৰিছে। এই পৰিস্থিতিয়ে পাকিস্তানৰ অৰ্থনীতিৰ দুৰ্বলতাক আৰু অধিক উজ্জ্বল কৰি তুলিছে।