Rule Change 2025: ১ জানুৱাৰীৰ পৰা LPG চিলিণ্ডাৰত বৃহৎ পৰিৱৰ্তন, খালী হ’ব পাৰে আপোনাৰ পকেট!

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কোনবোৰ গুৰুত্বপূৰ্ণ বিষয় সলনি হ’ব? ইয়াৰ ফলত আপোনাৰ পকেটত প্ৰত্যক্ষ প্ৰভাৱ পৰিব পাৰে। বহু গাড়ীৰ কোম্পানীয়েও দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

Rule Change 2025: ১ জানুৱাৰীৰ পৰা LPG চিলিণ্ডাৰত বৃহৎ পৰিৱৰ্তন, খালী হব পাৰে আপোনাৰ পকেট!

১ জানুৱাৰীৰ পৰা LPG চিলিণ্ডাৰত বৃহৎ পৰিৱৰ্তন

Updated On: 

26 Dec 2024 00:03 AM

২০২৪ চনটো শেষ হ’বলৈ ওলাইছে। এতিয়া নতুন বছৰত নতুন চিন্তা, নতুন খৰচ হ’ব। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কোনবোৰ গুৰুত্বপূৰ্ণ নিয়ম সলনি হ’ব, সেই কথা আপোনালোকে জনা উচিত। ইয়াৰ ফলত আপোনাৰ পকেটত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। বহু গাড়ী কোম্পানীয়ে দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰিও জি এছ টি পৰ্টেলত তিনিটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ফিক্সড ডিপ’জিট (FD) সম্পৰ্কীয় নীতিসমূহতো সালসলনি কৰিছে।

টেলিকম কোম্পানীৰ নতুন নিয়ম

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা টেলিকম কোম্পানীসমূহৰ বাবে কিছুমান নতুন নিয়ম প্ৰযোজ্য হ’ব। এই নিয়মৰ অধীনত কোম্পানীসমূহে অপটিকেল ফাইবাৰ আৰু নতুন ম’বাইল টাৱাৰ স্থাপনৰ ওপৰত গুৰুত্ব দিব । ইয়াৰ দ্বাৰা কোম্পানীসমূহে নিজৰ সেৱা উন্নত কৰাত সহায় কৰিব পাৰিব। টাৱাৰ স্থাপনৰ প্ৰক্ৰিয়াত কম হেঁচা পৰিব।

Amazon prime ত পৰিৱৰ্তন হয়

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰাইম মেম্বাৰশ্বিপৰ নিয়ম সলনি কৰিছে আমাজন ইণ্ডিয়াই। এতিয়া এটা একাউণ্টৰ পৰা মাত্ৰ দুটা টিভিত প্ৰাইম ভিডিঅ’ ষ্ট্ৰীম কৰিব পাৰিব। ইয়াতকৈ বেছি টিভিত ষ্ট্ৰীমিং কৰাৰ বাবে অতিৰিক্ত চাবস্ক্ৰিপচন ল’ব লাগিব। প্ৰথম পাঁচটা ডিভাইচলৈকে কোনো বাধা নাছিল।

জি এছ টি পৰ্টেলত পৰিৱৰ্তন

GSTN এ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা জিএছটি পৰ্টেলত তিনিটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। ইয়াৰে দুটা পৰিৱৰ্তন ই-ৱে বিলৰ সময়সীমা আৰু বৈধতাৰ সৈতে জড়িত। এটা পৰিৱৰ্তন জিএছটি পৰ্টেলত সুৰক্ষিত প্ৰৱেশৰ সৈতে জড়িত। যদি এই নিয়মসমূহ সঠিকভাৱে কাৰ্যকৰী নহয় তেন্তে ক্ৰেতা, বিক্ৰেতা আৰু পৰিবহণকাৰীয়ে লোকচানৰ সন্মুখীন হ’ব পাৰে।

RBIৰ FB কৰাৰ নিয়মৰ পৰিৱৰ্তন

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এনবিএফচি আৰু এইচএফচিৰ ফিক্সড ডিপ’জিট (এফডি) সম্পৰ্কীয় নীতি সলনি কৰিছে। ইয়াৰ ভিতৰত জনসাধাৰণৰ পৰা জমা ধন লোৱাৰ নিয়ম, লিকুইড সম্পত্তি ৰখাৰ শতাংশ, জমা ধনৰ বীমা আদিৰ সৈতে জড়িত পৰিৱৰ্তন আদি অন্তৰ্ভুক্ত।

গাড়ীৰ দাম বৃদ্ধি হ’বলৈ গৈ আছে

নতুন বছৰ অহাৰ লগে লগে গাড়ীৰ দাম বাঢ়িবলৈ গৈ আছে। বহু বৃহৎ গাড়ী কোম্পানীয়ে মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত মাৰুতি চুজুকি, হুণ্ডাই, মহিন্দ্ৰা, মাৰ্চিডিজ বেঞ্জ, বিএমডব্লিউ, অ’ডি আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই কোম্পানীবোৰে মূল্য প্ৰায় ৩% বৃদ্ধি কৰাৰ কথা কৈছে।

LPG ৰ মূল্য

তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জিৰ মূল্য পৰ্যালোচনা কৰে। যোৱা পাঁচ মাহত ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। কিন্তু ১৪.২ কেজিৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। এতিয়া দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৮০৩ টকা।

হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
প্ৰতিদিনে পুৱা অত্যধিক ভোক অনুভৱ হোৱাটো ডায়েবেটিছৰ লক্ষণ নেকি? জানি লওক এতিয়াই
পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...