টিকট অবিহনে কৰিব পাৰে বিনামূলীয়া ৰে’ল যাত্ৰা, ভৰিব নালাগে জৰিমনা, কোনে লাভ কৰে এই সুবিধা?

এই ধৰণৰ ৰেহাই বা সুযোগক ভাৰতীয় ৰে'লৱেই ‘মিলেনিয়াম গিফ্ট’ বুলি কয়। স্কুল ভ্ৰমণৰ খৰচ কমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ মাহেকীয়া ছিজন টিকট দিয়া হয়। অৰ্থাৎ এই বিনামূলীয়া টিকট সকলো ব্যক্তিয়ে পাব নোৱাৰে।

টিকট অবিহনে কৰিব পাৰে বিনামূলীয়া ৰেল যাত্ৰা, ভৰিব নালাগে জৰিমনা, কোনে লাভ কৰে এই সুবিধা?

Indian Railways 16

Published: 

01 Oct 2025 | 12:35 PM

ধৰি লওক আপুনি টিকটৰ মূল্য নিদিয়াকৈ ৰে’লত উঠিছে। কিন্তু কতৃপক্ষই এই কথা জানিও আপোনাৰ পৰা টিকটৰ বাবে এটকাও লোৱা নাই। টিকট নথকাৰ বাবে জৰিমনাও দিব লগা নহ’ল।  এনেকুৱা হ’ব পাৰেনে? হয়, এয়া সম্ভৱ। ভাৰতীয় ৰে’লৱেত এনেকুৱা এটা বিশেষ সুবিধা আছে।

এই ধৰণৰ ৰেহাই বা সুযোগক ভাৰতীয় ৰে’লৱেই ‘মিলেনিয়াম গিফ্ট’ বুলি কয়। স্কুল ভ্ৰমণৰ খৰচ কমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ মাহেকীয়া ছিজন টিকট দিয়া হয়। অৰ্থাৎ এই বিনামূলীয়া টিকট সকলো ব্যক্তিয়ে পাব নোৱাৰে।

এই সুবিধাৰ বাবে কোন যোগ্য?

  • ৰে’লৱেৰ নিয়ম অনুসৰি দশম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলে আৰু দ্বাদশ শ্ৰেণীলৈকে ছোৱালীসকলে এই বিনামূলীয়া টিকটৰ সুবিধা লাভ কৰিব।
  • অৱশ্যে কোনো দীঘলীয়া যাত্ৰাৰ বাবে এই সুবিধা লাভ কৰিব নোৱাৰিব। এই টিকট নিকটতম ৰে’ল ষ্টেচনৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত বৈধ।
  • এই টিকট দ্বিতীয় শ্ৰেণীৰ বাবে প্ৰযোজ্য। এই টিকট প্ৰথম শ্ৰেণীৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।
  • ইয়াৰ বাহিৰেও এই মাহেকীয়া ছিজন টিকট কোনো মেইল, এক্সপ্ৰেছ বা ছুপাৰফাষ্ট ৰে’লৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।
  • ছাত্ৰ-ছাত্ৰীৰ যাতায়তৰ বোজা হ্ৰাস কৰাৰ বাবে ৰে’লৱেৰ এই পদক্ষেপে যোৱা দুটা দশক ধৰি বহু পৰিয়ালক সহায় কৰি আহিছে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব