শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত হাই ৰিটাৰ্ণ পেটিএমৰ, কঠিন সময়ৰ পাছত শক্তিশালী উত্থান

এককালীন খৰচ বাদ দি কোম্পানীটোৰ নিকা লাভ ২৩ কোটি টকা । ইউপিআইৰ ইনচেনটিভ আৰু ব্যতিক্ৰমী খৰচ বাদ দিলে লাভ ৯৩ কোটি টকা হয় । যিয়ে এই ত্ৰৈমাসিকত ১১৫ কোটি টকাৰ লাভ বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে ।

২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত হাই ৰিটাৰ্ণ পেটিএমৰ, কঠিন সময়ৰ পাছত শক্তিশালী উত্থান
প্ৰতীকী ছবিImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 07 May 2025 13:46 PM

ভাৰতীয় ফিনটেক কোম্পানী পেটিএমে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত শক্তিশালী বিত্তীয় ৰিটাৰ্ণ দেখুৱাইছে । কোম্পানীটোৰ মুঠ ৰাজহ ৫ শতাংশ বৃদ্ধি পাই ১,৯১১ কোটি টকা হৈছে । এই সময়ছোৱাত ই এছ অ’ পি বাদ দি পেটিএমৰ কৰ পূৰ্বৱতী আয় আছিল ৮১ কোটি টকা । ইয়াৰে ৭০ কোটি টকা ইউ পি আই ইনচেনটিভ । অৰ্থাৎ ইনচেনটিভ বাদ দি কৰ পূৰ্বৱতী আয় ১১ কোটি টকা । হিচাপত পূৰ্বৰ ত্ৰৈমাসিকৰ তুলনাত ৫১ কোটি টকা বৃদ্ধি পোৱা দেখা গৈছে ।

এককালীন খৰচ বাদ দি কোম্পানীটোৰ নিকা লাভ ২৩ কোটি টকা । ইউপিআইৰ ইনচেনটিভ আৰু ব্যতিক্ৰমী খৰচ বাদ দিলে লাভ ৯৩ কোটি টকা হয় । যিয়ে এই ত্ৰৈমাসিকত ১১৫ কোটি টকাৰ লাভ বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে ।

পেটিএমৰ জৰিয়তে বিক্ৰী হোৱা সামগ্ৰী আৰু সেৱাৰ মূল্য যোৱা তিনিমাহত বৃদ্ধি পাইছে । এই মূল্য ৫ লাখ ১০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ লগতে পেটিএমৰ মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা ৭ কোটি ২০ লাখ হৈছেগৈ । যোৱা তিনিমাহত মাৰ্চেণ্ট ডিভাইচ ব্যৱহাৰকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে । এই সংখ্যা ৮ লাখ বৃদ্ধি পাই ১২.৪ কোটি হৈছে ।

কোম্পানীটোৱে কয় যে ইয়াৰ লিকুইডিটি অৰ্থাৎ হাতত থকা মুঠ নগদ ধন ১২,৮০৯ কোটি টকা। যি ভৱিষ্যতে সংস্থাটোৰ সম্প্ৰসাৰণত সহায়ক হ’ব । পেটিএমৰ উদ্ভাৱনসমূহৰ ভিতৰত আছে দেশৰ প্ৰথমটো ‘ছ’লাৰ চাউণ্ডবক্স’ আৰু ‘মহাকুম্ভ চাউণ্ডবক্স’, যিয়ে মাৰ্চেন্ট চাউণ্ডবক্সৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিছে।