পেন কাৰ্ডৰ পিছত আধাৰৰ সৈতে লিংক কৰা হ’ব Voter ID, নিৰ্বাচন আয়োগে ল’লে এই সিদ্ধান্ত

মঙলবাৰে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, আইন মন্ত্ৰালয় আৰু ভাৰতৰ একক পৰিচয় প্ৰাধিকৰণ আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলৰ সৈতে ভোটাৰ আইডিক আধাৰৰ সৈতে লিংক কৰা বিষয়ক লৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভোটাৰ আইডি আধাৰৰ সৈতে সংযোগ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে সংবিধানৰ ৩২৬ নং অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইনৰ ধাৰাসমূহৰ উল্লেখ কৰা হৈছে।

পেন কাৰ্ডৰ পিছত আধাৰৰ সৈতে লিংক কৰা হ’ব Voter ID, নিৰ্বাচন আয়োগে ললে এই সিদ্ধান্ত

আধাৰৰ সৈতে লিংক হ’ব Voter ID

Updated On: 

19 Mar 2025 | 10:42 AM

মুকলি কৰা হৈছে আধাৰ আৰু ভোটাৰ আইডি  (EPIC)  সংযোগৰ পথ। মঙলবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত দেশৰ নিৰ্বাচন আয়োগে এই দুয়োটাকে সংযোগ কৰাৰ অনুমতি প্ৰদান কৰিছে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে এক বিবৃতি প্ৰকাশ কৰি কয় যে, সংবিধানৰ ৩২৬ নং অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইনৰ ২৩(৪), ২৩(৫) আৰু ২৩(৬) ধাৰাত ইপিআইচি আধাৰৰ সৈতে লিংক কৰা হ’ব। ইয়াৰ পূৰ্বে চৰকাৰে আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ সিদ্ধান্ত লৈছিল।

বিবৃতিটোত কোৱা হৈছে যে, ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৩২৬ নং ধাৰা আৰু উচ্চতম ন্যায়ালয়ৰ আনুষংগিক সিদ্ধান্ত অনুসৰি ইপিআইচিক আধাৰৰ সৈতে সংযোগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে। মঙলবাৰে চি ই চি জ্ঞানেশ কুমাৰৰ নেতৃত্বত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীৰ সৈতে কেন্দ্ৰীয় গৃহ সচিব- বিধান বিভাগৰ সচিব, মেইট ৱাইৰ সম্পাদক আৰু ইউ আই ডি আইৰ চিইঅ’ আৰু ই চি আইৰ কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে নিৰ্বাচন সদনত এক বৈঠক অনুষ্ঠিত হয়।


ভাৰতৰ সংবিধানৰ ৩২৬ নং অনুচ্ছেদ অনুসৰি ভোটাধিকাৰ কেৱল ভাৰতৰ নাগৰিককহে প্ৰদান কৰা হৈছে। আধাৰ কাৰ্ডে কেৱল ব্যক্তিৰ পৰিচয় নিৰ্ধাৰন কৰে। সেয়েহে সংবিধানৰ ৩২৬ নং অনুচ্ছেদ, জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ২৩(৪), ২৩(৫) আৰু ২৩(৬) ধাৰাত আৰু উচ্চতম ন্যায়ালয়ৰ ডব্লিউ পি (চিভিল) নং ১৭৭/২০২৩ত দিয়া সিদ্ধান্ত অনুসৰি ইপিআইচিক আধাৰৰ সৈতে লিংক কৰা হ’ব বুলি সিদ্ধান্ত লোৱা লয়। এতিয়া ইউআইডিএআই আৰু ইচিআইৰ কাৰিকৰী বিশেষজ্ঞৰ মাজত কাৰিকৰী পৰামৰ্শ শীঘ্ৰে আৰম্ভ হ’ব।

নিৰ্বাচন আয়োগে শেহতীয়াকৈ সিদ্ধান্ত লৈছিল যে, অহা তিনিমাহৰ ভিতৰত ডুপ্লিকেট নম্বৰ থকা ভোটাৰ আইডিক নতুন EPIC  নম্বৰ প্ৰদান কৰা হ’ব। নিৰ্বাচন আয়োগে কৈছিল যে, ডুপ্লিকেট নম্বৰ থকাৰ অৰ্থ ভুৱা ভোটাৰ নহয়। আধাৰক ইপিআইচিৰ সৈতে সংযোগ কৰাৰ আঁৰৰ মূল উদ্দেশ্য হৈছে ভোটাৰ তালিকাৰ অনিয়ম আঁতৰাই স্বচ্ছ কৰি তোলা। নিৰ্বাচন আয়োগৰ মতে এই পদক্ষেপে ভুৱা ভোটাৰ চিনাক্তকৰণত সহায় কৰিব। আধাৰক ভোটাৰ আইডিৰ সৈতে লিংক কৰাৰ আঁৰৰ আন এটা কাৰণ হ’ল, ই ভুৱা ভোটদান ৰোধ কৰাত সহায় কৰিব পাৰে। এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পাছত একাধিক স্থানত এজন ব্যক্তিয়ে ভোটদানৰ সম্ভাৱনা নাইকিয়া হ’ব আৰু নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...