EPFO: ভাল খবৰ! শীঘ্ৰে আপোনাৰ PF একাউণ্টত জমা হ’ব হাজাৰ হাজাৰ টকা, কেনেকৈ জানক…

আপুনি জানেনে যে আপোনাৰ দৰমহাৰ পৰা কৰ্তন কৰা ধন আপোনাৰ পি এফ একাউণ্টত জমা হোৱাৰ উপৰিও তাৰ ওপৰত সুতো পায়। পি এফ একাউণ্টত বাৰ্ষিক সুত পোৱা যায়। যাৰ ফলত আপোনাৰ একাউণ্টত বহুত টকা জমা হ’বলৈ গৈ আছে। কিমান টকা জানেনে?

EPFO: ভাল খবৰ! শীঘ্ৰে আপোনাৰ PF একাউণ্টত জমা হব হাজাৰ হাজাৰ টকা, কেনেকৈ জানক...

EPFO

Published: 

29 Jan 2026 | 01:21 PM

চৰকাৰী হওক বা ব্যক্তিগত হওক, প্ৰতিজন কৰ্মচাৰীৰ এম্প্লইজ প্ৰভিডেণ্ট ফাণ্ড বা ইপিএফঅ’ একাউণ্ট থাকে। প্ৰতিমাহে আপোনাৰ দৰমহাৰ পৰা পি এফ একাউণ্টত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা হয়। এইটোৱেই হৈছে কৰ্মচাৰীসকলৰ অৱসৰৰ পুঁজি। অৱশ্যে বিশেষ প্ৰয়োজনৰ ক্ষেত্ৰত অৱসৰৰ পূৰ্বেও পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব। কিন্তু আপুনি জানেনে যে আপোনাৰ দৰমহাৰ পৰা কৰ্তন কৰা ধন আপোনাৰ পি এফ একাউণ্টত জমা হোৱাৰ উপৰিও তাৰ ওপৰত সুতো পায়। পি এফ একাউণ্টত বাৰ্ষিক সুত পোৱা যায়। যাৰ ফলত আপোনাৰ একাউণ্টত বহুত টকা জমা হ’বলৈ গৈ আছে। কিমান টকা জানেনে?

ইপিএফঅ’ই অতি সোনকালে গ্ৰাহকৰ একাউণ্টত সুতৰ ধন জমা কৰাৰ প্ৰচেষ্টা হাতত লৈছে। এই সুতৰ হাৰ ৮.২৫ শতাংশ। আপুনি যি সুত পাব সেয়া নিৰ্ভৰ কৰে আপোনাৰ ইপিএফঅ’ একাউণ্টত কিমান টকা আছে তাৰ ওপৰত। আপুনি ৪০ হাজাৰ টকা পৰ্যন্ত সুত পাব পাৰে। অৰ্থাৎ যদি আপোনাৰ একাউণ্টত ৫ লাখ টকাৰ বেলেঞ্চ থাকে, তেন্তে আপুনি ৮.২৫ শতাংশ সুতৰ হাৰত ৪০ হাজাৰ টকা পাব পাৰে। ইয়াৰ বাবে আপুনি আবেদন কৰিব নালাগে। ইপিএফঅ’ই আপোনাৰ একাউণ্টত ধন জমা কৰিব।

পি এফ সুতৰ ধন আপোনাৰ একাউণ্টত জমা হৈছে নে নাই কেনেকৈ জানিব?

  • প্ৰথমে ইপিএফঅ’ ইউএএন (EPFO UAN Member) মেম্বাৰ পৰ্টেল খোলক।
  • এতিয়া আপোনাৰ UAN নম্বৰ আৰু পাছৱৰ্ডৰ সৈতে লগ ইন কৰক।
  • তাৰ পিছত ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰত এটা অ’টিপি আহিব, সেই অ’টিপিটো দিয়ক।
  • লগ ইন কৰাৰ পিছত Passbook বিকল্পত ক্লিক কৰক।
  • ইয়াৰ দ্বাৰা আপোনাৰ পি এফ বেলেঞ্চ দেখা পাব।

উমং এপটো বেলেঞ্চ চেক কৰিব পাৰিব

  • উমং এপটো ডাউনলোড কৰক।
  • তাৰ পিছত EPFO ​​বিচাৰিব।
  • পৰৱৰ্তী পদক্ষেপত, Passbook বিকল্পত ক্লিক কৰক।
  • তাৰ পিছত UAN নম্বৰটো দিয়ক।
  • এতিয়া মোবাইল নম্বৰত অহা OTP টো লিখক।
  • এতিয়া মেম্বাৰ আইডি নিৰ্বাচন কৰি পাছবুকখন খুলি বেলেঞ্চ চাব পাৰিব।
শীতৰ বজাৰত উভৈনদী কমলাৰ উপকাৰী গুণো অসীম, জানিলে আচৰিত হ’ব আপুনি
ইলাচি খলে শৰীৰৰ কি কি সমস্যা কম হয়?
প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়ে লক্ষণসমূহ কি কি? জানক...
চাহ খাই ভাল পায় নেকি? কি ৰোগ হ’ব পাৰে জানক...
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ