EDৰ ৰোষত অনিল আম্বানী! ৩,০০০ কোটিতকৈ অধিক মূল্যৰ সম্পত্তি জব্দ
EDৰ বাবে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপ। অস্থায়ীভাৱে জব্দ কৰা হৈছে ৩০০০ কোটিৰো অধিক মূল্যৰ ৪০টাতকৈও অধিক সম্পত্তি। ইয়াৰ ভিতৰত আছে তেওঁৰ মুম্বাইৰ পালি হিলৰ বাসগৃহ আৰু দিল্লীৰ ৰিলায়েন্স চেণ্টাৰ।

EDৰ ৰোষত অনিল আম্বানী
উদ্যোগপতি অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ সম্পত্তিৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ EDৰ। এই অভিযানত ৩,০৮৪ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি কৰা হৈছে। ইডিয়ে ২০২৫ চনৰ ৩১ অক্টোবৰত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছিল।
জব্দ কৰা সম্পত্তিৰ তালিকা বিস্তৃত। ইয়াৰ ভিতৰত আছে মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ আড়ম্বৰপূৰ্ণ পালি হিলৰ বাসগৃহ আৰু দিল্লীৰ বিশিষ্ট ৰিলায়েন্স চেণ্টাৰ। ইয়াৰ উপৰিও দিল্লী, নয়ডা, গাজিয়াবাদ, মুম্বাই, পুনে, থানে, হায়দৰাবাদ, চেন্নাই, কাঞ্চিপুৰম, আৰু পূব গোদাৱৰী আদি ডাঙৰ চহৰত অৱস্থিত কেইবাটাও মাটি, কাৰ্যালয়, আৰু ফ্লেটো সংলগ্ন কৰা হৈছে। মুঠতে অনিল আম্বানী গোটৰ ৪০তকৈ অধিক সম্পত্তিৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
The Directorate of Enforcement (ED) has provisionally attached properties worth about Rs 3,084 crore linked to entities of the Reliance Anil Ambani Group. The orders were issued on 31 October 2025 under Section 5(1) of the Prevention of Money Laundering Act (PMLA).
The attached… pic.twitter.com/3NxjxycurC
— ANI (@ANI) November 3, 2025
বিষয়টো কি?
ইডিৰ এই তদন্তত ৰিলায়েন্স গ্ৰুপৰ দুটা বিত্তীয় কোম্পানী—ৰিলায়েন্স হোম ফাইনেন্স লিমিটেড (RHFL) আৰু ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্স লিমিটেড (RCFL)ৰ ওপৰত কেন্দ্ৰিত। তদন্ত অনুসৰি এই কোম্পানীসমূহৰ বিৰুদ্ধে জনসাধাৰণ আৰু বেংকৰ পৰা ঋণ লোৱা ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে।
এই গোচৰটো ২০১৭ আৰু ২০১৯ চনৰ।এই সময়ছোৱাত Yes Bank-এ RHFLত প্ৰায় ২,৯৬৫ কোটি আৰু RCFLত ২,০৪৫ কোটি টকাৰ উল্লেখযোগ্য বিনিয়োগ কৰিছিল। পৰৱৰ্তী সময়ত এই বিনিয়োগসমূহ পতন ঘটি দুয়োটা কোম্পানীৰে হাজাৰ হাজাৰ কোটি টকাৰ ধন বাকী ৰৈ যায়।
তদন্তত এই কথাও পোহৰলৈ আহিছে যে ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (SEBI)ৰ নিয়ম উলংঘা কৰি মিউচুৱেল ফাণ্ডৰ জৰিয়তে সংগ্ৰহ কৰা ৰাজহুৱা ধন পৰোক্ষভাৱে ৰিলায়েন্স গ্ৰুপৰ নিজা কোম্পানীলৈ হস্তান্তৰ কৰা হৈছিল। এই ধনৰাশি ডাইভাৰ্ট কৰি য়েছ বেংকৰ জৰিয়তে এই কোম্পানীসমূহত বিনিয়োগ কৰা হৈছিল।
ইডিৰ অভিযোগ যে, এই পুঁজি ডাইভাৰচনৰ বাবে সুপৰিকল্পিত আঁচনি তৈযাৰ কৰা হৈছিল। সংস্থাটোৱে কেইবাটাও গুৰুতৰ অনিয়মৰ উদাহৰণ দাঙি ধৰিছে।
- কৰ্পৰেট ঋণৰ ডাইভাৰচন: কোম্পানীসমূহে লাভ কৰা কৰ্পৰেট ঋণ নিজৰ গোটৰ ভিতৰৰ আন কোম্পানীলৈ ডাইভাৰ্ট কৰিছিল।
- পদ্ধতি উলংঘা: বহুতো ঋণ উপযুক্ত নথিপত্ৰ বা সম্পূৰ্ণ যথাযথ পৰিশ্ৰম অবিহনে একেদিনাই অনুমোদন কৰা হৈছিল।
- অগ্ৰিম ধন: কিছুমান ক্ষেত্ৰত ঋণ অনুমোদন জনোৱাৰ পূৰ্বে ঋণগ্ৰহণকাৰীক ধন প্ৰদান কৰা হৈছিল।
- দুৰ্বল ঋণগ্ৰহণকাৰী: বহু ঋণগ্ৰহণকাৰী আছিল এনে কোম্পানী যাৰ আৰ্থিক অৱস্থা ইতিমধ্যে দুৰ্বল আছিল।
- উদ্দেশ্য সলনি: ঋণৰ ধন সেই উদ্দেশ্যত বাবে ব্যৱহাৰ হোৱা নাছিল, যাৰ বাবে লোৱা হৈছিল।
ইডিৰ দাবী যে এইটো এটা বৃহৎ পৰিসৰৰ ফাণ্ড ডাইভাৰচন আছিল।
ইয়াৰ উপৰিও ৰিলায়েন্স কমিউনিকেশ্যন (RCom) গোচৰৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে ইডিয়ে। এই ক্ষেত্ৰত কোম্পানীসমূহে গ্ৰুপ কোম্পানীসমূহলৈ বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ আৰু প্ৰৱঞ্চনামূলক ঋণ ৰখাকে ধৰি ১৩,৬০০ কোটিতকৈ অধিক মূল্যৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইডিয়ে কয় যে এই কাৰ্য্যই ৰাজহুৱা ধন আদায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, কিয়নো এই ধন সাধাৰণ জনতা আৰু বিত্তীয় প্ৰতিষ্ঠানৰ।