যদি কোনো কোম্পানীয়ে দৰমহা দিয়াত দেৰি কৰে, তেন্তে ই অপৰাধ হ’ব পাৰেনে? আপোনাৰ অধিকাৰ জানক

দৰমহা দিয়াত পলম কৰাটো এটা গুৰুতৰ আইনী অপৰাধ। যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে এই পৰিস্থিতি কেনেকৈ চম্ভালিব?

যদি কোনো কোম্পানীয়ে দৰমহা দিয়াত দেৰি কৰে, তেন্তে ই অপৰাধ হব পাৰেনে? আপোনাৰ অধিকাৰ জানক
Updated On: 

18 Nov 2025 15:10 PM

ব্যক্তিগত হওক বা চৰকাৰী হওক, চাকৰিয়াল এজনে আটাইতকৈ সুখ অনুভৱ কৰে দৰমহা পোৱা দিনটোত। কাৰণ, ই কেৱল কেইটামান টকা নহয়। মাহটোৰ কষ্টৰ বিনিময়ত লাভ কৰা ধন। দেখা যায় যে, ব্যক্তিগত কোম্পানী বা ষ্টাৰ্টআপে বিভিন্ন অজুহাত দেখুৱাই নিজৰ কৰ্মচাৰীৰ দৰমহা আবদ্ধ কৰি ৰাখে। কৰ্মচাৰীসকলেও লোকচানৰ ভয়ত কোম্পানীটোৰ এই আচৰণ মনে মনে সহ্য কৰে। মনত ৰাখিব, দৰমহা দিয়াত পলম কৰাটো এটা গুৰুতৰ আইনী অপৰাধ। যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে এই পৰিস্থিতি কেনেকৈ চম্ভালিব?

১৯৩৬ চনৰ শ্ৰমিক আইনখনে কি কয়?

দেশৰ শ্ৰম আইনত স্পষ্টকৈ উল্লেখ আছে যে, মাহটোৰ কাম শেষ হোৱাৰ ৭ দিনৰ ভিতৰত প্ৰতিজন কৰ্মচাৰীক দৰমহা দিব লাগিব। এই নিয়ম সৰু কোম্পানী অৰ্থাৎ ১০০০ তকৈ কম কৰ্মচাৰী থকা কোম্পানীত প্ৰযোজ্য। ইচ্ছাকৃতভাৱে এই সময়সীমা অতিক্ৰম কৰাটো সম্পূৰ্ণ বেআইনী।

পলম কৰাৰ শাস্তি কি হ’ব পাৰে?

দৰমহা দিয়াটো নিয়োগকৰ্তাৰ আইনী কৰ্তব্য। এয়া কৰ্মচাৰীজনৰ প্ৰতি কোম্পানীৰ কোনো ধৰণৰ দয়া নহয়। যদি কোনো সংগঠনে দৰমহা দিয়াত পলম কৰে তেন্তে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে। মজুৰি পৰিশোধ আইন(Payment of Wages Act) অনুসৰি ইচ্ছাকৃতভাৱে দৰমহা নিদিয়াৰ ফলত সংস্থাটোৰ বাবে জৰিমনা আৰু আনকি নিয়োগকৰ্তাৰ কাৰাদণ্ড হ’ব পাৰে।

কি কৰা উচিত?

যদি আপোনাৰ দৰমহা পলম হয়, তেন্তে প্ৰথমে সংস্থাটোৰ মানৱ সম্পদ বিভাগৰ সৈতে যোগাযোগ কৰক। যদি তাৰ পৰা সন্তোষজনক উত্তৰ নাপায় তেন্তে তৎক্ষণাত শ্ৰম বিভাগৰ হেল্পলাইন ১৫৫২১৪ ত ফোন কৰিব পাৰে। তাত কোম্পানীৰ তথ্যৰে অভিযোগ পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ উপৰিও শ্ৰম আদালততো বিনামূলীয়াকৈ গোচৰ ৰুজু কৰিব পাৰিব। যাৰ বাবে আপোনাৰ কামত কোনো নেতিবাচক প্ৰভাৱ নপৰে।

কৰ্মচাৰীসকলৰ দৰমহা পলম হ’লে তেওঁলোকৰ ওপৰত আৰ্থিক আৰু মানসিক চাপৰ সৃষ্টি হয়। কাৰণ, প্ৰতিজন কৰ্মচাৰীৰ খৰচ নিৰ্ভৰ কৰে তেওঁৰ দৰমহাৰ ওপৰত। ফলত যদি দৰমহা পলম হয়, তেন্তে ইয়াৰ বিৰুদ্ধে কথা কোৱা সময়ৰ দাবী। আৰু ভাৰতৰ আইন আপোনাৰ পক্ষত আছে। আইন অনুসৰি সঠিক সময়ত আপোনাৰ পাবলগীয়া ধন পোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে।

কেৱল সোৱাদতে নহয়, উপকাৰিতাৰ দিশতো অনন্য পিঁয়াজ পাত; জানিবলৈ চাওক...
ভাৰততকৈ ডুবাইত সোণ সস্তা কিয়? জানক...
আপোনাৰো আছে নেকি ডায়েবেটিছৰ সমস্যা, শীতকালত এনে ভুল কৰি নচপাব নিজৰ বিপদ
দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...