বৃহৎ সকাহ! আজিৰ পৰা দাম কমিব গেছ চিলিণ্ডাৰৰঃ কিমান হ’ব মূল্য, চাওক…

গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাসে স্বাভাৱিকতেই বহু ব্যৱসায়ৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। ইয়াৰ পূৰ্বে যোৱা ১ জুলাইতো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৫৮.৫০ টকা হ্ৰাস পাইছিল। তাৰ আগতে জুন মাহত ২৪ টকা, এপ্ৰিল মাহত ৪১ টকা আৰু ফেব্ৰুৱাৰী মাহত ৭ টকা দৰ হ্ৰাস হৈছিল।

বৃহৎ সকাহ! আজিৰ পৰা দাম কমিব গেছ চিলিণ্ডাৰৰঃ কিমান হ’ব মূল্য, চাওক...

দাম কমিল গেছ চিলিণ্ডাৰৰ

Updated On: 

01 Aug 2025 | 12:20 AM

আজিৰ পৰা হ্ৰাস পাব বাণিজ্যিক এল পি জি গেছৰ মূল্য। তেল বিপণন কোম্পানীসমূহে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰিছে। সেই অনুসৰি আজিৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৩৩.৫০ টকা হ্ৰাস কৰা হৈছে। এই নতুন দৰ অনুসৰি দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰীৰ মূল্য ১ আগষ্টৰ পৰা ১৬৩১.৫০ টকা হ’ব। গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাসে স্বাভাৱিকতেই বহু ব্যৱসায়ৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব

উল্লেখ্য যে জুলাই মাহত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য দিল্লীত ১৬৬৫ টকা, কলকাতাত ১৭৬৯ টকা আৰু মুম্বাইত ১৬১৬.৫০ টকা আছিল। এতিয়া ৩৩.৫০ টকা হ্ৰাস পোৱাৰ লগে লগে নিশ্চিতভাৱে ক্ষুদ্ৰ ব্যৱসায়ীসকলে যথেষ্ট সকাহ লাভ কৰিব। ইয়াৰ পূৰ্বে যোৱা ১ জুলাইতো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৫৮.৫০ টকা হ্ৰাস পাইছিল তাৰ আগতে জুন মাহত ২৪ টকা, এপ্ৰিল মাহত ৪১ টকা আৰু ফেব্ৰুৱাৰী মাহত ৭ টকা দৰ হ্ৰাস হৈছিল।

এতিয়া পুনৰ চিলিণ্ডাৰৰ দৰ হ্ৰাসৰ ফলত ৰেষ্টুৰেণ্ট, হোটেল আৰু ফুটপাথৰ খাদ্য বিক্ৰেতা আদি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত আৰ্থিক বোজা লাঘৱ কৰাৰ সম্ভাৱনা আছে এই ক্ষুদ্ৰ ব্যৱসায়ীসকল দৈনন্দিন কাম-কাজৰ বাবে বাণিজ্যিক এল পি জিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল বাণিজ্যিক হাৰত সঘনাই মূল্য সংশোধন হলেও ঘৰুৱা এল পি জিৰ মূল্যৰ সাধাৰণতে বিশেষ পৰিৱৰ্তন নঘটে

 

প্ৰকাশিত খবৰ অনুসৰি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। চলিত বৰ্ষৰ ৮ এপ্ৰিলত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত অন্তিমবাৰ পৰিৱৰ্তন দেখা গৈছিল তাৰ পিছৰে পৰা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব