Budget 2025: বাজেট কিয় গুৰুত্বপূৰ্ণ, নিৰ্মলা সীতাৰমণে সাধাৰণ ৰাইজৰ আশা পূৰণ কৰিব পাৰিবনে?

২০২৫ চনৰ বাজেটকলৈ দেশৰ সকলো শ্ৰেণীৰ লোকে যথেষ্ঠ আশা কৰি আছে। চৰকাৰৰ পৰা নিয়োগ, শিক্ষা আৰু কৰ সম্পৰ্কীয় সিদ্ধান্তৰ বাবে এই বাজেট গুৰুত্বপূৰ্ণ।

Budget 2025:  বাজেট কিয় গুৰুত্বপূৰ্ণ, নিৰ্মলা সীতাৰমণে সাধাৰণ ৰাইজৰ আশা পূৰণ কৰিব পাৰিবনে?

বাজেট কিয় গুৰুত্বপূৰ্ণ,

Published: 

14 Jan 2025 | 02:32 PM

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত দেশৰ সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব, য’ত সমগ্ৰ দেশৰ জনসাধাৰণ যথেষ্ঠ আশাবাদী হৈ আছে। জিডিপি বৃদ্ধিৰ হাৰ, মুদ্ৰাস্ফীতি বৃদ্ধি আৰু নিবনুৱা সমস্যা হৈছে গুৰুত্বপূৰ্ণ বিষয়। এই সকলোবোৰ সৈতে এখন সৰ্বাংগসুন্দৰ বাজেট জনসাধাৰণক উপহাৰ দিয়াটো চৰকাৰৰ ডাঙৰ প্ৰত্যাহ্বান। কিন্তু এই সকলোবোৰৰ মাজতে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাজেটৰ পৰা বহুত আশা আছে। মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে বাজেটত কি কি থাকিব পাৰে জানক।

কি কি পৰিৱৰ্তন হ’ব পাৰে?

বাজেট ২০২৫ত চৰকাৰে কি নতুন কাম কৰিব পাৰে? ইয়াৰ বিষয়ে জনাৰ পূৰ্বে প্ৰথমে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত চকু ফুৰাওঁ আহক। ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হৈয়েই আছে। অৱশ্যে যোৱা কেইদিনমানৰ পৰা দেশখনৰ বাবে পৰিসংখ্যা চিন্তনীয়। যোৱা তিনিমাহত দেশখনৰ জিডিপি বৃদ্ধি হৈ ৫.৪ শতাংশত উপনীত হৈছিল। মুদ্ৰাস্ফীতি বৃদ্ধিয়ে চাবোনৰ পৰা আৰম্ভ কৰি তেল আৰু গাড়ীৰ মূল্যতো প্ৰভাৱ পেলাইছে। গতিকে বাজেটৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ আটাইতকৈ ডাঙৰ আশা হ’ল কৰ কৰ্তন, যাতে তেওঁলোকৰ কৰ কম কৰ্তন হয় আৰু উপাৰ্জনৰ কিছু অংশ ৰাহি কৰিব পাৰে।

কৰ ৰেহাই

বিশেষজ্ঞসকলৰ মতে, মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ বাবে বছৰি ১৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা লোকসকলৰ কৰ কৰ্তনৰ কথা চিন্তা কৰিছে। এনে হ’লে লাখ লাখ কৰদাতাক সকাহ দিব। ইয়াৰ উপৰিও কৰদাতাৰ হাতত অধিক ব্যৱহাৰযোগ্য আয় লাভ কৰিবলৈ মৌলিক ৰেহাইৰ সীমা নূন্যতম ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰিব পাৰে।

আয়কৰ সম্পৰ্কীয় পৰিৱৰ্তন

চৰকাৰে মানুহৰ দৈনন্দিন জীৱন সহজ কৰি তুলিবলৈ কৰ ব্যৱস্থা আৰু অধিক সৰল কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চৰকাৰে আয়কৰ সম্পৰ্কীয় নিয়মবোৰো সলনি কৰিব পাৰে, যাতে মানুহে এই ব্যৱস্থাৰ সৈতে সমস্যাৰ সন্মুখীন নহয়।

২০২৫ চনৰ বাজেটত নতুন চাকৰিৰ কথা উল্লেখ কৰিব নে?

দেশৰ জিডিপিৰ পৰিসংখ্যা যোৱাবাৰতকৈ যথেষ্ট হতাশাজনক হৈ পৰিছে, যিটো চৰকাৰৰ বাবেও চিন্তাৰ কাৰণ হৈছে। কেন্দ্রীয় চৰকাৰে যুৱক-যুৱতীসকলক নতুন খণ্ডত চাকৰি প্রদানৰ বাবে অহৰহ কাম কৰি আছে যদিও নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। চৰকাৰে ২০২৪ চনৰ বাজেটত নিয়োগৰ বাবে প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিৰ দৰে আঁচনি আৰম্ভ কৰিছিল। আশা কৰা হৈছে যে, এই বাজেটত চৰকাৰে চাকৰি আৰু নিয়োগৰ ক্ষেত্ৰত গুৰুত্ব দিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...