হ্ৰাস পাব নেকি জীৱনদায়িনী ঔষধৰ দাম! দেশৰ ফাৰ্মা খণ্ডলৈ বাজেটে আনিব পাৰে এনে সংস্কাৰ
আগন্তুক কেন্দ্ৰীয় বাজেটলৈ অধীৰ আশাৰে অপেক্ষা কৰিছে দেশবাসীয়ে। দেশৰ বিভিন্ন খণ্ডৰ দৰে ভাৰতীয় ফাৰ্মা উদ্যোগো (Pharma Industry) কেন্দ্ৰীয় বাজেটক লৈ এতিয়া যথেষ্ট আশাবাদী। জানো আহক এই বিষয়ে।

প্ৰতিনিধিত্বমূলক ছবি
অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট। আগন্তুক এই বাজেটলৈ অধীৰ আশাৰে অপেক্ষা কৰিছে দেশবাসীয়ে। দেশৰ বিভিন্ন খণ্ডৰ দৰে ভাৰতীয় ফাৰ্মা উদ্যোগো (Pharma Industry) কেন্দ্ৰীয় বাজেটক লৈ এতিয়া যথেষ্ট আশাবাদী। বিশ্ব বজাৰত ভাৰতীয় ঔষধৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ এই খণ্ডটোৱে কৰ গাঁথনিৰ সংস্কাৰ, নিয়ন্ত্ৰণ প্ৰক্ৰীয়াত সৰলীকৰণ আৰু নতুন ইনচেনটিভিৰ বাবে অপেক্ষা কৰিছে।
পিএলআই (PLI) আঁচনিৰ সম্প্ৰসাৰণ
বিশেষজ্ঞসকলৰ মতে, জেনেৰিক ঔষধৰ ক্ষেত্ৰত ‘প্ৰডাকচন লিংকড ইনচেনটিভি’ (PLI) আঁচনিয়ে সফলতা আনিছে যদিও এতিয়া ইয়াৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়োজন। বায়োচিমিলাৰ, পেপটাইড, বায়োলজিক্স, চেল আৰু জিন থেরাপিৰ দৰে অত্যাধুনিক চিকিৎসা প্ৰযুক্তিক ইয়াৰ আওতালৈ আনিলেহে এই খণ্ডৰ বিকাশ খৰতকীয়া হ’ব। ইয়াৰ ফলত ব্যক্তিগত বিনিয়োগ বৃদ্ধি পাব আৰু ভাৰত বিশ্বৰ প্ৰকৃত ‘ফাৰ্মা হাব’ত পৰিণত হ’ব।
কৰ গাঁথনিৰ সংস্কাৰ আৰু ঔষধৰ মূল্য হ্ৰাস
বৰ্তমান নতুন উৎপাদনকাৰী গোটৰ বাবে কৰৰ হাৰ ১৫ শতাংশ যদিও বহু নতুন সংস্থা এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত। সেয়েহে, উৎপাদন আৰম্ভ কৰাৰ সময়সীমা বৃদ্ধি আৰু নতুন সংস্থাসমূহক ৰেহাইৰ আওতালৈ আনিবলৈ দাবী উত্থাপন হৈছে। এনে কৰিলে জীৱনদায়ী ঔষধৰ উৎপাদন ব্যয় কমিব, যাৰ পোনপটীয়া সুফল সাধাৰণ জনতাই লাভ কৰিব।
গৱেষণা আৰু উন্নয়নৰ (R&D) বাবে পুঁজি
নতুন ঔষধ আৱিষ্কাৰ বা গৱেষণাত বিনিয়োগ উৎসাহিত কৰিবলৈ চৰকাৰে পূৰ্বৰ দৰে কৰ ৰেহাই দিয়াৰ লগতে এটা বৃহৎ কেন্দ্ৰীয় পুঁজি গঠনৰ প্ৰস্তাৱ আহিছে। গৱেষণাৰ বাবে পুঁজিৰ সহজলভ্যতাই ভাৰতীয় ফাৰ্মা কোম্পানীবোৰক বিশ্বস্তৰীয় প্ৰতিযোগিতাত সহায় কৰিব।
অনুজ্ঞাপত্ৰ আৰু প্ৰক্ৰিয়াৰ সৰলীকৰণ
আবেদনৰ দ্ৰুত ক্লিয়াৰেন্স, ‘কেন্দ্ৰীয় ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰোল অৰ্গেনাইজেচন’ (CDSCO)ৰ দ্ৰুত অনুমোদন আৰু বিভিন্ন ৰাজ্যৰ বাবে প্ৰয়োজনীয় পৃথক অনুজ্ঞাপত্ৰৰ জটিলতা দূৰ কৰাটো এই খণ্ডৰ বাবে অতি জৰুৰী। এনে জটিলতা দূৰ নকৰিলে নতুন ষ্টাৰ্ট-আপ আৰু বিনিয়োগকাৰীসকল বিপদৰ মুখত পৰাৰ সম্ভাৱনা থাকে।
সংক্ষেপে ক’বলৈ গ’লে, আগন্তুক বাজেটে যদি কৰ, নিয়ন্ত্ৰণ আৰু পুঁজিৰ ক্ষেত্ৰত সাহসী সংস্কাৰ আনিব নোৱাৰে, তেন্তে ভাৰতীয় ফাৰ্মা খণ্ডৰ ভৱিষ্যতৰ বিকাশ লেহেমীয়া হ’ব পাৰে। সেয়েহে, সমগ্ৰ উদ্যোগটোৱে এতিয়া বাজেটৰ ঘোষণাৰ দিশে চকু ৰাখিছে।