BSNL Gains Subscribers :ৰিচাৰ্জ ব্যয়বহুলৰ প্ৰত্যক্ষ প্ৰভাৱ , যোৱা দুটা মাহত BSNL য়ে লাভ কৰিছে ৫৪ লাখ গ্ৰাহক…!

পৰিসংখ্যা অনুসৰি, যোৱা দুমাহত ১.১৯ কোটি গ্ৰাহক হেৰুৱাইছে বৃহৎ ব্যক্তিগত কোম্পানীসমূহে আৰু ইয়াৰ বিপৰীতে BSNL য়ে লাভ কৰিছে ৫৪ লাখ নতুন গ্ৰাহক । যোৱা দুটা মাহত টেলিকম কোম্পানীসমূহৰ ব্যৱসায়ত ব্যয়বহুল ৰিচাৰ্জৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা গৈছে ।

BSNL Gains Subscribers :ৰিচাৰ্জ ব্যয়বহুলৰ প্ৰত্যক্ষ প্ৰভাৱ , যোৱা দুটা মাহত BSNL য়ে লাভ কৰিছে ৫৪ লাখ গ্ৰাহক...!

প্ৰতীকী ফটো

Updated On: 

26 Oct 2024 | 03:41 PM

ব্যক্তিগত টেলিকম কোম্পানীৰ মোবাইল ৰিচাৰ্জ ব্যয়বহুল হোৱাৰ পাছতে সেই কোম্পানীসমূহ সেৱাৰ গ্ৰহণৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে গ্ৰাহক সকলে । ইয়াৰ ফলস্বৰূপে অধিক লাভান্বিত হৈছে BSNL । কিয়নো দ্ৰুতগতিত ব্যক্তিগত টেলিকম কোম্পানীৰ সেৱা ত্যাগ কৰি BSNL সেৱাৰ সৈতে জড়িত হৈ পৰিছে গ্ৰাহক সকলক । প্ৰকাশিত তথ্য অনুসৰি, যোৱা দুটা মাহত বিএছএনএলে ৫৪ লাখ নতুন গ্ৰাহক লাভ কৰিছে ।

প্ৰকাশিত তথ্য় অনুসৰি, মোবাইল ৰিচাৰ্জ ব্যয়বহুল হোৱাৰ পাছতে দেশৰ প্ৰায় ১.২৫ কোটি গ্ৰাহকে ব্যক্তিগত টেলিকম কোম্পানীৰ সেৱা ত্যাগ কৰে । টেলিকম নিয়ন্ত্ৰক ট্ৰাইৰ আগষ্ট মাহৰ গ্ৰাহকৰ তথ্য প্ৰতিবেদন অনুসৰি, টেলিকম সেৱাৰ ৰিচাৰ্জ ব্যয়বহুল হোৱাৰ পিছতে ব্যক্তিগত কোম্পানীসমূহৰ গ্ৰাহকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে । সেই অনুসৰি, আগষ্ট মাহত তিনিটা বৃহৎ টেলিকম কোম্পানীয়ে ৮২ লাখ গ্ৰাহক হেৰুৱাইছিল ।

ইয়াৰ বিপৰীতে বিএছএনএলে ২৫ লাখ নতুন গ্ৰাহক লাভ কৰে । টেলিকম খণ্ডৰ বিশেষজ্ঞসকলৰ মতে, জুলাই মাহত ৰিচাৰ্জৰ হাৰ বৃদ্ধি পোৱাৰ পিছৰ পৰা গ্ৰাহকে ব্যক্তিগত কোম্পানী এৰি বিএছএনএলৰ পৰা সেৱা গ্ৰহণৰ ধাৰা অব্যাহত আছে।

প্ৰকাশিত তথ্য অনুসৰি, যোৱা দুটা মাহত BSNL ৰ বাহিৰে সকলো ব্যক্তিগত কোম্পানীয়ে গ্ৰাহক হেৰুৱাইছে আৰু মোবাইল নম্বৰ পৰ্টেবিলিটিৰ চাহিদা ১৫ শতাংশ বৃদ্ধি পাইছে। জুলাই মাহত যেতিয়া ৰিচাৰ্জ ব্যয়বহুল হৈ পৰিছিল,তেতিয়া গ্ৰাহকে দ্ৰুতগতিত ব্যক্তিগত কোম্পানীৰ সেৱা ত্যাগ কৰিবলৈ আৰম্ভ কৰিছিল। জুলাই মাহতে বৃহৎ টেলিকম কোম্পানীসমূহে ৩৭ লাখ গ্ৰাহক হেৰুৱাইছিল আৰু বিএছএনএলে ২৯ লাখ গ্ৰাহক লাভ কৰিছিল।

মনকৰিবলগীয়া যে, এটা মাহতে ১.৩০ কোটি গ্ৰাহকে নম্বৰ পৰ্টেবিলিটিৰ বাবে আবেদন কৰিছিল। আনহাতে জুন মাহত এই আবেদনৰ সংখ্যা আছিল মাত্ৰ ১০ লাখ। পৰিসংখ্যা অনুসৰি, যোৱা দুমাহত ১.১৯ কোটি গ্ৰাহক হেৰুৱাইছে বৃহৎ ব্যক্তিগত কোম্পানীসমূহে আৰু ইয়াৰ বিপৰীতে BSNL য়ে লাভ কৰিছে ৫৪ লাখ নতুন গ্ৰাহক । গতিকে যোৱা দুটা মাহত টেলিকম কোম্পানীসমূহৰ ব্যৱসায়ত ব্যয়বহুল ৰিচাৰ্জৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা গৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...