মাত্ৰ ১ টকাত আনলিমিটেড কল-ডাটা! এই কোম্পানীৰ ছিম আছে যদি এতিয়াই চাওক

মাত্ৰ ১ টকা টোকেন চাৰ্জত এক বিশেষ প্লেন সক্ৰিয় কৰিব পাৰিব। এই প্লেনত আপুনি ১ মাহৰ আনলিমিটেড ভইচ কল, প্ৰতিদিনে ২ GB ডাটা আৰু প্ৰতিদিনে ১০০ SMSৰ সুবিধা লাভ কৰিব। এনে সুবিধাসহ বিনামূলীয়াকৈ উপলব্ধ হ’ব টেলিকম প্ৰতিষ্ঠানটোৰ ছিম কাৰ্ডো।

মাত্ৰ ১ টকাত আনলিমিটেড কল-ডাটা! এই কোম্পানীৰ ছিম আছে যদি এতিয়াই চাওক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

21 Oct 2025 10:10 AM

মাত্ৰ ১ টকা ৰিচাৰ্জ কৰি আপুনি ব্যৱহাৰ কৰিব পাৰিব 4G নেটৱৰ্ক! এনে সুবিধা সততে নাহে গ্ৰাহকৰ বাবে। পিছে চৰকাৰী টেলিকম প্ৰতিষ্ঠান BSNL- এ এতিয়া গ্ৰাহকৰ বাবে এনে এক অভিনৱ ৰিচাৰ্জ প্লেন লৈ আহিছে। দেৱালীৰ উপহাৰ স্বৰূপে গ্ৰাহকসকললৈ এই অফাৰ আগবঢ়াইছে টেলিকম প্ৰতিষ্ঠানটোৱে। যোৱা ১৮ অক্টোবৰৰ পৰা আৰম্ভ হৈছে BSNL- ৰ ‘দীপাৱলী বোনাঞ্জা’। প্ৰতিষ্ঠানটোৰ এই বিশেষ অফাৰ অহা ১৮ নৱেম্বৰলৈকে চলি থাকিব এই অফাৰ।

চৰকাৰী টেলিকম প্ৰতিষ্ঠানটোৰ এনে বিশেষ অফাৰৰ মূল লক্ষ্য হৈছে উৎসৱৰ বতৰত গ্ৰাহকক আকৰ্ষণ কৰা। যদি আপুনি নতুন BSNL ব্যৱহাৰকাৰী তেতিয়াহ’লে মাত্ৰ ১ টকা টোকেন চাৰ্জত এক বিশেষ প্লেন সক্ৰিয় কৰিব পাৰিব। এই প্লেনত আপুনি ১ মাহৰ আনলিমিটেড ভইচ কল, প্ৰতিদিনে ২ GB ডাটা আৰু প্ৰতিদিনে ১০০ SMSৰ সুবিধা লাভ কৰিব।

এনে সুবিধাসহ বিনামূলীয়াকৈ উপলব্ধ হ’ব টেলিকম প্ৰতিষ্ঠানটোৰ ছিম কাৰ্ডো। BSNL- ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবিয়ে প্ৰতিষ্ঠানটোৰ এই অফাৰ সন্দৰ্ভত উল্লেখ কৰা মতে গ্ৰাহকে যাতে উচ্চমানৰ ‘মেক-ইন-ইণ্ডিয়া’ 4G নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

পুৰণি গ্ৰাহকৰ বাবেও অৱশ্যে প্ৰতিষ্ঠানটোৱে দেৱালীৰ অফাৰ আগবঢ়াইছিল। BSNL এপ বা ৱেবছাইটৰ পৰা ১০০ টকা বা তাতকৈ অধিক টকা ৰিচাৰ্জ কৰিলে ‘ফেষ্টিভেল অৱ ফৰ্চুন’ নামৰ লাকী ড্ৰ’ত অংশগ্ৰহণৰ সুযোগ আগবঢ়াইছিল প্ৰতিষ্ঠানটোৱে। যোৱা ১৮ৰ পৰা আৰম্ভ হোৱা এই অফাৰ অৱশ্যে ২০ অক্টোবৰত অন্ত পৰিছে।

এই অফাৰৰ অধীনত বিজয়ীসকলে প্ৰতিদিনে ৰূপৰ মুদ্ৰা লাভ কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ উপৰিও ‘গিফ্ট এ ৰিচাৰ্জ’ অফাৰৰ জৰিয়তে ২.৫ শতাংশ বোনাছ মূল্যৰ সুবিধাও আগবঢ়াইছে চৰকাৰী টেলিকম প্ৰতিষ্ঠানটোৱে। এইদৰে BSNL- এ দেৱালীৰ আনন্দ গ্ৰাহকৰ বাবে বিশেষ কৰি তুলিছে।

কেৱল ইমানেই নহয়, জ্যেষ্ঠ নাগৰিক অৰ্থাৎ ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে বিশেষ বাৰ্ষিক প্লেনো আছে BSNL- ৰ। এই প্লেনত দৈনিক ২ GB ডাটা উপলব্ধ হ’ব। ইয়াৰ উপৰিও ৪৮৫ আৰু ১,৯৯৯ টকাৰ ৰিচাৰ্জত ৫ শতাংশ ৰেহাই দিব BSNL- এ। অৱশ্যে ইয়াৰ আধা অৰ্থাৎ ২.৫ শতাংশ ৰেহাই পাব আৰু বাকী ২.৫ শতাংশ প্ৰতিষ্ঠানটোৱে বিভিন্ন সামাজিক কামত দান কৰিব।

পেটৰ আলচাৰৰ পৰা হাত সাৰিবলৈ এই খাদ্যসমূহ পৰিহাৰ কৰক
কাজি নেমুৱে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে নেকি?
ভগৱান হনুমান সন্তুষ্ট হ’লে ভক্তই লাভ কৰে এই সংকেত! জানক...
মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয়? জানক গৰুড় পুৰাণৰ পৰা...