আপুনি ক্ৰেডিট কাৰ্ড ব্লক কৰিব বিচাৰে নেকি? এই সহজ পদ্ধতিসমূহৰ সহায়ত কৰক চিৰদিনৰ বাবে ব্লক

How to block Credit Cards: ক্ৰেডিট কাৰ্ড ব্লক কৰাটো এটা অতি সহজ পদক্ষেপ যেন লাগিলেও, ই আপোনাৰ ক্ৰেডিট স্ক’ৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ ক্ষেত্ৰত আৰ বি আইয়ে কিছু নিয়ম নিৰ্ধাৰণ কৰিছে। জানো আহক এই নতুন নিয়মৰ সুবিধা কেনেকৈ ল’ব।

আপুনি ক্ৰেডিট কাৰ্ড ব্লক কৰিব বিচাৰে নেকি? এই সহজ পদ্ধতিসমূহৰ সহায়ত কৰক চিৰদিনৰ বাবে ব্লক

আপোনাৰ ক্ৰেডিট কাৰ্ডখন ব্লক কৰিব বিচাৰে নেকি?

Updated On: 

07 Jan 2025 | 10:47 PM

যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে আৰু ব্যৱহাৰ কৰিব বিচৰা নাই, তেন্তে সহজে ব্লক কৰিব পাৰে। প্ৰায়ে বেংকসমূহে ক্ৰেডিট কাৰ্ড ব্লক কৰিবলৈ অনিচ্ছুক হয়। বহুবাৰ অনুৰোধ কৰিলেও বেংকসমূহে কাৰ্ড ব্লক কৰাৰ অনুৰোধ সোনকালে গ্ৰহণ নকৰে। এনে পৰিস্থিতিত ক্ৰেডিট কাৰ্ড সন্দৰ্ভত আৰ বি আইৰ নিয়ম জনাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। যদি বেংকে আপোনাৰ ক্ৰেডিট কাৰ্ড বন্ধ কৰা নাই, তেন্তে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মৰ জৰিয়তে আপুনি নিজে কাৰ্ডখন ব্লক কৰিব পাৰে।

আৰ বি আইৰ নিয়ম অনুসৰি, যদি কোনো বেংকে ক্ৰেডিট কাৰ্ড বন্ধ নকৰে বা পলম কৰে, তেন্তে প্ৰতিদিনে গ্ৰাহকক ৫০০ টকা জৰিমনা দিব লাগিব। গতিকে ইয়াৰ বাবে কিছুমান কথা জনাটো গুৰুত্বপূৰ্ণ। আপুনি কোনো তথ্য নোহোৱাকৈ বেংকক কাৰ্ডখন ব্লক কৰিবলৈ ক’লে, তেওঁলোকে আপোনাক কথাৰ পাকত পেলাব পাৰে।

প্ৰতিদিনে বেংকে ভৰিব ৫০০ টকাৰ জৰিমনা

ভাৰতীয় ৰিজাৰ্ভ বেংকে ক্ৰেডিট কাৰ্ড প্ৰদান আৰু ব্লক কৰা সন্দৰ্ভত কিছু নিয়ম বান্ধি দিছে। আৰ বি আইৰ নিয়ম অনুসৰি, যদি কোনো গ্ৰাহকে ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে আবেদন কৰে তেন্তে ৭ দিনৰ ভিতৰত বেংকে ব্লক কৰা কাম আৰম্ভ কৰিব লাগিব।

যদি বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠানে এই কাম নকৰে, তেতিয়া সাত দিনৰ পিছত সংশ্লিষ্ট বেংক বা বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকক প্ৰতিদিনে ৫০০ টকা জৰিমনা ভৰিব লাগিব। মন কৰিবলগীয়া কথা যে, ক্ৰেডিট কাৰ্ডত কোনো ধৰণৰ বাকী থাকিব নালাগিব। যদি আপোনাৰ কাৰ্ডত কোনো বাকী আছে তেন্তে বেংকে আপোনাৰ অনুৰোধ মানি নল’ব। ২০২২ চনত আৰ বি আইয়ে এই নিয়ম কাৰ্যকৰী কৰিছিল।

গ্ৰাহক সহায়ক কেন্দ্ৰৰ সৈতে কথা পাতক

যিটো বেংকৰ সৈতে আপোনাৰ ক্ৰেডিট কাৰ্ড আছে, সেই বেংকৰ গ্ৰাহক সহায়ক কেন্দ্ৰলৈ ফোন কৰক আৰু আপোনাৰ কাৰ্ড বন্ধ কৰিবলৈ অনুৰোধ কৰক।

SMS প্ৰেৰণ কৰক

কিছুমান বেংকত SMSৰ জৰিয়তে ক্ৰেডিট কাৰ্ড ব্লক কৰিব পাৰি। এই সুবিধা লাভ কৰিবলৈ আপোনাৰ মোবাইল নম্বৰ সেই বেংকৰ একাউণ্টৰ সৈতে লিংক থাকিব লাগিব।

নেট বেংকিং/মোবাইল এপ

আপোনাৰ একাউণ্ট লগ ইন কৰক, তাৰ পিছত ক্ৰেডিট কাৰ্ডত ক্লিক কৰক আৰু “ক্ৰেডিট কাৰ্ড ব্লক” বিকল্পটো নিৰ্বাচন কৰক। বেংকৰ মোবাইল এপৰ জৰিয়তে ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ বাবেও অনুৰোধ জনাব পাৰে।

ই-মেইল

ই-মেইলৰ জৰিয়তে গ্ৰাহকে কাৰ্ডখন ব্লক কৰিব পাৰে। কাৰ্ডৰ সৈতে জড়িত প্ৰতিটো তথ্য ই-মেইলত দিব পাৰে।

পূৰ্বৰ ধন পৰিশোধ কৰিব লাগিব

ক্ৰেডিট কাৰ্ড থকা লোকে আগৰ ই এম আই, ঋণ, বেলেঞ্চ ট্ৰেন্সফাৰ ইত্যাদিৰ ধন ঘূৰাই দিব লাগিব। বেংকে পাব লগা ধন পৰিশোধ নকৰিলে আপোনাৰ ক্ৰেডিট কাৰ্ড বন্ধ নকৰে।

Reward পইণ্ট ব্যৱহাৰ কৰক

ক্ৰেডিট কাৰ্ডৰ লেনদেনৰ পৰা ক্ৰেডিট কাৰ্ডত Reward পইণ্ট জমা হয় আৰু এইবোৰ ব্যৱহাৰ কৰিব লাগে। কাৰ্ড বন্ধ হ’লে বেংকে সকলো পইণ্ট বাতিল কৰে।

বন্ধ হোৱাৰ পিছত পুনৰ কাৰ্ডখনৰ ব্যৱহাৰ নকৰিব

ক্ৰেডিট কাৰ্ডখন ব্লক হোৱাৰ পিছত পুনৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিব। বন্ধ কৰিব বিচৰা তাৰিখৰ এমাহ আগৰ পৰা কোনো লেনদেন নকৰিব। যাৰ বাবে বেংকে আপোনাৰ কাৰ্ডখন চেক কৰি ব্লক কৰিব। যদিহে কোনো লেনদেন বাকী থাকে তেন্তে ইয়াক ব্লক নকৰিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...