সাধাৰণ মুদ্ৰা নহয় এইটো, মূল্য জানিলে আচৰিত হ’ব আপুনি, এই মুদ্ৰাৰ জানক কাহিনী
দেওবাৰে ক্ৰিপ্টোকাৰেন্সীৰ জগতখনলৈ এক নতুন ঢৌ কঢ়িয়াই আনিলে বিটকইনে। সেই পৃথিৱীৰ একমাত্ৰ উদীয়মান তাৰকা বিটকইনে নিজৰ সৰ্বোচ্চ অভিলেখ স্পৰ্শ কৰিছে।

বিট কইনৰ মূল্য জানেনে?
এই ‘মুদ্ৰা’টো কোনো সাধাৰণ ‘মুদ্ৰা’ নহয়। দেখাত প্ৰায়বোৰ ভাৰতীয়ৰ পকেটত থকা ৫ টকীয়া ‘সোণালী মুদ্ৰা’ৰ দৰে যদিও ইয়াৰ মূল্য কল্পনাৰ বাহিৰত। ইয়াক কোৱা হয় ‘বিটকইন’। এই বিটকইনে এতিয়া গঢ়িছে নতুন অভিলেখ। কেইমাহমানৰ পূৰ্বে ১ কোটি টকাত উপনীত হৈছিল ইয়াৰ সৰ্বোচ্চ মূল্য। এতিয়া ১ কোটি ১০ লাখ ৯৫ হাজাৰ টকাৰ সীমা স্পৰ্শ কৰিছে এই মূল্যই। এই মুদ্ৰা বজাৰলৈ অনা সম্ভৱ বুলি আপুনি ভাবেনে?
দেওবাৰে ক্ৰিপ্টোকাৰেন্সীৰ জগতখনলৈ এক নতুন ঢৌ কঢ়িয়াই আনিলে বিটকইনে। সেই পৃথিৱীৰ একমাত্ৰ উদীয়মান তাৰকা বিটকইনে নিজৰ সৰ্বোচ্চ অভিলেখ স্পৰ্শ কৰিছে। এতিয়া বিটকইন ১ লাখ ২৫ হাজাৰ মাৰ্কিন ডলাৰৰ স্তৰত চলি আছে। জ্ঞাত সূত্ৰই জনোৱা মতে অক্টোবৰ মাহটো বিটকইনৰ বাবে এটা ভাল মাহ। এই ক্ৰিপ্টোকাৰেন্সীয়ে বিগত ১০ বছৰ ধৰি এই মাহত বিভিন্ন অভিলেখ গঢ়ি তুলিছে। যিটো এই বছৰো অব্যাহত আছে।
দেওবাৰে ৩ শতাংশ জপিয়াই সৰ্বোচ্চ মূল্যত উপনীত হয় বিটকইন। ফেলকন এক্স নামৰ এটা ক্ৰিপ্টো ব্ৰোকাৰেজ ফাৰ্মৰ এজন কাৰ্যবাহীয়ে কয় যে এয়া কেৱল বিটকইন নহয়। বৰ্তমান ইকুইটি আৰু সোণকে ধৰি কেইবাটাও বিনিয়োগ সৰ্বোচ্চ মূল্যত উপনীত হৈছে।
কোটি টকাৰ মূল্য স্পৰ্শ কৰিছে বিটকইনে কিন্তু সাধাৰণ মানুহৰ বাবে ইয়াৰ পাৰ কিবা লাভ হ’ব জানো? নে এতিয়াও লাভৰ সুবিধা আছে? বিশেষজ্ঞসকলে কয় যে বিটকইনত বিনিয়োগ কৰাৰ সময় এতিয়াও শেষ হোৱা নাই। আগতে বিনিয়োগ কৰা হ’লে লাভ বেছি হ’লহেঁতেন ৷ কিন্তু সময় এতিয়াও শেষ হোৱা নাই।
কিছুমানে অনুমান কৰিছে যে অহা কেইটামান দশকত বিটকইনৰ মূল্য ১ মিলিয়ন বা ১০ লাখ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব। গতিকে ক’ব পাৰি যে সময় এতিয়াও শেষ হোৱা নাই। বৰ্তমান ভাৰতৰ কেইবাটাও ব্ৰোকাৰ এপেও বিটকইনত বিনিয়োগৰ পথ মুকলি কৰিছে। য’ত অতি কম টকাৰে বিনিয়োগ আৰম্ভ কৰা সম্ভৱ।