AI য়ে কেতিয়াও কাঢ়ি ল’ব নোৱাৰে এই ৩টা চাকৰি, জনালে বিল গেটছে…

বৰ্তমান AI ৰ যুগ। ফটো এখন বনোৱাৰ পৰা ডাঙৰ ডাঙৰ কাম নিয়ন্ত্ৰণ কৰালৈকে বিভিন্ন ক্ষেত্ৰত এতিয়া এ আইৰ দখলত। কিন্তু বিল গেটছৰ মতে, এনে ৩ টা চাকৰি আছে যি এ আইয়ে কেতিয়াও কাঢ়ি ল'ব নোৱাৰে।

AI য়ে কেতিয়াও কাঢ়ি লব নোৱাৰে এই ৩টা চাকৰি, জনালে বিল গেটছে...

Bill Gates

Published: 

29 Jul 2025 22:31 PM

বৰ্তমান AI ৰ যুগ। এ আইৰ দ্বাৰা কি কৰিব নোৱাৰি! কিছুবছৰ আগলৈকে মানুহে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে বিশেষ একো জনা নাছিল। কিন্তু এতিয়া প্ৰায়ভাগ মানুহে এই আইৰ ব্যৱহাৰ কৰে। কোৱা হয় যে, ভৱিষ্যতে এ আইয়ে ডাঙৰ ক্ষেত্ৰ এখন দখল কৰিব। এতিয়া এয়া মাঁথো আৰম্ভণিহে। কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত মানুহৰ যে কেৱল সহায় হৈছে তেনে নহয়, প্ৰতিটো ক্ষেত্ৰৰে দুটা দিশ আছে। একাংশই দাবী কৰিছে, এ আইৰ প্ৰভাৱে বহু লোকৰ চাকৰি কাঢ়িব।

বিগত সময়চোৱাত বহু কোম্পানীয়ে বহুতক চাকৰিৰ পৰা বৰ্খাস্তও কৰিছে। ইয়াৰ বাবে বহুতে ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে কয় যে ৩টা চাকৰি আছে যিবোৰ কৃত্ৰিম বুদ্ধিমত্তাই কেতিয়াও কাঢ়ি নিব নোৱাৰিব। গতিকে প্ৰশ্ন হয়, সেই চাকৰি কেইটা কি কি?

 

যিসকলে AI সৃষ্টি কৰে

বিল গেটছৰ মতে, AI সৃষ্টিকাৰীসকলৰ কাম কেতিয়াও এ আইয়ে কাঢ়ি লব নোৱাৰে। এ আইয়ে নিজাববীয়াকৈ বহু কড কৰিব পাৰে, কিন্তু জটিল কিছুমান কামৰ বাবে এ আইয়ে সমস্যাৰ সন্মুখীন হয়।

শক্তি বিশেষজ্ঞ (Energy expert)

শক্তি এনে এটা খণ্ড যিটো কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা অকলে পৰিচালনা কৰা সম্ভৱ নহয়। তেল, পাৰমাণৱিক শক্তি, আৰু নবীকৰণযোগ্য শক্তিৰ সৈতে কাম কৰিবলৈ এই ক্ষেত্ৰত মানুহৰ প্ৰয়োজন হব। অৱশ্যে এই ক্ষেত্ৰত এ আইয়ে নিশ্চয়কৈ সহায় আগবঢ়াব পাৰিব।

জীৱবিজ্ঞানী

চিকিৎসা গৱেষণা আৰু বৈজ্ঞানিক আৱিষ্কাৰত য’ত সৃষ্টিশীলতা আৰু সমালোচনাত্মক চিন্তাৰ স্থান আছে, তেনে ক্ষেত্ৰত এ আইয়ে কেতিয়াও আধিপত্য বিস্তাৰ কৰিব নোৱাৰে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ সৈতে কিয় যুদ্ধবিৰতি কৰিছিল ভাৰতে? সদনত উত্তৰ দিলে মোদীয়ে…

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক