UPI New Rules: সলনি হ’ল UPIৰ নিয়মঃ বৃদ্ধি পালে ধন পৰিশোধৰ সীমা, লাভ কৰিব এনে সুবিধা

নতুন নিয়ম অনুসাৰে কিছুমান ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (P2M) কৰা লেনদেনৰ বাবে UPIৰ জৰিয়তে ধন পৰিশোধ কৰাৰ সীমা বৃদ্ধি কৰিছে আৰু ব্যক্তিৰ পৰা ব্যক্তিলৈ (P2P) ধন পৰিশোধৰ সীমাৰ কোনো পৰিৱৰ্তন হোৱা নাই।

UPI New Rules: সলনি হ’ল UPIৰ নিয়মঃ বৃদ্ধি পালে ধন পৰিশোধৰ সীমা, লাভ কৰিব এনে সুবিধা

UPIৰ নিয়ম সলনি

Published: 

15 Sep 2025 | 04:09 PM

বৰ্তমান সময়ত ধন পৰিশোধৰ ক্ষেত্ৰত অধিকাংশ লোকেই UPI ব্যৱহাৰ কৰে। পিছে আজিৰ পৰা UPI ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নতুনত্ব লাভ কৰিব ব্যৱহাৰকাৰীসকলে। ইণ্ডিয়ান নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন (NPCI)- এ UPI পে’মেণ্টৰ বহু নিয়ম সলনি কৰিছে। আজি অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰ পৰা ব্যৱহাৰকাৰীয়ে UPIৰ জৰিয়তে দৈনিক ১০ লাখ টকা পৰ্যন্ত ধন পৰিশোধ কৰিব পাৰিব। পূৰ্বে এই সীমা আছিল ২ লাখ টকা পৰ্যন্ত। সাধাৰণ লেনদেনৰ লগতে গহনা ক্ৰয়ৰ সীমাও বৃদ্ধি পাইছে। এনে পৰিৱৰ্তনে সাধাৰণ মানুহৰ ওপৰত স্বাভাৱিকতেই প্ৰত্যক্ষ প্ৰভাৱ পেলাব।

নতুন নিয়ম অনুসাৰে কিছুমান ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (P2M) কৰা লেনদেনৰ বাবে UPIৰ জৰিয়তে ধন পৰিশোধ কৰাৰ সীমা বৃদ্ধি কৰিছে আৰু ব্যক্তিৰ পৰা ব্যক্তিলৈ (P2P) ধন পৰিশোধৰ সীমাৰ কোনো পৰিৱৰ্তন হোৱা নাই। ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (P2M) ধাৰণাৰ সহজ অৰ্থ হ’ল এজন ব্যক্তিয়ে ব্যৱসায়ীক পৰিশোধ কৰা ধন।

এইক্ষেত্ৰত ধন পৰিশোধৰ সীমা পূৰ্বে এদিনত ২ লাখ টকা আছিল যদিও এতিয়া ১০ লাখ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ বাহিৰেও যেতিয়া কোনো ব্যক্তিয়ে আন এজন ব্যক্তিলৈ পোনপটীয়াকৈ ধন প্ৰেৰণ কৰে, তেতিয়া ইয়াক ব্যক্তিৰ পৰা ব্যক্তিলৈ (P2P) বুলি কোৱা হয়। এই সীমা পূৰ্বে ১ লাখ টকা আছিল আৰু এতিয়াও এই পৰিমাণ অপৰিৱৰ্তিত হৈছে।

এই শ্ৰেণীসমূহৰ বাবে সীমা বৃদ্ধি কৰা হৈছেঃ

গহনা ক্ৰয়ঃ UPIৰ অধীনত গহনা ক্ৰয়ৰ সীমা বৃদ্ধি কৰা হৈছে। এতিয়া প্ৰতিটো লেনদেনত ২ লাখ টকা পৰ্যন্ত আৰু ২৪ ঘন্টাত ৬ লাখ টকা পৰ্যন্ত ধন পৰিশোধ কৰিব পাৰিব। পূৰ্বে প্ৰতিটো লেনদেনৰ সৰ্বোচ্চ সীমা আছিল ১ লাখ টকা।

ট্ৰেভেল বুকিংঃ এতিয়া ভ্ৰমণ সম্পৰ্কীয় বুকিঙৰ বাবে UPIৰ জৰিয়তে এটা সময়ত ৫ লাখ টকা পৰ্যন্ত পেমেণ্ট কৰিব পাৰিব। লগতে ২৪ ঘন্টাত ১০ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।

ঋণ পৰিশোধঃ ঋণ পৰিশোধৰ দৰে সংগ্ৰহৰ বাবে প্ৰতিটো লেনদেনৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে আৰু ২৪ ঘন্টাত আপুনি ১০ লাখ টকা পৰিশোধ কৰিব পাৰিব।

কেপিটেল মাৰ্কেটঃ ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডৰ দৰে কেপিটেল মাৰ্কেট ইনভেষ্টমেণ্টৰ বাবে আপুনি এটা সময়ত ৫ লাখ টকা পৰ্যন্ত প্ৰেৰণ কৰিব পাৰিব আৰু ২৪ ঘন্টাত ১০ লাখ টকা পৰ্যন্ত পৰিশোধ কৰিব পাৰিব।

ক্ৰেডিট কাৰ্ডৰ ধন পৰিশোধঃ চৰকাৰে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধৰ সীমাও প্ৰতিটো লেনদেনত ৫ লাখ টকা আৰু ২৪ ঘণ্টাৰ বাবে ৬ লাখ টকালৈ বৃদ্ধি কৰিছে। পূৰ্বে প্ৰতিটো লেনদেনৰ সীমা আছিল ২ লাখ টকা।

বীমাঃ প্ৰতিটো লেনদেনত বীমা প্ৰিমিয়াম দিয়াৰ সীমা ৫ লাখ টকা আৰু ২৪ ঘন্টাত মুঠ ১০ লাখ টকাৰ সীমা থাকিব।

ডিজিটেল একাউণ্ট খোলাঃ এই একাউণ্টসমূহত প্ৰাৰম্ভিক ধন জমা কৰাৰ সীমা প্ৰতিটো লেনদেনত ৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব