সাৱধান, আপুনিও বিদেশী কোম্পানীৰ নুডলছ-চিপছ খাই নেকি? এই দেশসমূহত বিক্ৰী কৰা হৈছে অস্বাস্থ্যকৰ সামগ্ৰী!

আপুনি আন্তৰ্জাতিক খাদ্য কোম্পানীৰ দ্বাৰা তৈয়াৰী চিপছ, আইচক্ৰীম, শীতল পানীয় আৰু নুডলছ আদি খাই নেকি? তেন্তে সাৱধান হওক, কিয়নো বহুতো আন্তৰ্জাতিক খাদ্য কোম্পানীৰ সন্দৰ্ভত এক ডাঙৰ তথ্য প্ৰকাশ হৈছে। সবিশেষ জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

সাৱধান, আপুনিও বিদেশী কোম্পানীৰ নুডলছ-চিপছ খাই নেকি? এই দেশসমূহত বিক্ৰী কৰা হৈছে অস্বাস্থ্যকৰ সামগ্ৰী!

এই দেশসমূহত বিক্ৰী কৰা হৈছে অস্বাস্থ্যকৰ সামগ্ৰী!

Published: 

08 Nov 2024 | 06:04 PM

যদি আপুনি বিদেশী কোম্পানীয়ে তৈয়াৰ কৰা নুডলছ, ক’ল্ড ড্ৰিংকছ, চিপছ বা আইচক্ৰীমৰ দৰে বস্তু খাব বিচাৰে, তেন্তে এতিয়া সাৱধান হোৱাৰ সময়। এই সামগ্ৰীবোৰ তৈয়াৰ কৰা বহুতো আন্তৰ্জাতিক কোম্পানীৰ বিষয়ে এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই কোম্পানীবোৰে কিছুমান দেশত এনে খাদ্য-সামগ্ৰী বিক্ৰী কৰে যিবোৰ স্বাস্থ্যৰ ক্ষেত্ৰত অপকাৰী।

প্ৰতিবেদনত দাবী কৰা হৈছে যে এই আন্তঃৰাষ্ট্ৰীয় কোম্পানীবোৰে ধনী দেশতকৈ দৰিদ্ৰ দেশবোৰত ‘কম স্বাস্থ্যকৰ’ সামগ্ৰীসমূহ বিক্ৰী কৰে। য’ত ধনী দেশত বিক্ৰী হোৱা সামগ্ৰীৰ দৰে স্বাস্থ্যকৰ উপাদান ব্যৱহাৰ কৰা নহয়। অৰ্থাৎ ধনী দেশত বিক্ৰী কৰা সামগ্ৰীৰ তুলনাত দৰিদ্ৰ দেশবোৰত বিক্ৰী কৰা খাদ্যৰ মানদণ্ড নিম্নমানৰ।

এই কোম্পানীবোৰৰ তথ্য প্ৰকাশ

ৰয়টাৰ্ছৰ এক বাতৰি অনুসৰি, বিশ্বৰ বিখ্যাত খাদ্য কোম্পানীসমূহৰ ভিতৰত থকা নেছলে, পেপচিকো আৰু ইউনিলিভাৰৰ দৰে কোম্পানীৰ সামগ্ৰীসমূহ পৰীক্ষা কৰা হৈছিল। এই সামগ্ৰীবোৰত ব্যৱহৃত উপাদানবোৰ আৰু স্বাস্থ্যৰ ওপৰত সেইবোৰৰ প্ৰভাৱ, অৰ্থাৎ সেইবোৰৰ পুষ্টিগত মূল্য সন্দৰ্ভত এক সূচক প্ৰস্তুত কৰা হৈছে। এই সূচক ‘Access to Nutrition initiative’ (ATNI)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।

এই সূচকত দেখা গৈছে যে এই কোম্পানীবোৰে তৃতীয় বিশ্বৰ দেশ বা দৰিদ্ৰ দেশবোৰত বিক্ৰী হোৱা সামগ্ৰীবোৰ ধনী দেশ বা প্ৰথম বিশ্বৰ দেশবোৰৰ তুলনাত ‘কম স্বাস্থ্যকৰ’। এই সূচীত মুঠ ৩০টা কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোকক পুষ্টিগত মূল্যৰ ওপৰত আধাৰিত কৰি ষ্টাৰ ৰেটিং দিয়া হৈছে, যাক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে বিকশিত কৰিছিল।

ফুড ষ্টাৰ ৰেটিং চিষ্টেম কি?

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে খাদ্য সামগ্ৰীৰ পুষ্টিগত মূল্যৰ বাবে এটা ষ্টাৰ ৰেটিং প্ৰণালী বিকশিত কৰিছে। সেইবোৰ ঠিক তেনেকুৱাই যেনেকুৱা ইলেক্ট্ৰনিক সামগ্ৰী আৰু সেইবোৰৰ শক্তি দক্ষতাৰ বাবে ভাৰতত Bureau of Energy Efficiency (BEE)য়ে বিকশিত কৰিছে।

এই ৰেটিং প্ৰণালীত, স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ সামগ্ৰীবোৰে ৫টা ষ্টাৰ লাভ কৰে। আনহাতে ৩.৫তকৈ অধিক ষ্টাৰ ৰেটিং থকাবোৰক এভাৰেজ বুলি গণ্য কৰা হয়। কিন্তু আচৰিত কথাটো হ’ল যে দৰিদ্ৰ দেশবোৰত এই কোম্পানীবোৰে বিক্ৰী কৰা সামগ্ৰীবোৰৰ ৰেটিঙৰ স্তৰ ১.৮ ষ্টাৰ । অৱশ্যে এতিয়ালৈকে এই ৰিপৰ্ট সন্দৰ্ভত কোম্পানীবোৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...