বন্দে ভাৰত এক্সপ্ৰেছক লৈ ৰে’লৱেৰ ডাঙৰ সিদ্ধান্ত, যাত্ৰীৰ বাবে উপলব্ধ হ’ব পেকেজড খাদ্য

ভাৰতৰ যাত্ৰীসকলে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে, যদি ৰে’লত ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰৰ খাদ্যৰ লগতে কিছু স্নেকছৰো ব্যৱস্থা কৰা, তেন্তে সেয়া সুবিধাজনক হ'ব। যাত্ৰীসকলৰ এই দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰে’লৱেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বন্দে ভাৰত এক্সপ্ৰেছক লৈ ৰে’লৱেৰ ডাঙৰ সিদ্ধান্ত, যাত্ৰীৰ বাবে উপলব্ধ হব পেকেজড খাদ্য

বন্দে ভাৰত এক্সপ্ৰেছ

Updated On: 

14 Mar 2025 | 01:44 PM

যাত্ৰীসকলৰ বাবে আন এক ভাল খবৰ। এইবাৰ বন্দে ভাৰত ৰে’লত দুপৰীয়াৰ আহাৰ-ৰাতিৰ আহাৰ গ্ৰহণৰ লগতে পাব আন কিছু পাতল খাদ্য। ৰে’ল যাত্ৰাৰ সময়ত যদি অলপ ভোক লাগে তেন্তে চিপচ, শীতল পানীয়, বিস্কুটৰ দৰে পেক কৰা খাদ্যও উপলব্ধ হ’ব বন্দে ভাৰতত।

ভাৰতৰ যাত্ৰীসকলে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে, যদি ৰে’লত ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰৰ খাদ্যৰ লগতে কিছু স্নেকছৰো ব্যৱস্থা কৰা, তেন্তে সেয়া সুবিধাজনক হ’ব। যাত্ৰীসকলৰ এই দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰে’লৱেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰে পৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লত উপলব্ধ হ’ব পেকেজড খাদ্যও।

খবৰ অনুসৰি এই সেৱা গোৰখপুৰ-অযোধ্যা-লক্ষ্ণৌ-প্ৰয়াগৰাজ বন্দে ভাৰত এক্সপ্ৰেছত উপলব্ধ হ’ব।  এই সেৱা আৰম্ভ কৰিছে IRCTCE-এ। ভেণ্ডৰ ট্ৰলীৰ সৈতে বিভিন্ন ধৰণৰ ‘ৰেডি টু ইট’ খাদ্য আৰু পানীয় উপলব্ধ হ’ব। ইয়াৰ উপৰিও খাদ্য বুকিং কৰাসকলেও সেই আহাৰ লাভ কৰিব।

ৰে’লৱেৰ সূত্ৰ অনুসৰি প্ৰথম অৱস্থাত এই সেৱা কেৱল গোৰখপুৰৰ বন্দে ভাৰত এক্সপ্ৰেছতহে উপলব্ধ হ’ব। পিছত এই সেৱা বন্দে ভাৰত এক্সপ্ৰেছৰ বাকী অংশতো প্ৰৱৰ্তন কৰা হ’ব। বৰ্তমান বন্দে ভাৰত এক্সপ্ৰেছত খাদ্যৰ বাবে প্ৰি-বুকিং কৰিব লাগে। এই ক্ষেত্ৰত টিকটৰ সময়ত খাদ্য নিৰ্বাচন কৰাৰ ব্যৱস্থা থাকে। এতিয়াৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছত ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰৰ লগতে যাত্ৰীসকলৰ বাবে   পেকেজড খাদ্য উপলব্ধ হ’ব।

বন্দে ভাৰত এক্সপ্ৰেছৰ সুবিধা

বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতীয় ৰেলৱেৰ দ্বাৰা পৰিচালিত এখন বৈদ্যুতিক বহু ইউনিটযুক্ত ৰেল।বন্দে ভাৰত এক্সপ্ৰেছত ১৬টা দবা আছে। য’ত ২ টা এক্সিকিউটিভ ক্লাছ কোচ (EC) আৰু ১৪ টা চেয়াৰ কাৰ কোচ (CC)। দুয়োবিধেই শীততাপ নিয়ন্ত্ৰিত। লগতে ৰে’লখনত কেইবাটাও আধুনিক বৈশিষ্ট্য আছে। যেনে স্বয়ংক্ৰিয় দুৱাৰ, অনব’ৰ্ড ৱাই-ফাই, জিপিএছ ভিত্তিক যাত্ৰী তথ্য ব্যৱস্থা, বায়’-ভেকুয়াম টয়লেট, চিচিটিভি কেমেৰা ইত্যাদি। ৰে’লখনত এখন ৰান্ধনী দবা আছে, য’ত যাত্ৰীসকলক সদ্যহতে ৰন্ধা খাদ্য পৰিৱেশন কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...