দেশৰ অৰ্থনীতিত বৃহৎ পৰিৱৰ্তন, দুবছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পালে GDP!

মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বৰ নিম্নতম আছিল ৪.৩ শতাংশ, যি ২০২২-২৩ বিত্তীয় বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ তিনিমহীয়া হিচাপত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে, দ্ৰুতগতিত বিকশিত হোৱা মুখ্য অৰ্থনীতিৰ তালিকাত আছে ভাৰত। এই বছৰৰ জুলাই-ছেপ্টেম্বৰ তিনিমাহত, চীনৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৪.৬ শতাংশ।

দেশৰ অৰ্থনীতিত বৃহৎ পৰিৱৰ্তন, দুবছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পালে GDP!

দুবছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পালে দেশৰ GDP!

Published: 

30 Nov 2024 12:44 PM

উৎপাদন খণ্ডত দুৰ্বল প্ৰদৰ্শনৰ বাবে চলিত বিত্তীয় বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ তিনিমাহত দেশৰ অৰ্থনৈতিক বিকাশ ৫.৪ শতাংশলৈ হ্ৰাস পাইছে। যি হৈছে প্ৰায় দুবছৰৰ ভিতৰত ইয়াৰ নিম্নতম স্তৰ। শুকুৰবাৰে প্ৰকাশ কৰা চৰকাৰী পৰিসংখ্যাত এই তথ্য প্ৰকাশ কৰা হৈছে। এবছৰ আগতে এই অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৮.১ শতাংশ।

মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বৰ নিম্নতম আছিল ৪.৩ শতাংশ, যি ২০২২-২৩ বিত্তীয় বৰ্ষৰ অক্টোবৰ-ডিচেম্বৰ তিনিমহীয়া হিচাপত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে, দ্ৰুতগতিত বিকশিত হোৱা মুখ্য অৰ্থনীতিৰ তালিকাত আছে ভাৰত। এই বছৰৰ জুলাই-ছেপ্টেম্বৰ তিনিমাহত, চীনৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৪.৬ শতাংশ।

ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয় (NSO)য়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ তিনিমাহত কৃষি খণ্ডত ৩.৫ শতাংশ বৃদ্ধি পাইছে। যাৰ বিপৰীতে এবছৰ আগতে একে সময়ত ১.৭ শতাংশ বৃদ্ধি হৈছিল। যোৱা তিনিমাহত, উৎপাদন খণ্ডৰ বিকাশৰ হাৰ ২.২ শতাংশলৈ হ্ৰাস পাইছিল, আনহাতে এবছৰ আগতে ই ১৪.৩ শতাংশ বৃদ্ধিৰ ৰেকৰ্ড গঢ়িছিল।

দ্বিতীয় তিনিমাহৰ জিডিপিৰ পৰিসংখ্যা চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধৰ বাবে জিডিপি বৃদ্ধি ৬ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। আগৰ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত, জিডিপি বৃদ্ধি আছিল ৮.২ শতাংশ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত জিডিপি বৃদ্ধি ৬.৭ শতাংশত অপৰিৱৰ্তিত আছিল।

বিত্তীয় ঘাটি

২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম সাত মাহত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় ঘাটি সম্পূৰ্ণ বছৰৰ লক্ষ্যৰ ৪৬.৫ শতাংশত উপনীত হৈছিল। এই তথ্য শুকুৰবাৰে চৰকাৰী তথ্যত প্ৰকাশ পাইছিল । কণ্ট্ৰোলাৰ জেনেৰেল অফ একাউণ্টছ (CGA)ৰ মতে, এপ্ৰিল-অক্টোবৰ সময়ছোৱাত বিত্তীয় ঘাটি আছিল ৭,৫০,৮২৪ কোটি টকা। উল্লেখ্য যে, চৰকাৰী ব্যয় আৰু ৰাজহৰ মাজৰ পাৰ্থক্যক বিত্তীয় ঘাটি বুলি কোৱা হয়। একেদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ঘাটি বাজেট অনুমান ৪৫ শতাংশ আছিল।

চৰকাৰে ২০২৪-২৫ বৰ্ষৰ চলিত বিত্তীয় বৰ্ষত বিত্তীয় ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) ৪.৯ শতাংশলৈ অনাৰ অনুমান ব্যক্ত কৰিছে। সেয়েহে, চৰকাৰৰ লক্ষ্য হৈছে চলিত বিত্তীয় বৰ্ষত বিত্তীয় ঘাটি ১৬,১৩,৩১২ কোটি টকাত সীমিত ৰখা।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension