বিউটি প্ৰডাক্ট বিক্ৰী কৰি এই কোম্পানীটোৱে ৩ মাহত উপাৰ্জন কৰিলে ১৩ কোটিৰো অধিক…

দেশত বিউটি প্ৰডাক্টৰ ব্যৱসায় কৰা কোম্পানীবোৰে দীৰ্ঘদিন ধৰি বিপুল ধন উপাৰ্জন কৰি আহিছে। এনে এটা কোম্পানীৰ লাভৰ পৰিমাণ পোহৰলৈ আহিছে যিয়ে যোৱা ৩ মাহত ১৩ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

বিউটি প্ৰডাক্ট বিক্ৰী কৰি এই কোম্পানীটোৱে ৩ মাহত উপাৰ্জন কৰিলে ১৩ কোটিৰো অধিক...

সৌন্দৰ্য

Published: 

13 Nov 2024 | 03:47 PM

লিপষ্টিক হওক বা লিপ গ্লছ হওক… কাজল হওক বা আন কিবা… দেশত বিউটি প্ৰডাক্টৰ ব্যৱসায় কৰা কোম্পানীবোৰে দীৰ্ঘদিন ধৰি বিপুল ধন উপাৰ্জন কৰি আহিছে। সৰুৰ পৰা ডাঙৰলৈ, সৌন্দৰ্যৰ লগজ জড়িত প্ৰতিটো প্ৰডাক্টে যথেষ্ঠ মুনাফা অৰ্জন কৰি আছে। এনে এটা কোম্পানীৰ তথ্য পোহৰলৈ আহিছে , যিয়ে অনলাইনত সৌন্দৰ্য্য সামগ্ৰী বিক্ৰী কৰি এবছৰত ১৩ কোটি টকা উপাৰ্জন কৰিছে। আমি ই-কমাৰ্চ ৱেবছাইট Nykaa ৰ কথা কৈছোঁ, যিয়ে জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ১৩ কোটি টকা লাভ কৰিছে। Nykaa হৈছে সৌন্দৰ্য্য সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠান।

যদি যোৱা বছৰৰ একেটা ত্ৰৈমাসিকৰ সৈতে এইবাৰ তুলনা কৰা হয়  তেন্তে এবছৰত নাইকাৰ লাভৰ পৰিমাণ ৬৬ শতাংশ বৃদ্ধি পাইছে। যোৱা বছৰ জুলাই-ছেপ্টেম্বৰ মাহত কোম্পানীটোৰ লাভ আছিল ৭.৮ কোটি টকা। এই সময়ছোৱাত কোম্পানীটোৰ পৰিচালনা ৰাজহও ২৪ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পৰিমাণ বৰ্তমান হৈছে ১৮৭৫ কোটি টকা । ইয়াৰ ভিতৰত কোম্পানীটোৱে সৌন্দৰ্য বিভাগৰ পৰা ১৭০৩ কোটি টকাৰ ৰাজহ লাভ কৰাৰ বিপৰীতে ফেশ্বন খণ্ডৰ পৰা ১৬৬ কোটি টকা ৰাজহ লাভ কৰিছে।

একেদৰে জুলাই-ছেপ্টেম্বৰ মাহত কোম্পানীটোৰ প্লেটফৰ্মত মুঠ ৩৬৫২ কোটি টকাৰ সামগ্ৰী বিক্ৰী হৈছিল। ইয়াত বিউটি ছেগমেণ্টৰ মূল্য আছিল ২৭৮৩ কোটি আৰু ফেশ্বন ছেগমেণ্টৰ মূল্য ৮৬৩ কোটি টকা।

নাইকা ষ্টক মাৰ্কেটত তালিকাভুক্ত হোৱাৰ বেছি দিন হোৱা নাই যদিও শ্বেয়াৰহোল্ডাৰসকলৰ অহৰহ লাভ হৈ আহিছে। যদি কেৱল ২০২৪ চনৰ কথা কোৱা হয়, তেন্তে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্যৰ বৃদ্ধি হৈছে আৰু ই  ৪.১৪ শতাংশ ৰিটাৰ্ণ দিছে। আনহাতে যোৱা ৬ মাহত ইয়াৰ শ্বেয়াৰৰ ৰিটাৰ্ণ ৫.৯৯ শতাংশ হৈছে।

কিন্তু কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য এতিয়াও ৫২ সপ্তাহৰ উচ্চতম অৰ্থাৎ ২২৯.৮০ টকাৰ বহু তলত আছে। আনহাতে ৫২ সপ্তাহৰ নিম্নতম ১৩৯.৮০ টকাত আছে। মঙলবাৰে কোম্পানীটোৰ শ্বেয়াৰ ১৭৯ টকাত বন্ধ হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...