Bank Holiday : বৰদিনৰ পৰা নৱবৰ্ষলৈ বন্ধ বেংক! জানক সবিশেষ

২৪ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ ৮ দিন বাকী। এই ৮ দিনত এনেকুৱা নহয় যে দেশৰ কোনো ৰাজ্যতে বেংক বন্ধ নাথাকিব! ২৪ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ কোহিমাত একেৰাহে ৬ দিন বেংক বন্ধ থাকিব। অৱশ্যে বেংকৰ জৰিয়তে অনলাইন লেনদেনৰ সুবিধা লাভ কৰি থাকিব বেংকৰ গ্ৰাহকে।

Bank Holiday : বৰদিনৰ পৰা নৱবৰ্ষলৈ বন্ধ বেংক! জানক সবিশেষ

বৰদিনৰ পৰা নৱবৰ্ষলৈ কিমান দিন বন্ধ থাকিব বেংক

Updated On: 

23 Dec 2024 | 04:51 PM

২০২৪ চনৰ শেষ সপ্তাহ আৰম্ভ হৈছে। আৰ বি আইৰ বন্ধৰ তালিকা অনুসৰি অহা ৩১ ডিচেম্বৰ পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তত ৮ দিনৰ বাবে বেংক বন্ধ থাকিব। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে দেশৰ বিভিন্ন অঞ্চলত ৬ দিন ধৰি বন্ধ থাকিব। এই সময়ছোৱাত দেশৰ বহু ঠাইত বিভিন্ন ধৰণৰ অনুষ্ঠান উদযাপন হ’ব। ২৭ ডিচেম্বৰলৈকে বহু ৰাজ্যত বৰদিনৰ উদযাপন হৈ থাকিব। এই সময়ছোৱাত দেশৰ বহু বেংকসমূহ বন্ধ হৈ থাকিব।

২৪ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ ৮ দিন। এই ৮ দিনত এনে দিন নাই যে দেশৰ কোনো ৰাজ্যতে বেংক বন্ধ নাথাকিব। বিশেষ কথাটো হ’ল ২৪ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ কোহিমাত একেৰাহে ৬ দিন বেংক বন্ধ থাকিব। অৱশ্যে, বেংকৰ জৰিয়তে অনলাইন লেনদেনৰ সুবিধা লাভ কৰি থাকিব বেংকৰ গ্ৰাহকে।জানক দেশৰ কোনবোৰ ৰাজ্যত কি কাৰণে আৰু কোন তাৰিখে বেংক বন্ধ থাকিব?

বেংক বন্ধৰ তালিকা

  1. ২৪ ডিচেম্বৰ ২০২৪ ত বৰদিনৰ পূৰ্বে আইজল, কোহিমা আৰু শ্বিলঙত বন্ধ থাকিব।
  2. বৰদিন উপলক্ষে ২৫ ডিচেম্বৰ ২০২৪ ত সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
  3. ২৬ ডিচেম্বৰ ২০২৪ ত আইজল, কোহিমা, শ্বিলংকে ধৰি দেশৰ কিছুমান ৰাজ্যত বৰদিনৰ উদযাপন হৈ থাকিব, যাৰ বাবে বেংকত বন্ধ থাকিব।
  4. বৰদিনৰ উদযাপনৰ বাবে ২৭ ডিচেম্বৰ ২০২৪ত কোহিমাত বেংকৰ বন্ধ থাকিব।
  5. চতুৰ্থ শনিবাৰৰ বাবে ২৮ ডিচেম্বৰ ২০২৪ ত সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
  6. দেওবাৰৰ বাবে ২৯ ডিচেম্বৰ ২০২৪ ত সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
  7. U Kiang Nangbah উপলক্ষে ৩০ ডিচেম্বৰ ২০২৪ ত শ্বিলঙত বেংক বন্ধ থাকিব।
  8. ৩১ ডিচেম্বৰত নৱবৰ্ষৰ পূৰ্বে উদযাপন কৰা হ’ব। এই উপলক্ষে আইজল আৰু গেংটকৰ বেংকৰ বাবে বন্ধ থাকিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...