Bank Holidays July 2025: জুলাই মাহত কেইদিন বন্ধ থাকিব বেংক, ধনৰ লেনদেনত সমস্যা হ’ব নেকি?

২০২৫ চনৰ জুলাই মাহত দিয়া বন্ধৰ বাবে বেংকৰ গ্ৰাহকসকলে অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদিও আপুনি অনলাইন বেংকিং বিকল্পৰ জৰিয়তে বেছিভাগ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব বিচাৰে, তথাপিও কিছুমান কাম কেৱল শাখালৈ গৈহে সম্ভৱ হয়।

Bank Holidays July 2025: জুলাই মাহত কেইদিন বন্ধ থাকিব বেংক, ধনৰ লেনদেনত সমস্যা হ’ব নেকি?

জুলাই মাহত কেইদিন বন্ধ থাকিব বেংক

Published: 

29 Jun 2025 | 08:28 AM

জুন মাহটো শেষ হ’বলৈ আৰু এটা দিন বাকী। ২০২৫ চনৰ জুলাই মাহত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনেৰে টোকৰ মাৰিব। বিশেষ কথাটো হ’ল জুলাই মাহত সমগ্ৰ দেশতে মুঠ ১৩ দিন বেংকে কাম নকৰে। এনে ক্ষেত্ৰত যদি আপোনাৰো বেংকৰ কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আছে, তেন্তে এই বন্ধৰ দিনবোৰ মনত ৰাখি পৰিকল্পনা কৰাটো ভাল।

দেওবাৰ, শনিবাৰ আৰু উৎসৱ—এইবোৰ কাৰণত বেংক বন্ধ থাকিব

এই বেংক বন্ধৰ দিনত চাৰিটা দেওবাৰ, দুটা শনিবাৰ (দ্বিতীয় আৰু চতুৰ্থ) অন্তৰ্ভুক্ত, ইয়াৰ উপৰিও স্থানীয় উৎসৱ, উদযাপন আৰু ঐতিহাসিক অনুষ্ঠানৰ বাবে বহু ৰাজ্যত বেংকিং সেৱাও বন্ধ থাকিব।

কেতিয়া আৰু কিয় বন্ধ থাকিব বেংক?

  • ৩ জুলাই (বৃহস্পতিবাৰ): খাৰচী পূজাৰ দিনটোত আগৰতলাত বন্ধ থাকিব বেংক।
  • ৫ জুলাই (শনিবাৰ): জম্মু-কাশ্মীৰত গুৰু হৰগোবিন্দ সিং জয়ন্তীত বন্ধৰ থাকিব।
  • ৬ জুলাই (দেওবাৰ): সমগ্ৰ দেশতে সাপ্তাহিক বন্ধ।
  • ১২ জুলাই (শনিবাৰ): দ্বিতীয় শনিবাৰে বেংক বন্ধ থাকিব।
  • ১৩ জুলাই (দেওবাৰ): সাপ্তাহিক বন্ধ।
  • ১৪ জুলাই (সোমবাৰ): বেহ ডিনখলাম উৎসৱৰ বাবে শ্বিলঙত বেংক বন্ধ থাকিব।
  • ১৬ জুলাই (বুধবাৰ): ডেৰাডুনত হৰেলা উৎসৱত বন্ধ বেংক।
  • ১৭ জুলাই (বৃহস্পতিবাৰ): য়ু তিৰোত সিঙৰ মৃত্যু তিথিত শিলচৰত বেংক বন্ধ।
  • ১৯ জুলাই (শনিবাৰ): কেৰ পূজাৰ বাবে আগৰতলাত বেংক বন্ধ।
  • ২০ জুলাই (দেওবাৰ): সাপ্তাহিক বন্ধ।
  • ২৬ জুলাই (শনিবাৰ): চতুৰ্থ শনিবাৰে সমগ্ৰ দেশতে বেংক বন্ধ।
  • ২৭ জুলাই (দেওবাৰ): সাপ্তাহিক বন্ধ।
  • ২৮ জুলাই (সোমবাৰ): গেংটকৰ ড্ৰুকপা স্তে-জিত বেংক বন্ধ থাকিব।

অনলাইন বেংকিঙৰ কাম বন্ধ নহয়

যদিও এই বন্ধৰ দিনবোৰ গ্ৰাহকৰ বাবে অলপ অসুবিধাজনক হ’ব পাৰে, তথাপিও ডিজিটেল বেংকিং সেৱা যেনে নেট বেংকিং, ইউপিআই, মোবাইল এপ আৰু এটিএম সেৱা সম্পূৰ্ণৰূপে সক্ৰিয় হৈ থাকিব। ইয়াৰ দ্বাৰা একাউণ্টৰ পৰা ধন ট্ৰেন্সফাৰ, চেক বেলেঞ্চ, বিল পৰিশোধ, বা এটিএমৰ পৰা নগদ ধন উলিওৱাৰ দৰে কামবোৰ সহজেই কৰিব পাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব