ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ পূৰ্বে নকৰিব এই ভুল, নহ’লে বিপদত পৰিব আপুনি!

ক্ৰেডিট কাৰ্ড বন্ধ কৰাটো সহজ যেন লাগিব পাৰে, কিন্তু এই পদক্ষেপে আপোনাৰ ক্ৰেডিট স্ক’ৰ আৰু বিত্তীয় স্বাস্থ্যত ক্ষতি কৰিব পাৰে। ইয়াক বন্ধ কৰাৰ পূৰ্বে কি কি কথা মনত ৰাখিব লাগে জানক।

ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ পূৰ্বে নকৰিব এই ভুল, নহলে বিপদত পৰিব আপুনি!

ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ পূৰ্বে নকৰিব এই ভুল

Published: 

11 Dec 2024 16:50 PM

ক্ৰেডিট কাৰ্ড বন্ধ কৰাটো এটা অতি সহজ পদক্ষেপ যেন লাগিলেও, ই আপোনাৰ ক্ৰেডিট স্ক’ৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। যদি আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব বিচাৰে, তেন্তে ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সকলো দিশ জনাটো গুৰুত্বপূৰ্ণ।

ক্ৰেডিট কাৰ্ড বন্ধ কৰিলে কেনেকৈ প্ৰভাৱ পৰে ক্ৰেডিট স্ক’ৰত?

Credit Utilisation Ratio

ক্ৰেডিট ব্যৱহাৰ অনুপাত হৈছে আপোনাৰ ব্যৱহৃত ক্ৰেডিট আৰু আপোনাৰ উপলব্ধ ক্ৰেডিটৰ অনুপাত। যেতিয়া আপুনি এখন ক্ৰেডিট কাৰ্ড বন্ধ কৰে তেতিয়া আপোনাৰ বৰ্তমানৰ ক্ৰেডিট হ্ৰাস পায়, যিয়ে আপোনাৰ ক্ৰেডিট ব্যৱহাৰৰ অনুপাত বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ক্ৰেডিট স্ক’ৰত নেতিবাচক প্ৰভাৱ পৰে।

ক্ৰেডিটৰ গড় আয়ুস

আপোনাৰ ক্ৰেডিট একাউণ্টৰ আয়ুসেও আপোনাৰ ক্ৰেডিট স্ক’ৰত প্ৰভাৱ পেলায়। যদি আপুনি পুৰণি ক্ৰেডিট কাৰ্ড বন্ধ কৰে, তেন্তে ই আপোনাৰ ক্ৰেডিটৰ হিষ্ট্ৰিত গড় আয়ুস হ্ৰাস কৰিব পাৰে, যাৰ ফলত ক্ৰেডিট স্ক’ৰ কম হ’ব পাৰে।

ক্ৰেডিট মিক্স

ক্ৰেডিট মিক্স হৈছে আপোনাৰ হাতত থকা বিভিন্ন ক্ৰেডিট একাউণ্টৰ মিশ্ৰণ। যেনে ক্ৰেডিট কাৰ্ড, ব্যক্তিগত ঋণ আদি। যদি আপুনি ক্ৰেডিট কাৰ্ড বন্ধ কৰে, তেন্তে ই আপোনাৰ ক্ৰেডিট মিক্স হ্ৰাস হ’ব পাৰে, যিয়ে আপোনাৰ স্ক’ৰত প্ৰভাৱ পেলাই।

ক্ৰেডিট কাৰ্ড কেতিয়া বন্ধ কৰিব?

ক্ৰেডিট কাৰ্ড বন্ধ কৰাটো ভাবি-চিন্তি লোৱা সিদ্ধান্ত হ’ব লাগে। এই স্থিতিত ক্ৰেডিট কাৰ্ড বন্ধ কৰাটো উপকাৰী:

  • যদি আপোনাৰ বহুত কাৰ্ড আছে আৰু সেইবোৰ পৰিচালনা কৰাত অসুবিধা পাইছে তেতিয়া।
  • যদি কাৰ্ডৰ বাৰ্ষিক মাচুল বা সুতৰ হাৰ বেছি হয় আৰু ই আপোনাক আৰ্থিকভাৱে লোকচান কৰে।
  • যদি ক্ৰেডিট কাৰ্ডে আপোনাক অধিক খৰচ কৰিবলৈ আগ্ৰহি কৰাই তেন্তে ইয়াক বন্ধ কৰাটো সঠিক হ’ব পাৰে।

ক্ৰেডিট কাৰ্ড কেনেকৈ ক্ষতি নোহোৱাকৈ বন্ধ কৰিব পাৰি?

  • নিশ্চিত কৰিব যে ক্ৰেডিট কাৰ্ড এখন বন্ধ কৰিলে আপোনাৰ ব্যৱহাৰৰ অনুপাত বৃদ্ধি নহয়। ক্ৰেডিটৰ সীমা বৃদ্ধি কৰিবলৈ বা আন কাৰ্ডত বকেয়া পৰিমাণ পৰিশোধ কৰিবলৈ চেষ্টা কৰক।
  • পুৰণি একাউণ্ট বন্ধ কৰাৰ পৰা বিৰত থাকক। নতুন একাউণ্টক অগ্ৰাধিকাৰ দিয়ক।
  • আপোনাৰ ৰিপোৰ্টৰ যিকোনো ভুল হ’লে শুধৰণি কৰক।
  • আপোনাৰ ক্ৰেডিট কাৰ্ড প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক আৰু বন্ধ কৰাৰ নিশ্চিতকৰণ লাভ কৰক।

 

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey