আধাৰ কাৰ্ডত সংযুক্ত হ’ব AI ! আপোনাৰ বাবে ভাল হ’ব নে বেয়া হ’ব?

UIDAI য়ে নতুন ‘আধাৰ ভিজন ২০৩২’ ৰ কাম আৰম্ভ কৰিছে। এই ফ্ৰেমৱৰ্কৰ লক্ষ্য হৈছে- কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তি সন্নিৱিষ্ট কৰি আধাৰ সেৱাৰ মান আৰু অধিক উন্নত কৰা।

আধাৰ কাৰ্ডত সংযুক্ত হ’ব AI ! আপোনাৰ বাবে ভাল হ’ব নে বেয়া হ’ব?
Updated On: 

05 Nov 2025 | 01:08 PM

কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে দেশৰ ডিজিটেল পৰিচয় পত্ৰ অর্থাৎ আধাৰ কাৰ্ড। ভাৰতীয় প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ এক নথিত কোৱা হৈছে যে, অক্টোবৰ মাহৰ শেষৰ দিনটোত তথা শুকুৰবাৰে UIDAI য়ে নতুন ‘আধাৰ ভিজন ২০৩২’ ৰ কাম আৰম্ভ কৰিছে। আচলতে এই আধাৰ ফ্ৰেমৱৰ্ক কি? এনে সিদ্ধান্ত কিয়? বৰ্তমানৰ তুলনাত প্ৰযুক্তিৰ পৰিৱৰ্তন বহু বেছি দ্ৰুতগতিত আগবাঢ়িছে। গতিকে আধাৰ কাৰ্ডক ভৱিষ্যতৰ বাবে সাজু কৰাৰ বাবে এই কৌশলগত আৰু প্ৰযুক্তিগত সহায়ৰ প্ৰয়োজন।

এফালে চাইবাৰ সুৰক্ষাৰ চিন্তা, আনফালে তথ্য সুৰক্ষাৰ নতুন আইন বা DPDP Act অনুসৰি আধাৰক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন। এই ফ্ৰেমৱৰ্কৰ লক্ষ্য হৈছে- কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তি সন্নিৱিষ্ট কৰি আধাৰ সেৱাৰ মান আৰু অধিক উন্নত কৰা।

আধাৰক লৈ বিতৰ্ক, কিয় এই পদক্ষেপ?

কিছুদিন পূৰ্বে বিহাৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰথমতে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে আধাৰক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আৰু সেই বাবেই বহু মানুহৰ নাম বাদ পৰাৰ আশংকা সৃষ্টি হৈছিল। পিছত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আধাৰক নথি-পত্ৰৰ তালিকাত সংযোজন কৰা হয়। এই ঘটনাই দেখুৱাইছে যে, আধাৰক কিমান শক্তিশালী কৰি সকলোৰে বাবে উপলব্ধ কৰা প্ৰয়োজন।

আপোনাৰ বাবে আধাৰ কিয় গুৰুত্বপূৰ্ণ?

১২ টা সংখ্যাৰ এই আধাৰ কাৰ্ড আজিৰ দিনত কেৱল এখন সাধাৰণ পৰিচয় পত্ৰ নহয়। বৰ্তমান ৰেচন কাৰ্ড পোৱাৰ পৰা আৰম্ভ কৰি মোবাইল চিম লোৱা, বেংকৰ ঋণ লোৱা বা আয়কৰ ৰিটাৰ্ণ দাখিল কৰালৈকে সকলো কামৰ বাবে প্ৰয়োজনীয় আধাৰ কাৰ্ড। ৰে’লৰ তৎকাল টিকট ক্ৰয়ৰ বাবেও আধাৰ-সংযুক্ত একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই পৰ্যন্ত আমাৰ দেশত ১৪.২৭ নিযুত লোকৰ হাতত আধাৰ কাৰ্ড আছে।

আধাৰ কেনেকৈ আপডেট কৰিব?

আধাৰ নামভৰ্তি বা আপডেটৰ বাবে UIDAIৰ ৱেবছাইটত গৈ অনলাইনত এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব। ৱেবছাইটৰ ‘এপইণ্টমেণ্ট বুকিং’ অংশলৈ গৈ আপডেট কৰাৰ বাবে আপোনাৰ সুবিধাজনক স্থান বাছি ল’ব লাগিব। আপুনিও এই প্ৰক্ৰিয়াৰ দ্বাৰা আধাৰ সেৱা কেন্দ্ৰত স্লট বুকিং কৰি আপোনাৰ নাম, ঠিকনা, মোবাইল নম্বৰ, আনকি বায়’মেট্ৰিক তথ্য সলনি কৰিব পাৰে।

ভিজন ২০৩২ৰ জৰিয়তে কেন্দ্ৰই আধাৰক দেশৰ ডিজিটেল অৰ্থনীতিৰ মূল ভেটি হিচাপে গঢ়ি তুলিব বিচাৰিছে। আগন্তুক দশকত এই ডিজিটেল পৰিচয় পত্ৰখন কিমান সুৰক্ষিত আৰু সাৰ্বজনীন হ’ব তাৰ ওপৰত লাখ লাখ মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব