Amazon LaysOff: কৰ্মচাৰী ‘চাটাই’ৰ বৃহৎ পদক্ষেপ আমাজনৰ, AIয়ে ল’লে নেকি ৩০ হাজাৰ কৰ্মচাৰীৰ স্থান!

কোম্পানীটোৰ চিইঅ’ এণ্ডি জেছিয়ে ইতিমধ্যে কোম্পানীটোৰ ভিতৰত বৃদ্ধি পোৱা আমোলাতন্ত্ৰ হ্ৰাস কৰাৰ কথা কৈছে। লক্ষণীয়ভাৱে চলিত বৰ্ষৰ জুন মাহত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত ভৱিষ্যতে আৰু অধিক চাকৰি হেৰুৱাব পাৰে বুলিও ইংগিত দিছিল।

Amazon LaysOff: কৰ্মচাৰী ‘চাটাই’ৰ বৃহৎ পদক্ষেপ আমাজনৰ, AIয়ে ল’লে নেকি ৩০ হাজাৰ কৰ্মচাৰীৰ স্থান!

আমাজন

Updated On: 

28 Oct 2025 | 11:52 AM

চাকৰি হেৰুৱাব আমাজনৰ প্ৰায় ৩০ হাজাৰ কৰ্মচাৰীয়ে। বিশ্বৰ অন্যতম বৃহৎ ই-কমাৰ্চ কোম্পানীটোৱে প্ৰায় ৩০ হাজাৰ কৰ্পৰেট কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ আগবাঢ়িছে। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি খৰচ কমোৱাৰ লগতে ভৱিষ্যতৰ কৌশল উন্নত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে কোম্পানীটোৱে। ক’ভিড-১৯ মহামাৰীৰ সময়ত আমাজনে বৃহৎ সংখ্যক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিছিল যদিও এতিয়া পৰিৱৰ্তিত পৰিস্থিতি সাপেক্ষে কোম্পানীটোৱে কৰ্মশক্তিৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়াস কৰিছে।

মহামাৰীৰ সময়ত নিযুক্তি

কোম্পানীটোৱে আনুষ্ঠানিকভাৱে উল্লেখ কৰিছে যে শেহতীয়া সময়ছোৱাত, বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া অনলাইন শ্বপিঙৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাইছিল, তেতিয়া অতিমাত্ৰা কৰ্মচাৰীৰ নিয়োগ গ্ৰহণ কৰা হৈছিল। সেই সময়ছোৱাত চাহিদা পূৰণৰ বাবে বৃহৎ পৰিসৰৰ নিযুক্তিৰ কাম হাতত লোৱা হৈছিল।

এতিয়া বজাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লগতে বহু খণ্ডৰ চাহিদা হ্ৰাস পোৱাৰ বাবে কোম্পানীটোৱে খৰচ পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে কৰ্মচাৰীৰ পৰিমাণ হ্ৰাস আৰু পৰিচালনাৰ ভাৰসাম্য ৰক্ষাৰ বাবে এই কঠিন সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পূৰ্বে ২০২২ চনৰ শেষৰ ফালে আমাজনে প্ৰায় ২৭ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

প্ৰতি ১০ জনৰ ভিতৰত এজনে হেৰুৱাব চাকৰি

বৃহৎ সংখ্যক গুদাম আৰু ডেলিভাৰী নেটৱৰ্কৰ কৰ্মচাৰীসহ আমাজনৰ বিশ্বজুৰি প্ৰায় ১৫.৫ লাখ কৰ্মচাৰী আছে। আনহাতে কাৰ্যালয়ত কোম্পানীৰ পৰিচালনা, প্ৰযুক্তি, পৰিকল্পনা আদি দিশত কাম কৰা প্ৰায় ৩ লাখ ৫০ হাজাৰ কৰ্পৰেট কৰ্মচাৰী আছে। এইদৰে এতিয়া ৩০ হাজাৰ কৰ্মচাৰীৰ বৰ্খাস্ত হ’লে কোম্পানীটোৰ প্ৰায় ১০% কৰ্পৰেট কৰ্মচাৰী হ্ৰাস পাব।

এই বিভাগসমূহ ক্ষতিগ্ৰস্ত হ’ব

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি এই পদক্ষেপে কোম্পানীটোৰ ভিতৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগক প্ৰভাৱিত কৰিব। ইয়াৰ ভিতৰত মানৱ সম্পদ (HR) বিভাগ, ডিভাইচ আৰু সেৱা (যেনে এলেক্সা আৰু অন্যান্য গেজেট নিৰ্মাণ কৰা দল) আৰু অপাৰেচন বিভাগ হ’ব অন্যতম।

প্ৰযুক্তিয়ে ল’ব নেকি স্থান?

কোম্পানীটোৰ চিইঅ’ এণ্ডি জেছিয়ে ইতিমধ্যে কোম্পানীটোৰ ভিতৰত বৃদ্ধি পোৱা আমোলাতন্ত্ৰ হ্ৰাস কৰাৰ কথা কৈছে। এইক্ষেত্ৰত মেনেজাৰৰ সংখ্যা হ্ৰাসো হৈছে অন্যতম। চিইঅ’ এণ্ডি জেছিৰ লক্ষ্য হৈছে কোম্পানীটোক অধিক প্ৰাণসঞ্চাৰী কৰি তোলা। লক্ষণীয়ভাৱে চলিত বৰ্ষৰ জুন মাহত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত ভৱিষ্যতে আৰু অধিক চাকৰি হেৰুৱাব পাৰে বুলিও ইংগিত দিছিল।

ইমাৰ্কেটাৰৰ বিশ্লেষক স্কাই কেনাভেছে আমাজনৰ এই কৰ্মচাৰী বৰ্খাস্তৰ পদক্ষেপক AIৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰে। তেওঁৰ মতে আমাজনৰ এই পদক্ষেপে কোম্পানীটোৱে যে এতিয়া AIৰ সহায়ত কৰ্পৰেট দলসমূহৰ ভিতৰত উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, তাৰেই স্পষ্ট প্ৰতিফলন ঘটাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব