AI Revolution: সপ্তাহত ৩ দিন কাম, ৪ দিন ছুটী ! কৃত্ৰিম বুদ্ধিমত্তাই আপোনাৰ কৰ্ম চাপ হ্ৰাস কৰিব পাৰিবনে?

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবেই আমাৰ কাম কৰাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি হ’ব নেকি? শেহতীয়াকৈ Zoom ৰ চিইঅ’ এৰিক ইউয়ানে দিয়া এটা মন্তব্যৰ পিছত এনে লাগে যেন হয়তো এনেকুৱা হ’ব।

AI Revolution: সপ্তাহত ৩ দিন কাম, ৪ দিন ছুটী ! কৃত্ৰিম বুদ্ধিমত্তাই আপোনাৰ কৰ্ম চাপ হ্ৰাস কৰিব পাৰিবনে?
Published: 

24 Sep 2025 14:05 PM

ইতিমধ্যে আমাৰ কামৰ ধৰণত কিছু পৰিৱৰ্তন হৈছে। ইয়াৰ অন্যতম কাৰণ হ’ল এআই বা কৃত্ৰিম বুদ্ধিমত্তা। কিন্তু ভৱিষ্যতে কি হ’ব? কৃত্ৰিম বুদ্ধিমত্তাৰ বাবেই আমাৰ কাম কৰাৰ ধৰণ সম্পূৰ্ণৰূপে সলনি হ’ব নেকি? শেহতীয়াকৈ Zoom ৰ চিইঅ’ এৰিক ইউয়ানে দিয়া এটা মন্তব্যৰ পিছত এনে লাগে যেন হয়তো এনেকুৱা হ’ব। তেওঁ কয় যে, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৰ্মক্ষেত্ৰ এনেকুৱা হৈ পৰিব যে, পাঁচদিনীয়া কৰ্ম সপ্তাহৰ প্ৰয়োজন নাথাকিব।

ইউয়ানে বিশ্বাস কৰে যে, এআইয়ে আমাৰ সকলোৰে জীৱন উন্নত কৰিব পাৰে। তেনে ক্ষেত্ৰত কোম্পানীসমূহে সহজেই তিনি-চাৰিদিনীয়া কৰ্ম সপ্তাহৰ প্ৰৱৰ্তন কৰিব পাৰে। ফলত কৰ্মচাৰীসকলে নিজৰ বাবে বহুত বেছি সময় পাব। Microsoft ৰ প্ৰতিষ্ঠাপক বিল গেটছও তেওঁৰ ধাৰণাটোৰ সৈতে একমত। ২০২৩ চনত তেওঁ কৈছিল, “যদি এনে এখন সমাজ সৃষ্টি হয় য’ত সপ্তাহত মাত্ৰ তিনিদিনহে কাম কৰিব লাগে, তেন্তে সেয়া হয়তো সঠিক।” আকৌ গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে সপ্তাহত চাৰিদিন কাম কৰাটো কোম্পানী আৰু কোম্পানীত কাম কৰাসকলৰ বাবে ভাল। কাৰণ ইয়াৰ দ্বাৰা কৰ্মচাৰীৰ উৎপাদনশীলতা বৃদ্ধি পায়।

অৱশ্যে সকলোৱে ইমান আশাবাদী নহয়। Nvidia ৰ চিইঅ’ জেনচেন হুয়াঙে সকীয়াই দিছে যে, কৰ্মদিন কম হ’লেও কামৰ বোজা কমি নাযায়। ইয়াৰ বিপৰীতে চাৰিদিনত পাঁচদিনীয়া কাম সম্পূৰ্ণ কৰাৰ হেঁপাহ বাঢ়িব পাৰে।

আনহাতে, এন্থ্ৰপিকৰ(Anthropic) চিইঅ’ ডাৰিঅ’ আমদেইৰ দৰে বিশেষজ্ঞসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে বহু চাকৰি নোহোৱা হৈ যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। অৱশ্যে আগন্তুক ৫-১০ বছৰত ‘সোণালী যুগ’ আহিব পাৰে বুলি ধাৰণা কৰিছে গুগল ডিপমাইণ্ডৰ চিইঅ’ ডেমিছ হাছাবিছে।

বিশ্বব্যাপী এই চৰ্চাই আমাৰ দেশৰ আই টি কৰ্মীসকলক কেনেদৰে প্ৰভাৱিত কৰিব? ভৱিষ্যতে সঁচাকৈয়ে কৰ্মৰ সময় কমি যাবনে, নে কৰ্মৰ চাপ বাঢ়িব? তাৰ উত্তৰ সময়তহে স্পষ্ট হ’ব।

মৃত ব্যক্তিৰ ফটো ঘৰৰ ক'ত ৰাখিব লাগে? বাস্তু মতে...
এই ৫ বিধ ফলে মজবুত কৰি ৰাখে যকৃত, নহয় ৰোগ...
জেনেটিক কিডনী ষ্টোনৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি?
ঋতু পৰিৱৰ্তনৰ সময়ত ভাইৰাছৰ সংক্ৰমণৰ বাছি থকাৰ উপায়...