একত্ৰিত হ’ল আম্বানী-আদানী! বৃহৎ চুক্তিত স্বাক্ষৰ, একেলগে বিক্ৰী কৰিব ইন্ধন…

ইন্ধনৰ লগত জড়িত এক ডাঙৰ চুক্তিত স্বাক্ষৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰ। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ ইন্ধনৰ বজাৰখন অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূল্য প্ৰায় ১৫০ বিলিয়ন ডলাৰ।

একত্ৰিত হল আম্বানী-আদানী! বৃহৎ চুক্তিত স্বাক্ষৰ, একেলগে বিক্ৰী কৰিব ইন্ধন...

আদানী-আম্বানী

Published: 

30 Jun 2025 | 01:03 PM

একেলগে ব্যৱসায় কৰিবলৈ আগবাঢ়িছে দেশৰ দুই বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানী। ইয়াৰ বাবে দুয়ো এনে এক চুক্তি কৰিছে যাৰ দ্বাৰা সাধাৰণ মানুহো উপকৃত হ’ব।  আদানীৰ কোম্পানী আদানী টোটেল গেছ লিমিটেড ( Adani Total Gas Ltd- ATGL) আৰু মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স বি পি মবিলিটি (Reliance BP Mobility)ৰ ব্ৰেণ্ড জিঅ’-বিপিয়ে চুক্তি স্বাক্ষৰ কৰিছে। দুয়োটা কোম্পানীয়ে একেলগে ইন্ধন বিক্ৰী বৃদ্ধি কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ ইন্ধনৰ বজাৰখন অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূল্য প্ৰায় ১৫০ বিলিয়ন ডলাৰ।

এই চুক্তি অনুসৰি, এতিয়াৰ পৰা আদানী টোটেলৰ কিছু পেট্ৰ’ল পাম্পত জিঅ’-বিপিৰ পেট্ৰ’ল আৰু ডিজেল উপলব্ধ হ’ব। একে সময়তে জিঅ’-বিপিৰ কিছুমান পেট্ৰ’ল পাম্পত সংস্থাপন কৰা হ’ব এটিজিএলৰ চিএনজি ষ্টেচন। এই সুবিধা কেৱল এ টি জি এলৰ নিৰ্দিষ্ট এলেকা (জি এ)তহে উপলব্ধ হ’ব।দুয়োৰে এই অংশীদাৰিত্বৰ পিছত গ্ৰাহকে কেৱল এটা কোম্পানীৰ পেট্ৰ’ল পাম্পতে পেট্ৰ’ল, ডিজেল আৰু চিএনজি লাভ কৰিব পাৰিব।

জিঅ’-বিপিৰ অধ্যক্ষ সৰ্থক বেহুৰিয়াই কয় যে জিঅ’-বিপিয়ে সদায় গ্ৰাহকৰ সুবিধা আগত ৰাখি কাম কৰে। এই অংশীদাৰিত্বই আমাক ইজনে সিজনৰ শক্তিৰ লাভ উঠোৱাত সহায় কৰিব আৰু ভাৰতক অধিক উন্নত সেৱা আগবঢ়াব। ইয়াৰ বিপৰীতে আদানী টোটেল গেছ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ পি মংলানীয়ে কয়, ‘আমাৰ লক্ষ্য আমাৰ পেট্ৰ’ল পাম্পত উন্নত মানৰ ইন্ধন যোগান ধৰা। এই অংশীদাৰিত্বই আমাক ইজনে সিজনৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰাত সহায় কৰিব আৰু গ্ৰাহকক উন্নত অভিজ্ঞতা প্ৰদান কৰিব।’

উল্লেখ্য যে, আদানী গ্ৰুপ আৰু ফ্ৰান্সৰ কোম্পানী টোটেল গেছৰ যৌথ উদ্যোগ আদানী টোটেল গেছ লিমিটেডে ঘৰুৱা, উদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক প্ৰাকৃতিক গেছ যোগান ধৰে। ইয়াৰ উপৰিও কোম্পানীটোৱে কম্প্ৰেছড বায়’গেছ আৰু ইভি চাৰ্জিং সেৱাও আগবঢ়ায়।

আনহাতে ব্ৰিটিছ পেট্ৰলিয়াম আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ যৌথ উদ্যোগ জিঅ’ বিপিয়ে দেশৰ বিভিন্ন প্ৰান্তত অৱস্থিত পেট্ৰ’ল পাম্পৰ পৰা পেট্ৰ’ল আৰু ডিজেল বিক্ৰী কৰি ইভি চাৰ্জিং সেৱা আগবঢ়ায়। গতিকে আম্বানী আৰু আদানী লগ হোৱাৰ পাছত ইন্ধনৰ সমস্যা কিছু কম হ’ব বুলি ক’ব পাৰি।

 

অন্য খবৰ পঢ়কঃ ইলন মাস্কক প্ৰত্যাহ্বান জনাবলৈ সাজু আম্বানী, মুকলি কৰিলে Jio AX6000 ৰাউটাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...