পাৰমাণৱিক শক্তি প্ৰকল্প নিৰ্মাণ কৰিব আদানী গ্ৰুপে! প্ৰধানমন্ত্ৰী মোদীৰ ইঙ্গিতৰ পিছতে কৰিলে ডাঙৰ ঘোষণা

যদি চৰকাৰে পাৰমাণৱিক শক্তিৰ বাবে পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ(PPP) মডেল প্ৰৱৰ্তন কৰে, তেতিয়া কোম্পানীটোৱে অংশগ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰিছে আদানী গ্ৰুপে। প্ৰধানমন্ত্ৰী মোদীৰ এক বিশেষ ঘোষণাৰ পিছতে আদানী গোটে এই খণ্ডত প্ৰৱেশৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

পাৰমাণৱিক শক্তি প্ৰকল্প নিৰ্মাণ কৰিব আদানী গ্ৰুপে! প্ৰধানমন্ত্ৰী মোদীৰ ইঙ্গিতৰ পিছতে কৰিলে ডাঙৰ ঘোষণা

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী

Updated On: 

29 Nov 2025 | 06:44 AM

দেশৰ পাৰমাণৱিক খণ্ডত শীঘ্ৰেই দেখা যাব পাৰে এক বৃহৎ পৰিৱৰ্তন। প্ৰথমবাৰৰ বাবে ভাৰতৰ পাৰমাণৱিক শক্তি খণ্ডত ব্যক্তিগত কোম্পানীৰ প্ৰৱেশৰ দ্বাৰ মুকলি হোৱাৰ সম্ভাৱনা প্ৰতিফলিত হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰে অতি সোনকালে দেশৰ কঠোৰ নিয়ন্ত্ৰিত পাৰমাণৱিক খণ্ড ব্যক্তিগত বিনিয়োগকাৰীৰ বাবে মুকলি কৰি ভাৰতৰ শক্তি সুৰক্ষা আৰু উৎপাদন ক্ষমতা শক্তিশালী কৰিব পাৰে ইংগিত প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে আদানী গোটে এই খণ্ডত প্ৰৱেশৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

গ্ৰহণ কৰা হ’ব পাৰে PPP মডেল

যদি চৰকাৰে পাৰমাণৱিক শক্তিৰ বাবে পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ(PPP) মডেল প্ৰৱৰ্তন কৰে, তেতিয়া কোম্পানীটোৱে অংশগ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰিছে আদানী গ্ৰুপে। কোম্পানীটোৱে লগতে কয় যে পাৰমাণৱিক প্ৰকল্পৰ সৈতে জড়িত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে স্পষ্টভাৱে নিৰ্ধাৰিত দায়বদ্ধতা আইন।

আদানী গ্ৰুপৰ মতে, দুৰ্ঘটনাৰ ক্ষেত্ৰত দায়িত্ব নিৰ্ধাৰণৰ বাবে যদিহে স্পষ্ট আইন গ্ৰহণ কৰা হয়, তেতিয়া ব্যক্তিগত কোম্পানীসমূহে এই খণ্ডত কাম কৰাত যথেষ্ট সহজ হৈ পৰিব। কোম্পানীটোৰ মতে EDFৰ দৰে বিদেশী কোম্পানীয়ে যদি ভাৰতত পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণ কৰিব পাৰে, তেতিয়াহ’লে ভাৰতীয় কোম্পানীসমূহেও একে কাম কৰিব পাৰে।

ভাৰত পাৰমাণৱিক শক্তিত স্বাৱলম্বী হ’ব

পাৰমাণৱিক খণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ প্ৰৱেশে ভাৰতৰ শক্তি কৌশলত এক নিৰ্ণায়ক পৰিৱৰ্তন আনিব পাৰে। নীতি আৰু দায়বদ্ধতাৰ নিয়ম স্পষ্ট হ’লে আদানী গ্ৰুপৰ দৰে কোম্পানীৰ অংশগ্ৰহণ নিশ্চিত হৈ পৰিব পাৰে। এইদৰে দেশত বৃহৎ পৰিসৰৰ পাৰমাণৱিক শক্তি উৎপাদন আৰু প্ৰযুক্তিগত স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক নতুন অধ্যায় মুকলি কৰিব পাৰে।

আদানী গ্ৰুপৰ মেগা প্লেন

ইফালে আদানী গ্ৰুপে নিজৰ বৃহৎ বিনিয়োগ কাৰ্যসূচী সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। আগন্তুক সময়ত কোম্পানীটোৱে ১.৫৭ লাখ কোটি টকাৰ ‘কেপিটেল এক্সপণ্ডিচাৰ’ (capex) কৰাৰ পৰিকল্পনা কৰিছে। এই মেগা প্লেনৰ বাবে ধন আগবঢ়াবলৈ কোম্পানীটোৱে প্ৰায় ৯০,০০০ কোটি টকা ঋণ সংগ্ৰহৰ বাবে সাজু হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...