হিণ্ডেনবাৰ্গ গোচৰত ক্লীন চিট লাভ আদানী গ্ৰুপৰ, শ্বেয়াৰ বজাৰত দেখুৱাব পাৰে ধামাকা

ছেবিৰ পৰা সকাহ পোৱাৰ পিছত শুকুৰবাৰে আদানী গ্ৰুপৰ শ্বেয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিয়ন্ত্ৰণকাৰী সংস্থাৰ এই ক্লিন চিটে আদানী গ্ৰুপক ব্যৱসায় শক্তিশালী কৰাত সহায় কৰিব আৰু বিনিয়োগকাৰীৰ আস্থা লাভ কৰিব।

হিণ্ডেনবাৰ্গ গোচৰত ক্লীন চিট লাভ আদানী গ্ৰুপৰ, শ্বেয়াৰ বজাৰত দেখুৱাব পাৰে ধামাকা

হিণ্ডেনবাৰ্গ গোচৰত ক্লীন চিট আদানীক

Published: 

18 Sep 2025 20:32 PM

হিণ্ডেনবাৰ্গ গোচৰত বৃহৎ ৰেহাই লাভ কৰিছে ভাৰতীয় উদ্যোগপতি গৌতম আদানীয়ে। ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে তদন্ত সমাপ্ত কৰি আদানী গ্ৰুপক ক্লিন চিট দিছে। নিয়ন্ত্ৰণকাৰী সংস্থাটোৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে আদানী গ্ৰুপ আৰু ইয়াৰ বিষয়াসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰমাণ দিব পৰাকৈ কোনো সুনিৰ্দিষ্ট তথ্য পোৱা নগ’ল।

ছেবিৰ আদেশ

২০২৫ চনৰ ১৮ ছেপ্টেম্বৰত জাৰি কৰা চূড়ান্ত আদেশত ছেবিয়ে গৌতম আদানী, তেওঁৰ ভাতৃ ৰাজেশ আদানী আৰু আদানী গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী আদানি প’ৰ্টছ, আদানি পাৱাৰ আৰু এডিকৰ্প এণ্টাৰপ্ৰাইজেছক দোষমুক্ত কৰে।

লগতে পঢ়ক: ভাৰত-আমেৰিকাৰ সম্পৰ্কত নতুন আশা, নৱেম্বৰৰ শেষলৈ আঁতৰিব পাৰে সংঘাতৰ কলীয়া ডাৱৰ

এই আদেশত ছেবিৰ পূৰ্ণকালীন সদস্য কমলেশ চন্দ্ৰ বাৰ্ষণীয়ে লিখিছে, “মই বিশ্বাস কৰোঁ যে জাননীসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱা নাই। গতিকে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰশ্নই উত্থাপন কৰা হোৱা নাই, আৰু সেয়েহে কোনো ধৰণৰ শাস্তিৰ কথা বিবেচনা কৰাৰ প্ৰয়োজন নাই।”

কি অভিযোগ আছিল?

২০২৩ চনৰ ২৪ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বৰ্ট চেলিং প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানি গ্ৰুপৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি এক প্ৰতিবেদন প্ৰকাশ কৰে। প্ৰতিবেদনত কোৱা হৈছিল যে:

  • আদানী গ্ৰুপে ষ্টক মেনিপুলেচনত লিপ্ত হৈছিল
  • হিচাপ-নিকাচৰ জালিয়াতি আৰু অনিয়ম লুকুৱাই ৰখা হৈছিল
  • অফশ্ব’ৰ টেক্স হেভেন আৰু শ্বেল কোম্পানী ব্যৱহাৰ কৰি ধন হস্তান্তৰ কৰা হৈছিল

হিণ্ডেনবাৰ্গে দাবী কৰিছিল যে আদানি গ্ৰুপৰ সৈতে জড়িত সত্তাসমূহে কৰ স্বৰ্গ হিচাপে পৰিগণিত দেশৰ জৰিয়তে নিজৰ কোম্পানীসমূহত ধন বিনিয়োগ কৰিছিল, যাৰ ফলত শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি পাইছিল।

ইয়াৰ পিছত কি হ’ব?

ছেবিৰ তদন্তৰ প্ৰতিবেদনৰ পিছতে আদানী গ্ৰুপে লাভ কৰিছে যথেষ্ট ৰেহাই। কিন্তু এই বিষয়টো বিগত দুবছৰ ধৰি ভাৰতীয় শ্বেয়াৰ বজাৰত আৰু বিনিয়োগকাৰীৰ মাজত অহৰহ চৰ্চা হৈ আহিছে। নিয়ন্ত্ৰক সংস্থাৰ এই ক্লীন চিটে আদানী গ্ৰুপক ব্যৱসায় আৰু বিনিয়োগকাৰীৰ আস্থা শক্তিশালী কৰাত সহায় কৰিব। শুকুৰবাৰে শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ শ্বেয়াৰত উত্থান হোৱাৰ সম্ভাৱনা আছে।

বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?