Adani Group Investment: ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানীয়ে, লাভান্বিত হ’ব এখন বিশেষ ৰাজ্য…

এক বা দুই কোটি নহয়, এইবাৰ একেলগে ৩০ হাজাৰ কোটিৰ বিনিয়োগ কৰিব আদানী গ্ৰুপে । আদানী গ্ৰুপৰ এই সিদ্ধান্তৰ লক্ষ্য হৈছে ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্ৰক সলনি কৰি নিয়োগ সৃষ্টি কৰা। পিছে আদানী গ্ৰুপৰ এই সিদ্ধান্তৰ দ্বাৰা কোনখন ৰাজ্য লাভান্বিত হ'ব জানেনে ?

Adani Group Investment: ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানীয়ে, লাভান্বিত হব এখন বিশেষ ৰাজ্য...

ফাইল ফটো

Published: 

24 Feb 2025 | 03:33 PM

বিনিয়োগৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদানী গ্ৰুপে । এক বা দুই কোটি নহয়, এইবাৰ একেলগে ৩০ হাজাৰ কোটিৰ বিনিয়োগ কৰিব আদানী গ্ৰুপে । আদানী গ্ৰুপৰ এই সিদ্ধান্তৰ লক্ষ্য হৈছে ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্ৰক সলনি কৰি নিয়োগ সৃষ্টি কৰা। পিছে আদানী গ্ৰুপৰ এই সিদ্ধান্তৰ দ্বাৰা কোনখন ৰাজ্য লাভান্বিত হ’ব জানেনে ?

গৌতম আদানীৰ লগতে কোম্পানীটো চলাই আছে তেওঁৰ দুই পুত্ৰ কৰণ আৰু জীতে। এইবাৰ এই বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছে কৰণ আদানীয়ে । কেৰালাত ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে কৰণ আদানীয়ে । আদানী প’ৰ্ট এণ্ড ছেজ লিমিটেডৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছে কৰণ আদানী । ইনভেষ্ট কেৰালা গ্ল’বেল ছামিটত এই বৃহৎ বিনিয়োগৰ লগতে বৃহৎ নিয়োগ সৃষ্টিৰ কথা ঘোষণা কৰে কৰণ আদানীয়ে ।

তথ্য় মতে, কেৰালাৰ ভিজিঞ্জাম বন্দৰৰ উন্নয়নৰ বাবে ২০ হাজাৰ কোটি টকা ব্যয় কৰিব আদানী গ্ৰুপে। ২০১৫ চনত আদানী গ্ৰুপে এই বন্দৰৰ দায়িত্ব লয়। আদানী নিগমে এই পৰ্যন্ত ৫০০০ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ সমান্তৰালভাৱে আন এক ২০ হাজাৰ কোটি টকা বিনিয়োগৰ কথাও ঘোষণা কৰিছে আদানী গ্ৰুপে।

আদনি গ্ৰুপে জনোৱা মতে, ত্ৰিবেন্দ্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰীৰ ক্ষমতা ১ কোটি ২০ লাখলৈ বৃদ্ধিৰ বাবে বিনিয়োগ কৰিব ৫৫০০ কোটি টকা। ইয়াৰ উপৰিও কোচিত এটা লজিষ্টিক আৰু ই-কমাৰ্চ হাব স্থাপন কৰাৰো চিন্তা-চৰ্চা কৰিছে আদানী গ্ৰুপে। একে সময়তে চিমেণ্টৰ উৎপাদন বৃদ্ধিৰ পৰিকল্পনাও কৰিছে আদানী গ্ৰুপে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...