AADHAAR Card: আধাৰ কাৰ্ডত ভুল হৈ আছে নেকি ঠিকনা? ঘৰতে বহি এনেকৈ কৰক ঠিক, জানক সকলো প্ৰক্ৰিয়া…
আজিৰ সময়ত আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। কিন্তু বহু সময়ত আধাৰ কাৰ্ডত নাম বা ঠিকনা ভুল হৈ থাকে। আপুনি যদি আধাৰ কাৰ্ডত থকা ঠিকনা সলনি কৰিব বিচাৰে তেন্তে অনলাইনত কৰিব পাৰে।

আধাৰ কাৰ্ড
আজিকালি প্ৰায়ভাগ ক্ষেত্ৰতে আধাৰ কাৰ্ড প্ৰয়োজনীয় হৈ পৰিছে। চৰকাৰী আঁচনিৰ সেৱা গ্ৰহণৰ পৰা আৰম্ভ কৰি বেংকৰ কাম, বিদ্যালয়-মহাবিদ্য়ালয়ত নামভৰ্তিলৈ, সকলোৰে বাবে এক প্ৰয়োজনীয় নথি আধাৰ কাৰ্ড। এই আধাৰ কাৰ্ড গুৰুত্বপূৰ্ণ নথি বুলি ধৰা হয়। বিগত সময়চোৱাত আধাৰ কাৰ্ড সন্দৰ্ভত অসম চৰকাৰেও বহু পদক্ষেপ হাতত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ১৮ বছৰৰ ওপৰৰ কাকোৱে আধাৰ কাৰ্ড প্ৰদান কৰা নহয়।
শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলোৰে বাবে আধাৰকাৰ্ড প্ৰয়োজনীয়। কিন্তু আধাৰ কাৰ্ড থকাটোৱেই যথেষ্ট নহয়, তাত থকা সকলো তথ্য যেনে নাম, মোবাইল নম্বৰ, ঠিকনা ইত্যাদি শুদ্ধ হ’ব লাগিব। মাজে মাজে আধাৰ কাৰ্ড আপডেট কৰিবলও লাগে। বহু ক্ষেত্ৰত আধাৰ কাৰ্ডত নাম, ঠিকনা বা আন কোনো তথ্য় ভুলকৈ আহে। যদি আপুনিও আধাৰ কাৰ্ডত ঠিকনা সলনি কৰিব বিচাৰিছে তেন্ত ঘৰতে বহি এয়া কৰিব পাৰে। ইয়াৰ বাবে আপুনি কেইটামান প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব।
আধাৰ কাৰ্ডত ঠিকনা সলনি কৰিবলৈ এতিয়া আৰু আধাৰ কেন্দ্ৰলৈ যাব নালাগে। ঘৰতে বহি আপুনি এয়া সলনি কৰিব পাৰে। অনলাইনযোগে আপুনি আধাৰ কাৰ্ডৰ তথ্য সলনি কৰিব পাৰে। এই তথ্য আপুনি আধাৰৰ নিয়ন্ত্ৰক সংস্থা ভাৰতীয় একক চিনাক্তকৰণ প্ৰাধিকৰণ অৰ্থাৎ UIDAI ৱেবচাইটত আপডেট কৰিব লাগিব।
ইয়াৰ বাবে কি কি কৰিব লাগে, তলত সবিশেষ উল্লেখ কৰা হ’ল-
- প্ৰথমে আপুনি UIDAI ৱেবচাইটলৈ যাওক।
- uidai.gov.in ৰ অফিচিয়েল ৱেবছাইটত ক্লিক কৰক।
- তাৰ পাছত My Aadhaar শিতানত ক্লিক কৰক ।
- Update Your Aadhaar ত ক্লিক কৰক।
- এতিয়া আপোনাৰ আধাৰ নম্বৰ দিয়ক।
- ফোনত অহা OTP লৈ লগ ইন কৰক।
- পাছৰ পৰ্যায়ত আপুনি ঠিকনা সলনি কৰাৰ অপশ্যনত ক্লিক কৰিব।
- এতিয়া নতুন বা শুদ্ধ ঠিকনাটো দিয়ক।
- নতুন ঠিকনাৰ প্ৰমাণ হিচাপে বিদ্যুতৰ বিল, ঘৰ ভাড়াৰ চুক্তি, বেংক ষ্টেটমেণ্ট জমা দিব লাগিব।
- তাৰ পাছত চাবমিট কৰক।
কি কি নথি-পত্ৰ লাগিব
- নতুন বিদ্যুতৰ বিল বা পানীৰ বিল
- সম্পত্তি কৰ ৰচিদ
- পাছপ’ৰ্ট
- বেংকৰ পাছবুক বা বিবৃতি
- ৰেচন কাৰ্ড
- ঘৰ ভাড়াৰ চুক্তি
- ড্ৰাইভিং লাইচেন্স
- ভোটাৰ আইডি কাৰ্ড। অৱশ্যে ইয়াৰ সকলো নথি নালাগে। ইয়াৰ ভিতৰত কিছুমান নথি হ’লেই হৈ যাব।
উল্লেখ কৰা প্ৰয়োজন যে, ঠিকনা সলনিৰ বাবে আবেদন দাখিল কৰাৰ পিছত ইউআইডিএআইয়ে সকলো তথ্য পৰীক্ষা কৰিব। ইয়াৰ বাবে প্ৰায় ৭ৰ পৰা ১০ দিনৰ প্ৰয়োজন হয়। তথ্য পৰীক্ষা কৰাৰ পিছত নতুন ঠিকনা আপডেট কৰা হ’ব। পাছত আপুনি ই-আধাৰ ডাউনলোড কৰিব পাৰিব।
অন্য খবৰ পঢ়কঃ আমেৰিকাই বিচাৰে মিত্ৰতা! ভাৰতৰ স্থিতি দেখি হতবাক ট্ৰাম্প, দিছে আলোচনাৰ ইংগিত…