এই কাম নকৰিলে হ’ব পাৰে সৰ্বস্বান্ত ! আধাৰৰ বায়মেট্ৰিক লক কেনেকৈ কৰিব?

বেংক একাউণ্ট খুলিবলৈ, যিকোনো সেৱা লাভ কৰিবলৈ, মোবাইল চিম ক্ৰয় কৰিবলৈ, চৰকাৰী সেৱা লাভ কৰিবলৈ বা যিকোনো ক্ষেত্ৰতে পৰিচয় পৰীক্ষণৰ বাবে আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। আৰু এই নথিখনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে তথ্যৰ অপব্যৱহাৰ আৰু জালিয়াতিৰ আশংকাও বাঢ়িছে।

এই কাম নকৰিলে হব পাৰে সৰ্বস্বান্ত ! আধাৰৰ বায়মেট্ৰিক লক কেনেকৈ কৰিব?
Published: 

21 Jan 2026 | 01:35 PM

যিকোনো ভাৰতীয়ৰ বাবে KYC কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ নথি হ’ল আধাৰ কাৰ্ড। যদিহে আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক থাকে, তেন্তে KYC অনলাইনতো কৰিব পাৰিব। বেংক একাউণ্ট খুলিবলৈ, যিকোনো সেৱা লাভ কৰিবলৈ, মোবাইল চিম ক্ৰয় কৰিবলৈ, চৰকাৰী সেৱা লাভ কৰিবলৈ বা যিকোনো ক্ষেত্ৰতে পৰিচয় পৰীক্ষণৰ বাবে আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। আৰু এই নথিখনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে তথ্যৰ অপব্যৱহাৰ আৰু জালিয়াতিৰ আশংকাও বাঢ়িছে। আৰু সেই বিপদ হ্ৰাস কৰিবলৈ UIDAI য়ে এতিয়া আধাৰৰ বায়’মেট্ৰিক লক আৰু আনলক  সুবিধা প্ৰৱৰ্তন কৰিছে।

বায়’মেট্ৰিক লক কি আৰু ই কিয় গুৰুত্বপূৰ্ণ?

বায়’মেট্ৰিক লকৰ জৰিয়তে আধাৰ কাৰ্ড ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ আঙুলিৰ ছাপ আৰু আইৰিছৰ তথ্য ব্যৱহাৰ কৰাত বাধা দিব পাৰে। আৰু ফলত পৰিচয় চুৰি, ভুৱা কে ৱাই চি বা ফিংগাৰপ্ৰিণ্ট জালিয়াতিৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়। কাৰণ লক কৰিলে কোনেও আনলক নকৰাকৈ বায়’মেট্ৰিক্স ভেৰিফাই কৰিব নোৱাৰে।

যদি বায়মেট্ৰিক্স লক কৰা হয়, তেন্তে পৰিচয় পৰীক্ষণ বা কে ৱাই চিৰ দৰে বায়মেট্ৰিক প্ৰমাণীকৰণৰ ওপৰত নিৰ্ভৰশীল প্ৰক্ৰিয়াসমূহ সাময়িকভাৱে বন্ধ কৰা হয়। অৱশ্যে আধাৰ নম্বৰ আৰু অন্যান্য সেৱা সক্ৰিয় হৈ থাকে।

বায়’মেট্ৰিক কেনেকৈ লক কৰিব?

প্ৰথমে UIDAI ৰ পৰ্টেলত গৈ আধাৰ নম্বৰ দিয়ক। তেতিয়া আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এটা OTP আহিব। ইয়াক পৰীক্ষা কৰক। এবাৰ পৰীক্ষণ সম্পূৰ্ণ হ’লে বায়’মেট্ৰিক প্ৰমাণীকৰণ লক কৰা হ’ব। আৰু এই কামৰ কোনো মাচুল দিব নালাগে। অৱশ্যে আধাৰ এপটো থাকিলে এপটো ব্যৱহাৰ কৰি সহজেই আধাৰ বায়’মেট্ৰিক্স লক বা আনলক কৰিব পাৰিব।

কেনেকৈ আনলক কৰিব?

যিকোনো কামৰ বাবে বায়’মেট্ৰিক পৰীক্ষণৰ প্ৰয়োজন হ’লে একেটা পৰ্টেলৰ পৰাই অ’টিপি পৰীক্ষণৰ জৰিয়তে আধাৰ সহজে আনলক কৰিব পৰা যায়। ব্যৱহাৰকাৰীয়ে নিজৰ প্ৰয়োজন অনুসৰি যিমানবাৰ বিচাৰে সিমানবাৰ লক আৰু আনলক কৰিব পাৰে।

ডিজিটেল যুগত আধাৰ ভিত্তিক সেৱা বৃদ্ধিৰ লগে লগে নিৰাপত্তাৰ গুৰুত্বও বৃদ্ধি পাইছে। বায়মেট্ৰিক লক আৰু আনলকৰ সুবিধাই আধাৰধাৰীসকলক তেওঁলোকৰ তথ্যৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰে। এই বৈশিষ্ট্য সচেতনভাৱে ব্যৱহাৰ কৰিলে ডাটা সুৰক্ষা বহুত শক্তিশালী হ’ব।

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...